ETV Bharat / international

টকিঅ' অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত অংশ ল'ব জিল বাইডেনে - সংযুক্ত ৰাষ্ট্ৰৰ প্ৰথম মহিলা জিল বাইডেন

23 জুলাইত টকিঅ'ত অনুষ্ঠিত হ'বলগীয়া গ্ৰীষ্মকালীন অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম মহিলা জিল বাইডেনে ৷ 2012 চনৰ পাচত প্ৰথমবাৰৰ সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ পত্নীয়ে ৰাষ্ট্ৰখনৰ প্ৰতিনিধি দলটোক অলিম্পিকলৈ নেতৃত্ব দিব ৷

US first lady Jill Biden to attend Tokyo Olympics opening ceremony

author img

By

Published : Jul 14, 2021, 9:42 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 14জুলাই: টকিঅ' অলিম্পিক(Tokyo Olympic)ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব সংযুক্ত ৰাষ্ট্ৰৰ প্ৰথম মহিলা জিল বাইডেন(United States first lady Jill Biden)এ ৷ 23 জুলাইত অনুষ্ঠিত হ'বলগীয়া উদ্বোধনী অনুষ্ঠানত জিল বাইডেনে আমেৰিকান প্ৰতিনিধি দলটোক নেতৃত্ব দিব ৷ মঙলবাৰে হোৱাইট হাউছ(White House)এ এই কথা ঘোষণা কৰে ৷ 2012 চনৰ পাচত প্ৰথমবাৰৰ বাবে সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ পত্নীয়ে এনে এটা অনুষ্ঠানলৈ নেতৃত্ব দিব ৷

বিগত সপ্তাহত হোৱাইট হাউছৰ এগৰাকী মুখপাত্ৰই সদৰী কৰা মতে, ক'ভিড অতিমাৰীৰ মাজতে অনুষ্ঠিত হ'বলগীয়া এই গ্ল'বেল ক্ৰীড়া প্ৰতিযোগিতাত ৰাষ্ট্ৰপতি জ' বাইডেনৰ অংশগ্ৰহণক লৈ যুক্তৰাষ্ট্ৰ চৰকাৰে সম্প্ৰতি সকলো দিশ মূল্যায়ন কৰি আছে ৷ শেহতীয়াকৈ টকিঅ' 2020 অলিম্পিক ভিলেজ(টকিঅ' 2020 অলিম্পিক ভিলেজ)এ মঙলবাৰে আনুষ্ঠানিকভাৱে দুৱাৰ মুকলি কৰে ৷ ইয়াৰ লগে লগে টকিঅ' 2020 অলিম্পিক ভিলেজে বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈসকলক স্বাগতম জনোৱা আৰম্ভ কৰিছে ৷

উল্লেখ্য যে, 23 জুলাইৰ পৰা 8 আগষ্টলৈ অলিম্পিক অনুষ্ঠিত হ'ব ৷ 205 খন ৰাষ্ট্ৰীয় অলিম্পিক সমিতি( National Olympic Committees) আৰু আইঅ'চি শৰণাৰ্থী অলিম্পিক দল(IOC Refugee Olympic Team) 11,000 ৰো অধিক খেলুৱৈয়ে এই খেলত অংশগ্ৰহণ কৰিব ৷ ইয়াৰে অধিকসংখ্যক খেলুৱৈয়ে টকিঅ'ৰ মনোৰম হাৰুমি ৱাটাৰফ্ৰণ্ট জিলাত অৱস্থিত অলিম্পিক ভিলেজত থাকিব ৷

লগতে পঢ়ক: আফগানিস্তানৰ পুনৰ নিৰ্মাণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দায়িত্ব নহয়: জ' বাইডেন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.