ETV Bharat / international

চ্যুকীক তাৎক্ষণিকভাৱে মুকলি কৰি দিয়াৰ আহ্বান নিৰাপত্তা পৰিষদৰ

author img

By

Published : Feb 5, 2021, 9:48 AM IST

Updated : Feb 5, 2021, 11:26 AM IST

ম্যানমাৰৰ নেতা আং ছান চ্যুকীৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকলক আটক কৰাৰ পাচত ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদে বৃহস্পতিবাৰে তাৎক্ষণিকভাৱে মুকলি কৰি দিবলৈ আহ্বান জনায় ম্যানমাৰ সেনা বাহিনীক ।

চ্যুকীক তাৎক্ষণিকভাৱে মুকলি কৰি দিবলৈ আহ্বান

নিউজ ডেস্ক, ৫ ফেব্ৰুৱাৰী: ম্যানমাৰৰ নেতা আং ছান চ্যুকীক সেনা বাহিনীয়ে আটক কৰাৰ পাচত বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । বিশ্বৰ কেবাখনো দেশে চ্যুকীক মুকলি কৰি দিবলৈ প্ৰতিবাদ সাব্যস্ত কৰে । ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদে বৃহস্পতিবাৰে চ্যুকী,ৰাষ্ট্ৰপতি উইন মাইন্ট আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলক আটক কৰাত তাৎক্ষণিকভাৱে মুকলি কৰি দিবলৈ আহ্বান জনায় ম্যানমাৰ সেনা বাহিনীক ।

বৃহস্পতিবাৰে নিৰাপত্তা পৰিষদৰ ১৫ জনীয়া সদস্যৰ আটাইতকৈ শক্তিশালী সংগঠনে এক বিবৃতিযোগে চ্যুকীৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকলক আটক কৰাৰ পাচত ম্যানমাৰত সামৰিক বাহিনীয়ে এবছৰৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰাত গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু আটাই কেইগৰাকীকে তাৎক্ষণিকভাৱে মুকলি কৰি দিবলৈ আহ্বান জনায় পৰিষদে । লগতে সমাজ,সংবাদ কৰ্মীসকলৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা সন্দৰ্ভতো উদ্বেগ প্ৰকাশ কৰে ।

দক্ষিণ-পূৱ এছিয়াৰ ৰাষ্ট্ৰসংঘই যোৱা ১ ফেব্ৰুৱাৰীত সংগঠনটোৰ অধ্যক্ষই কৰা এক বিবৃতিক দৃঢ় সমৰ্থন জনায় পৰিষদে । নিৰাপত্তা পৰিষদৰ সদস্যসকলে ম্যানমাৰৰ সাৰ্বভৌমত্ব,ৰাজনৈতিক স্বাধীনতা,আঞ্চলিক অখণ্ডতা আৰু একতাৰ প্ৰতি তেওঁলোকৰ দৃঢ় প্ৰতিশ্ৰুতি ৰখাৰ ব্যক্ত কৰে ।

ইফালে চ্যুকীক আটক কৰাৰ পাচত ম্যানমাৰ সেনাই বুধবাৰে তেওঁৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰে । অবৈধভাৱে ১০ টাকৈ ৱাকি-টকি আমদানি কৰাৰ অভিযোগ চ্যুকীৰ বিৰুদ্ধে ম্যানমাৰ সেনাৰ । নিউইয়ৰ্ক টাইমছে এই অভিযোগৰ কথা প্ৰকাশ কৰে । উল্লেখ্য যে, ৱাকি-টকি হৈছে হাতেৰে ধৰিব পৰা এক পোৰ্টেবল,দু-পথীয়া ৰেডিঅ' ট্ৰোন্সমিটাৰ ।

ম্যানমাৰত যোৱা বছৰ নৱেম্বৰ মাহত অনুষ্ঠিত হৈ যোৱা অন্তিমটো নিৰ্বাচনত চ্যুকীৰ দলে সন্মিলিত উচ্চ সদনৰ ৪৭৬ খন আসনৰৰ ৩৯৬ আসন দখল কৰিবলৈ সক্ষম হৈছিল । সেনা বাহিনীয়ে অভিযোগ উত্থাপন কৰিছিল যে, নিৰ্বাচনৰ সময়ত ভোটৰ ব্যাপক জালিয়াতি হৈছিল আৰু তেওঁলোকে এই ফলাফল মানি নলয় । যদি সংবিধানে সঠিকভাৱে কাম কৰিব নোৱাৰে তেওঁলোকে সংবিধানো প্ৰত্যাহাৰ কৰাৰ ভাবুকি প্ৰদান কৰিছিল । কিন্তু দেশখনৰ নিৰ্বাচন আয়োগে তেওঁলোকৰ এই দাবী নস্যাৎ কৰিছিল । যোৱা পাঁচটা দশক ধৰি স্বৈৰাচাৰী শাসনৰ কৰা সেনা বাহিনীয়ে এই পৰাজয় মানি ল'বলৈ কুন্ঠাবোধ কৰিছিল । যাৰ বাবে হয়তো অস্ত্ৰৰ বলেৰে পুনৰ এবাৰ দেশখনৰ ক্ষমতা দখল কৰে । দেশখনৰ এই শেহতীয়া পৰিস্থিতিয়ে বিশ্ববাসীৰ দৃষ্টি হৰণ কৰিছে ।

লগতে পঢ়ক:ম্যানমাৰত ৰাজ্যিক প্ৰশাসন পৰিষদৰ ঘোষণা সামৰিক বাহিনীৰ

Last Updated : Feb 5, 2021, 11:26 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.