ETV Bharat / international

যুদ্ধৰ বিভীষিকাৰ পাচত আমেৰিকা আৰু তালিবানৰ মাজত স্বাক্ষৰিত হ'ল শান্তি চুক্তি - আমেৰিকা আৰু তালিবান শান্তি চুক্তি

কাৰ্টাৰৰ ৰাজধানী দোহাত স্বাক্ষৰিত হোৱা আমেৰিকা-তালিবান শান্তি চুক্তিৰ জৰিয়তে সুদীৰ্ঘ 18 বছৰ ধৰি অমীমাংসিত হৈ থকা আফগানিস্তান যুদ্ধৰ পৰিসমাপ্তি ঘটিব বুলি আশা কৰা হৈছে ৷

US Taliban peace deal
আমেৰিকা আৰু তালিবানৰ মাজত স্বাক্ষৰিত হ'ল শান্তি চুক্তি
author img

By

Published : Feb 29, 2020, 9:50 PM IST

নিউজ ডেক্স, 29 ফেব্ৰুৱাৰীঃ সুদীৰ্ঘ 18 বছৰ ধৰি চলি থকা যুদ্ধৰ অন্তত অৱশেষত শনিবাৰে আমেৰিকা আৰু তালিবানৰ মাজত স্বাক্ষৰিত হ'ল বহু প্ৰতীক্ষিত শান্তি চুক্তি ৷ কাৰ্টাৰৰ ৰাজধানী দোহাত স্বাক্ষৰিত হোৱা এই চুক্তিৰ জৰিয়তে সুদীৰ্ঘ কাল ধৰি অমীমাংসিত হৈ থকা আফগানিস্তান যুদ্ধৰ পৰিসমাপ্তি ঘটিব বুলি আশা কৰা হৈছে ৷

আমেৰিকা আৰু তালিবানৰ মাজত স্বাক্ষৰিত হ'ল শান্তি চুক্তি

উল্লেখ্য যে,14 মাহৰ ভিতৰত আফগানিস্তানত থকা মাৰ্কিন সেনা বাহিনী প্ৰত্যাহাৰ কৰা হ'ব বুলি উল্লেখ কৰা হৈছে এই শান্তি চুক্তিত ৷ প্ৰথম অৱস্থাত 135 দিনৰ ভিতৰত দেশ খনৰ পৰা 8600 গৰাকীলৈ মাৰ্কিন সেনা হ্ৰাস কৰা হ'ব বুলিও স্বাক্ষৰিত চুক্তিত উল্লেখ আছে ৷

চুক্তি স্বাক্ষৰিত কৰি আমেৰিকাৰ সচিব মিচেল পম্পে কয় যে,আমেৰিকাই তালিবান সমস্যাটো সমাধান কৰিবলৈ বহু দিনৰ পৰাই চেষ্টা চলাই আহিছে ৷ লগতে তেওঁ কয় যে,আল-কায়দাকে ধৰি আন আন সন্ত্ৰাসবাদী গোটৰ সৈতে থকা সকলো ধৰণৰ সম্পৰ্ক ছেদ কৰি স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে তালিবান সকলে আগ্ৰহ দেখুওৱাৰ পাচতেই আমেৰিকাৰ সৈতে এই শান্তি চুক্তি সম্ভৱ হৈ উঠিল ৷ এই শান্তি চুক্তিৰ ফলত আফগানিস্তান পুনৰ কেতিয়াও অশান্ত নহ'ব বুলিও মন্তব্য কৰে মাৰ্কিন সচিব মিচেল পম্পে ৷

লগতে পঢ়ক, তালিবান-আমেৰিকা শান্তি চুক্তি : আফগানিস্তানত উপস্থিত ভাৰতৰ বৈদেশিক সচিব হৰ্ষবৰ্ধন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.