ETV Bharat / international

মালয়েছিয়াৰ বৃহৎ খেজুৰ তেলৰ কোম্পানীক নিষিদ্ধ ঘোষণা আমেৰিকাৰ - সহযোগী

মালয়েছিয়াৰ চিমি ডাৰবিৰ বাৰহেড আৰু কেইবাটাও সহযোগী কোম্পানীক নিষিদ্ধ ঘোষণা কৰে আমেৰিকাই । শ্ৰমিকক বলপূৰ্বক ব্য়ৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ মালয়েছিয়াৰ কোম্পানীৰ বিৰুদ্ধে ।

খেজুৰ তেলৰ কোম্পানীক নিষিদ্ধ ঘোষণা আমেৰিকাৰ

author img

By

Published : Dec 31, 2020, 3:07 PM IST

ইন্টাৰনেশ্য়নেল ডেস্ক , ৩১ ডিচেম্বৰ : আমেৰিকাই নিষিদ্ধ ঘোষণা কৰিলে এটা বৃহৎ খেজুৰ তেলৰ কোম্পানীক । শ্ৰমিকক বলপূৰ্বক ব্য়ৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ মালয়েছিয়াৰ কোম্পানীটোৰ বিৰুদ্ধে । মালয়েছিয়াৰ চিমি ডাৰবিৰ বাৰহেড আৰু কেইবাটাও সহযোগী কোম্পানীক নিষিদ্ধ ঘোষণা কৰে । আমেৰিকাৰ বহু বিখ্য়াত খাদ্য় সামগ্ৰী আৰু প্ৰসাধন সামগ্ৰীৰ কোম্পানীলৈ সৰবৰাহৰ ক্ষেত্ৰত শ্ৰমিকক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে কোম্পানীটোৰ বিৰুদ্ধে ।

আমেৰিকাৰ সীমা শুল্ক বিভাগ আৰু সীমা সুৰক্ষা কাৰ্যালয়ৰ অনুসন্ধানৰ পিছতে এই তথ্য় পোহৰলৈ আহিছে । অনুসন্ধানত শ্ৰমিকক শাৰীৰিক আৰু যৌন উৎপীড়ন চলোৱাৰো তথ্য় পোহৰলৈ আহিছে । সীমা শুল্ক বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে শ্ৰমিকক বলপূৰ্বক ব্য়ৱহাৰেৰে প্ৰস্তুত কৰা সামগ্ৰী কৰাটো এক দণ্ডণীয় অপৰাধ বুলি আমদানি কৰা সকলে জনা উচিত ।

যুক্তৰাষ্ট্ৰ চৰকাৰে প্ৰায় ৩ মাহ পূৰ্বে আন এটা খেজুৰ তেলৰ কোম্পানীক একে অপৰাধতে নিষিদ্ধ কৰিছিল । চিমি ডাৰবি আৰু সহযোগী বহুকেইটা কোম্পানীত কাম কৰা ১৩০ ৰো অধিক শ্ৰমিকক ইতিমধ্য়ে সোধাপোচা কৰা হৈছে ।

লগতে পঢ়ক : 61 শতাংশ মহিলাৰে গঠিত বাইডেনৰ হোৱাইট হাউছ প্ৰশাসন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.