নিউজ ডেস্ক, ১৮ জানুৱাৰী: টুইটাৰৰ পৰা অস্থায়ীভাৱে নিলম্বিত জৰ্জিয়াৰ ৰিপাব্লিকান মাৰ্কিন কংগ্ৰেছওমেন মাৰ্জৌৰী টেইলৰ গ্ৰীণক । টুইটাৰত বৰ্ণবাদী চিন্তাধাৰা ব্যক্ত কৰাৰ লগতে ষড়যন্ত্ৰকাৰীৰ সিদ্ধান্তৰ সমৰ্থন জনোৱাৰ বাবে মাৰ্জৌৰীৰ ষ্পষ্টীকৰণ অবিহনে নিলম্বিত কৰে । দেওবাৰে মাৰ্জৌৰীয়ে এক স্থানীয় সংবাদ মাধ্যমৰ সাক্ষাৎকাৰৰ এটা সৰু দৃশ্য টুইটাৰত শ্বেয়াৰ কৰিছিল । য'ত জৰ্জিয়াৰ নিৰ্বাচনী বিষয়াক কটাক্ষ কৰি ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটিং মেচিন, বেলট পেপাৰৰ ব্যাপক জালিয়াতি হোৱাৰ দাবী জনাইছিল । মাৰ্জৌৰীৰ এনে বিতৰ্কিতমূলক মন্তব্যৰ পাচতে হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ আশংকা কৰি টুইটাৰ কৰ্তৃপক্ষই টুইটাৰৰ পৰা অস্থায়ীভাৱে নিলম্বিত কৰে মাৰ্জৌৰীৰ একাউন্ট ।
আমেৰিকাৰ কেপিটল হিলৰ হিংসাত্মক ঘটনাই আতংক সৃষ্টি কৰাৰ সময়তে এনেধৰণৰ মন্তব্য আগবঢ়ায় মাৰ্জৌৰীয়ে ।
উল্লেখ্য যে, নৱেম্বৰ মাহত জৰ্জিয়াৰ ১৪ খন জিলাৰ প্ৰতিনিধিত্ব আগবঢ়াবলৈ ৪৬ বছৰীয়া ব্যৱসায়ী মহিলাগৰাকীক ৰাজনৈতিক জগতত পোনপ্ৰথমবাৰৰ বাবে নিৰ্বাচিত কৰা হৈছিল । তাৰ পিছৰে পৰা মাৰ্জৌৰীয়ে সামাজিক মাধ্যমত সমালোচনামূলক মন্তব্যৰ লগতে ওচটনিমূলক মন্তব্য কৰি বিভিন্ন ধৰণৰ ভিডিঅ' শ্বেয়াৰ কৰি আহিছিল ।
জ' বাইডেনে ৰাষ্ট্ৰপতি পদত শপত গ্ৰহণ কৰাৰ পূৰ্বে বিতৰ্কিতমূলক মন্তব্য কৰি উত্তেজনাময় পৰিৱেশ সৃষ্টি নহ'বলৈ ১২ জানুৱাৰীলৈ ষড়যন্ত্ৰকাৰীৰ সিদ্ধান্তৰে জড়িত প্ৰায় ৭০,০০০ তকৈও অধিক টুইটাৰ একাউন্ট বন্ধ কৰে টুইটাৰ কৰ্তৃপক্ষই ।
লগতে পঢ়ক: সুশৃংখলাবদ্ধ ক্ষমতা হস্তান্তৰৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ : পেন্স