ETV Bharat / international

কৰ’ণা মহামাৰী অন্তৰ সপোন দেখিব পাৰে বিশ্বইঃৰাষ্ট্ৰসংঘৰ স্বাস্থ্য সচিব

author img

By

Published : Dec 5, 2020, 5:05 PM IST

বিশ্বত ক’ভিড 19 মহামাৰীৰ উত্থান আৰু ইয়াৰ ফলত মৃত্যু হোৱা লোকৰ বিষয়ে উল্লেখ কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ মহাপৰিচালক টেডৰচ আধানম ঘেব্ৰিয়েচাচে কোনো দেশৰ নাম উল্লেখ নকৰাকৈ কয়, "য’ত ষড়যন্ত্ৰমূলক তত্বৰ দ্বাৰা বিজ্ঞানক তললৈ নমোৱা হৈছিল, য’ত সংহতিক ভিন্নতাৰ দ্বাৰ ক্ষতিগ্ৰস্ত কৰা হৈছিল, য’ত ত্যাগক ব্যক্তিগত স্বাৰ্থৰ দ্বাৰা সলনি কৰা হৈছিল, এই ভাইৰাছে উন্নতি লাভ কৰিছিল আৰু চাৰিওদিশে বিয়পি পৰিছিল ৷"

UN health chief: World can start dreaming of pandemic's end
কৰ’ণা মহামাৰী অন্তৰ সপোন দেখিব পাৰে বিশ্বইঃৰাষ্ট্ৰসংঘৰ স্বাস্থ্য সচিব

ইন্টাৰনেশ্যনেল ডেস্ক,5 ডিচেম্বৰঃ কৰ’ণা মহামাৰীৰ অন্ত পৰাৰ সপোন দেখিব পাৰে বিশ্বই ৷ এই মন্তব্য ৰাষ্ট্ৰসংঘৰ স্বাস্থ্য সচিবৰ ৷ কৰ’ণা ভাইৰাছ ভেকচিনৰ ধনাত্মক পৰীক্ষণে এইটো সূচাইছে যে, বিশ্বই অতিশীঘ্ৰে এই মহামাৰীৰ পৰা পৰিত্ৰাণৰ সপোন দেখিব পাৰে ৷ কিন্তু এইক্ষেত্ৰত ধনী আৰু শক্তিশালী ৰাষ্ট্ৰসমূহে দৰিদ্ৰ দেশসমূহৰ ওপৰত অধিকাৰ সাব্যস্ত কৰা উচিত নহয় বুলি শুকুৰবাৰে মন্তব্য কৰে ৰাষ্ট্ৰসংঘৰ স্বাস্থ্য সচিবে ৷

বিশ্বত ক’ভিড 19 মহামাৰীৰ উত্থান আৰু ইয়াৰ ফলত মৃত্যু হোৱা লোকৰ বিষয়ে উল্লেখ কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ মহাপৰিচালক টেডৰচ আধানম ঘেব্ৰিয়েচাচে কোনো দেশৰ নাম উল্লেখ নকৰাকৈ কয়, "য’ত ষড়যন্ত্ৰসমূহক তত্বৰ দ্বাৰা বিজ্ঞানক তললৈ নমোৱা হৈছিল, য’ত সংহতিক বিভিন্নতাৰ দ্বাৰ ক্ষতিগ্ৰস্ত কৰা হৈছিল, য’ত ত্যাগক ব্যক্তিগত স্বাৰ্থৰ দ্বৰা সলনি কৰা হৈছিল, এই ভাইৰাছে উন্নতি লাভ কৰিছিল আৰু চাৰিওদিশে বিয়পি পৰিছিল ৷"

আনহাতে, ভেকচিন সন্দৰ্ভত টেডৰচে কয়, ‘সুৰংগটোৰ শেষত থকা পোহৰ লাহে লাহে উজ্বল হ’ব ধৰিছে ৷ কিন্তু এই ভেকচিন ব্যক্তিগত সামগ্ৰী হিচাপে ব্যৱহাৰ নকৰি বিশ্বৰ জনতাৰ বাবে সমানাভাৱে বিতৰণ কৰিব লাগিব ৷ যাতে কিছুসংখ্যক লোকে ইয়াক লাভ কৰাৰ বিপৰীতে অন্য একাংশই ইয়াৰ পৰা বঞ্চিত হ’বলগীয়া নহয় ৷’

তেখেতে আৰু কয়, ভেকচিন সংগ্ৰহ আৰু সৰৱৰাহৰ বাবে তাৎক্ষণিকভাৱে 4.3 বিলিয়ন ডলাৰৰ প্ৰয়োজন ৷ বাকী 23.9 বিলিয়ন ডলাৰ 2021ত প্ৰয়োজন হ’ব ৷ এই অংক বিশ্বৰ আটাইতকৈ ধনী ৰাষ্ট্ৰসমূহৰ 20 টা গোটৰ দ্বাৰা এই পৰ্যন্ত ঘোষণা কৰা 11 ত্ৰিলিয়ন stimulus packageৰ 1 শতাংশৰ আধাতকৈয়ো কম ৷

ইয়াৰ উপৰিও টেডৰচে কয়, বহু সাৱধানবাণী দিয়াৰ পিছতো বহু ৰাষ্ট্ৰই এই মহামাৰীৰ বাবে একেবাৰে প্ৰস্তুত নাছিল ৷ তেওঁলোকে এইটো বিশ্বাস কৰি চলিছিল যে, তেওঁলোকৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই এই ভাইৰাছ বিধৰ সৈতে সহজে মোকাবিলা কৰিবলৈ সক্ষম হ’ব ৷ ইয়াৰ মাজতো কেইবাখনো ৰাষ্ট্ৰই এই মহামাৰীৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত প্ৰসংশনীয় পদক্ষেপ গ্ৰহণ কৰিছে ৷

বিশ্বই প্ৰতিবছৰে প্ৰায় 7.5 ত্ৰিলিয়ন ডলাৰ অৰ্থাৎ বিশ্বৰ জি.ডি.পিৰ 10 শতাংশ কেৱল স্বাস্থ্যক্ষেত্ৰত বিনিয়োগ কৰে ৷ কিন্তু এই ধন স্বাস্থ্যৰ প্ৰচাৰ আৰু সুৰক্ষাত বিনিয়োগ কৰাৰ বিপৰীতে ধনী দেশসমূহত ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰা হয় ৷ যদি অনাগত দিনসমূহত বিশ্বই পুনৰ এনে এক মহামৰীৰ মুখামুখীৰ পৰা বিৰত থাকিব বিচাৰে তেন্তে প্ৰাথমিক সাৰ্বজনিক স্বাস্থ্যক্ষেত্ৰৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাটো যথেষ্ট প্ৰয়োজনীয় ৷

লগতে পঢ়ক-1.6 বিলিয়ন পালিৰে ভাৰত বিশ্বৰ ভিতৰত সৰ্বাধিক কৰ‘ণা ভেকচিন ক্ৰয় কৰা দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.