ETV Bharat / international

ট্ৰাম্প-বিডেনৰ তৰ্কযুদ্ধৰ অৰাজকতাৰ বাবে সলনি কৰা হ'ব আৰ্হি

author img

By

Published : Oct 1, 2020, 6:24 PM IST

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু ডেম'ক্ৰেটিক প্ৰাৰ্থী জ' বিডেনৰ তৰ্কযুদ্ধৰ হুলস্থুলীয়া পৰিৱেশৰ পাচত আমেৰিকান আলোচনা আয়োগে ইয়াৰ আৰ্হিৰ সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বৰ্তমানৰ ৰাষ্ট্ৰপতি আৰু প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি দুগৰাকীৰ মাজত ইয়াৰ পুনৰাবৃত্তি নঘটিবৰ বাবে তৰ্কযুদ্ধৰ আৰ্হিত কিছু সালসলনি ঘটোৱাৰ চিন্তা কৰা হৈছে ৷

Trump-Biden debate
ট্ৰাম্প-বিডেনৰ তৰ্কযুদ্ধ

ইন্টাৰনেশ্যনেল ডেস্ক, 1 অক্টোবৰ : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু ডেম'ক্ৰেটিক প্ৰাৰ্থী জ' বিডেনৰ তৰ্কযুদ্ধৰ হুলস্থুলীয়া পৰিৱেশৰ পাচত আমেৰিকান আলোচনা আয়োগে ইয়াৰ আৰ্হিৰ সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

বৰ্তমানৰ ৰাষ্ট্ৰপতি আৰু প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি দুগৰাকীৰ মাজত ইয়াৰ পুনৰাবৃত্তি নঘটিবৰ বাবে তৰ্কযুদ্ধৰ আৰ্হিত কিছু সালসলনি ঘটোৱাৰ চিন্তা কৰা হৈছে ৷

বুধবাৰে আয়োগে কয় যে, পৰৱৰ্তী তৰ্কযুদ্ধৰ বাবে আৰ্হিত কিছু সালসলনি ঘটাব লাগিব বুলি এই তৰ্কযুদ্ধৰ পৰা উমান কৰিব পাৰি ৷

সেই অনুসৰি, এগৰাকী প্ৰাৰ্থীয়ে নিজৰ মন্তব্য আগবঢ়াই থকাৰ সময়ত আনজন প্ৰাৰ্থীৰ মাইক্ৰ'ফোন মধ্যস্থতাকাৰী গৰাকীয়ে কৰ্তন কৰাৰ ক্ষমতা লাভ কৰাৰ সম্ভাৱনা আছে ৷

উল্লেখ্য যে,মিয়ামিত 15 অক্টোবৰৰ দিনা পৰৱৰ্তী ৰাষ্ট্ৰপতীয় তৰ্কযুদ্ধত অংশগ্ৰহণ কৰিব দুই ৰাষ্ট্ৰপতি প্ৰাৰ্থী ড'নাল্ড ট্ৰাম্প আৰু জ' বিডেনে ৷

16 টাকৈ নেটৱৰ্কত প্ৰদৰ্শন কৰা এই তৰ্কযুদ্ধ প্ৰায় 73.1 মিলিয়ন লোকে টেলিভিছনৰ জৰিয়তে উপভোগ কৰে ৷ ইয়াৰ পূৰ্বে 2016 চনৰ ট্ৰাম্প আৰু হিলাৰী ক্লিন্টনৰ ৰাষ্ট্ৰপতীয় তৰ্কযুদ্ধ উপভোগ কৰিছিল 84 মিলিয়ন লোকে ৷

মঙলবাৰে অনুষ্ঠিত তৰ্কযুদ্ধ নিয়ন্ত্ৰণলৈ আনিবলৈ অক্ষম হৈছিল মধ্যস্থতাকাৰী ক্ৰিছ ৱালাছ ৷ 90 মিনিটৰ তৰ্কযুদ্ধত দুয়োগৰাকী প্ৰাৰ্থীয়ে ৱালাছক 90 বাৰ বাধা প্ৰদান কৰিছিল ৷ ইয়াৰে 71 বাৰ ট্ৰাম্পে বাধা প্ৰদান কৰিছিল বুলি এক সমীক্ষাত উল্লেখ কৰে ৱাশ্বিংটন পোষ্টে ৷

ফক্স নিউজক প্ৰতিনিধিত্ব কৰা ৱালাছে বহুবাৰ ট্ৰাম্পক অনুৰোধ জনাই কৈছিল, "কোনো বাধা প্ৰদান নকৰাকৈ দুয়ো পক্ষৰ লোকক সমানে কথা কোৱাৰ অধিকাৰ দিলেহে দেশলৈ প্ৰকৃত সেৱা আগবঢ়োৱা হ'ব ৷ মই আপোনাক অনুৰোধ জনাইছো ছাৰ, অনুগ্ৰহ কৰি এয়া কৰক ৷"

ইয়াৰ পাচতে ৱালাছক উদ্দেশ্যি ট্ৰাম্পে কয়, "তেওঁকো (বিডেন) এই কথা কওঁক ৷"

ৱালাছে কয়, "স্পষ্টভাৱে ক'বলৈ হ'লে তেওঁতকৈ আপুনি অধিক বাধা প্ৰদান কৰিছে ৷"

বুধবাৰে বিডেনে এই তৰ্কযুদ্ধক "এক ৰাষ্ট্ৰীয় লজ্জানত কাণ্ড" বুলি অভিহিত কৰে ৷

ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰৰ প্ৰৱন্ধক টিম মুৰটাঘে কয় যে, আয়োগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো তেওঁলোকৰ প্ৰাৰ্থীজনে যোৱা নিশা কোনো মন্তব্য কৰিবলৈ অসমৰ্থ আছিল ৷ ৰাষ্ট্ৰপতি ট্ৰাম্প প্ৰভাৱশালী আছিল ৷

লগতে পঢ়ক : জম্মু-কাশ্মীৰত দুই ভাৰতীয় সেনা জোৱান শ্বহীদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.