ETV Bharat / international

আমেৰিকাত 30 এপ্ৰিললৈ বৃদ্ধি ৰাষ্ট্ৰজোৰা সামাজিক দূৰত্ব নিৰ্দেশাৱলী

author img

By

Published : Mar 30, 2020, 4:53 PM IST

আমেৰিকাত বৃদ্ধি ৰাষ্ট্ৰজোৰা সামাজিক দূৰত্ব নিৰ্দেশাৱলী ৷ 30 এপ্ৰিললৈ বৃদ্ধিৰ সিদ্ধান্ত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ৷

Trump extends national social distancing guidelines to April 30
আমেৰিকাত 30 এপ্ৰিললৈ বৃদ্ধি ৰাষ্ট্ৰজোৰা সামাজিক দূৰত্ব নিৰ্দেশাৱলী

ইন্টাৰনেশ্যনেল ডেস্ক, 30 মাৰ্চ : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে শেহতীয়াকৈ ঘোষণা কৰিছে যে, কৰ'ণা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ ফলত ৰাষ্ট্ৰজোৰা সামাজিক দূৰত্ব নিৰ্দেশাৱলী 30 এপ্ৰিললৈ বৃদ্ধি কৰা হৈছে ৷

দেওবাৰে হোৱাইট হাউছত কৰ'ণা ভাইৰাছ টাস্ক ফৰ্ছ সম্পৰ্কীয় এক বৈঠকত তেওঁ কয়, কৰ'ণা ভাইৰাছৰ সংক্ৰমণ হ্ৰাস কৰিবৰ বাবে 30 এপ্ৰিললৈ নিৰ্দেশাৱলী জাৰি কৰা হৈছে ৷ মঙলবাৰে এই সম্পৰ্কত সকলো চূড়ান্ত কৰা হব ৷

ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, "অহা দুসপ্তাহত কোভিড-19 ত আক্ৰান্ত হৈ আমেৰিকাত মৃত্যু হ'বলগা লোকৰ সংখ্যা আৰু বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে ৷"

কিন্তু 1 জুনৰ ভিতৰত দেশখনে ইয়াৰ পৰা আৰোগ্য হৈ উঠিবলৈ সক্ষম হ'ব বুলিও ট্ৰাম্পৰ মন্তব্য ৷

টাস্ক ফৰ্ছ দলৰ এগৰাকী আগশাৰীৰ স্বাস্থ্য বিশেষজ্ঞ এন্ঠনী ফৌছীয়ে কয় যে, এই ৰোগৰ ফলত 1,00,000 ৰ পৰা 2,00,000 লোকে প্ৰাণ হেৰুওৱাৰ সম্ভাৱনা আছে ৷

National Institute of Allergy and Infectious Diseases ৰো সঞ্চালক ফৌছীয়ে কয় যে, প্ৰায় 1 মিলিয়ন লোক এই কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে ৷

"মই প্ৰদান কৰা এই পৰিসংখ্য়া এক নমুনাৰ ওপৰত ধাৰ্য কৰি দিয়া হৈছে ৷ কিন্তু, এনে নহ'বৰ বাবে আমি অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছো ৷"

আমেৰিকান নাগৰিকসকলক পৰিবহণৰ ক্ষেত্ৰত সতৰ্ক হোৱাৰ লগতে 10 জনতকৈ অধিক লোকৰ সমাগমৰ পৰা আঁতৰি থাকিবলৈ আৰু বয়োজ্যেষ্ঠ লোকক ঘৰত বাস কৰিবলৈ আহ্বান জনোৱা হৈছে ৷

ফোছিয়ে জানিবলৈ দিয়ে যে, তেওঁ আৰু টাস্ক ফৰ্ছৰ সমন্বয়ক দেবৰাহ বিৰ্ক্সে নিৰ্দেশাৱলীৰ সম্প্ৰসাৰণৰ আহ্বান জনাই আৰু ৰাষ্ট্ৰপতিয়ে ইয়াত সন্মতি প্ৰদান কৰে ৷

তেওঁ কয় যে, এনেধৰণে আৰু এক মাহৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰি থকাটো জ্ঞানী আৰু দূৰদৰ্শী সিদ্ধান্ত ৷

উল্লেখ্য় যে, জনছ হপকিনছ বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, আমেৰিকাত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্য়া 1,40,000 হোৱাৰ লগতে নিহত হৈছে 2,467 লোক ৷

আৰু পঢ়ক : কৰ'ণা ভাইৰাছ : স্বাস্থ্যকৰ্মীলৈ মন্ত্ৰণালয়ৰ SOP জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.