ETV Bharat / international

ট্ৰাম্পৰ ভাবুকিৰ পাছত বিশ্ব স্বাস্থ্য সংস্থাক সমৰ্থনৰ আহ্বান ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ

author img

By

Published : Apr 12, 2020, 4:29 PM IST

Updated : Apr 12, 2020, 4:46 PM IST

আমাৰ সকলোৰে বাবে এই ভাইৰাছবিধ অভূতপূৰ্ব , এই ভাইৰাছবিধক নিঃশেষ কৰিবলৈ আমিও অভূতপূৰ্ব প্ৰত্যুত্তৰ দিয়া উচিত ৷ কিন্তু কিছু ক্ষেত্ৰত এনে পৰিস্থিতিত একেটা কথাৰ বিভিন্ন অৰ্থ ওলাব পাৰে বুলি মন্তব্য কৰে মহাসচিব গৰাকীয়ে ৷

বিশ্ব স্বাস্থ্য সংস্থাক সমৰ্থনৰ আহ্বান ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ

নিউজ ডেস্ক, 12 এপ্ৰিলঃ মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে বিশ্ব স্বাস্থ্য সংস্থাক নিজৰ পুঁজিৰ আৰ্থিক সহায় বন্ধ কৰি দিয়াৰ ভাবুকি প্ৰদানৰ পাছতে বিশ্ব স্বাস্থ্য সংস্থাক সমৰ্থন জনাবলৈ আহ্বান জনাইছে ৰাষ্ট্ৰসংঘৰ মহাসচিব এন্ট'নিঅ' গুটেৰেচে ৷

"মই ভাবো COVID 19 ৰ স'তে চলি থকা যুঁজখনৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাক সমৰ্থন জনোৱাটো উচিত" বুলি বুধবাৰে "Xinhua" নিউজ এজেঞ্চিৰ আগত প্ৰকাশ কৰে এন্ট'নিঅ' গুটেৰেচে ৷ ইয়াৰোপৰি, আমাৰ সকলোৰে বাবে এই ভাইৰাছবিধ অভূতপূৰ্ব , এই ভাইৰাছবিধক নিঃশেষ কৰিবলৈ আমিও অভূতপূৰ্ব প্ৰত্যুত্তৰ দিয়া উচিত । কিন্তু কিছু ক্ষেত্ৰত এনে পৰিস্থিতিত একেটা কথাৰ বিভিন্ন অৰ্থ ওলাব পাৰে বুলি মন্তব্য কৰে মহাসচিব গৰাকীয়ে ৷

মঙলবাৰে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে COVID 19 ক লৈ বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিক্ৰিয়াক সমালোচনা কৰি আৰ্থিক সহায় বন্ধ কৰাৰ ভাবুকি দিয়ে ৷ লগতে বুধবাৰে পুনৰ ট্ৰাম্পে হোৱাইট হাউচক সম্বোধন কৰি COVID 19 ক লৈ বিশ্ব স্বাস্থ্য সংস্থাই সম্পূৰ্ণ ভূল ধাৰণা লোৱা বুলি দাবী কৰে ৷

উক্ত বিষয় সন্দৰ্ভত BBC ত প্ৰকাশ পোৱা অনুসৰি, ট্ৰাম্পে কয় যে, বিশ্ব স্বাস্থ্য সংস্থাই ক'ত অগ্ৰাধিকাৰ দিব লাগে সেইটো সঠিকভাৱে বুজিব লাগিব লগতে সংস্থাটোক আৰ্থিক সহায় প্ৰদান কৰা হব নে নাই সেই ক্ষেত্ৰত মাৰ্কিন যুক্তৰাষ্ট্ৰই এটা তদন্ত কৰিব বুলি তেওঁ কয় ৷ ট্ৰাম্পে সকলোকে সঠিকভাৱে চিকিৎসা প্ৰদান কৰাৰ নিৰ্দেশ প্ৰদান কৰাৰ লগতে পুনৰ বিশ্ব স্বাস্থ্য সংস্থাই চীনক অন্যায়ভাৱে সমৰ্থন জনোৱা বুলি মন্তব্য কৰে ৷

আনহাতে, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সচিব মাইক পম্পে বুধবাৰে কয় যে, আমি বিশ্ব স্বাস্থ্য সংস্থাক প্ৰদান কৰা আৰ্থিক সহায়ৰ পুনৰ মূল্যাংকন কৰি আছোঁ ৷

বুধবাৰৰ সকলো যুক্তি-তৰ্কৰ পাছত এন্ট'নিঅ' গুটেৰেচে সংকেত দিয়ে যে , COVID 19 ক নিঃশেষ কৰাৰ পাছতে মহামাৰীক লৈ বিশ্ব স্বাস্থ্য সংস্থাৰ দৃষ্টিকোণৰ ওপৰত পৰ্যবেক্ষণ কৰা হ'ব ৷ কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল, এই ভাইৰাছবিধে কম সময়ৰ ভিতৰত সম্পূৰ্ণ বিশ্বৰে ক্ষতিসাধন কৰিছে সেয়ে এই সময়ছোৱা সকলো একলগ হোৱাৰ সময়, সকলো আন্তৰ্জাতিক সংস্থাই ঐক্যবদ্ধ হৈ এই ভাইৰাছবিধৰ লগতে ইয়াৰ সংক্ৰমণক শেষ কৰা উচিত বুলি মন্তব্য কৰে এন্ট'নিঅ' গুটেৰেচে ৷

পোনপ্ৰথমৰ পৰাই সহস্ৰাধিক কৰ্মচাৰীৰ স'তে বিশ্ব স্বাস্থ্য সংস্থাই এই ভাইৰাছবিধৰ বিৰুদ্ধে সমুখৰ পৰা যুঁজ দি আহিছে বুলি মন্তব্য কৰে মহাসচিবগৰাকীয়ে ৷

আনহাতে "এই সময়ছোৱাত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে সমগ্ৰ বিশ্বক ঐক্যবদ্ধ হৈ থকাৰ উপদেশ প্ৰদান কৰাৰ বিপৰীতে এই ভাইৰাছবিধক লৈ ৰাজনীতি কৰা উচিত নহয় বুলি মন্তব্য কৰে বিশ্ব স্বাস্থ্য সংস্থাৰ মহানিৰ্দেশক Tedros Adhanom Ghebreyesus য়ে ৷

Last Updated : Apr 12, 2020, 4:46 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.