ETV Bharat / international

উত্তৰ কেৰ'লিনাত বিধ্ৱংসী ধুমুহাত ৩ জনৰ মৃত্যু, ১০ জন আহত

author img

By

Published : Feb 16, 2021, 8:02 PM IST

উত্তৰ কেৰ'লিনাত ভয়ংকৰ ধুমুহাই প্ৰাণ কাঢ়ি নিলে ৩ জনকৈ লোকৰ । গুৰুতৰভাৱে আহত ১০ জন লোক । এতিয়াও সন্ধান ওলোৱা নাই বহু লোকৰ । উদ্ধাৰ অভিযান অব্যাহত আছে উত্তৰ কেৰ'লিনাত ।

উত্তৰ কেৰ'লিনাত বিধ্ৱংসী ধুমুহাত ৩ জনৰ মৃত্যু, ১০ জন আহত
উত্তৰ কেৰ'লিনাত বিধ্ৱংসী ধুমুহাত ৩ জনৰ মৃত্যু, ১০ জন আহত

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৬ ফেব্ৰুৱাৰী: বিধ্বংসী ধুমুহাই তচনচ কৰিলে উত্তৰ কেৰ'লিনাৰ ব্ৰুণস্বুইক কণ্টি । ভয়াৱহ ধুমুহাৰ ফলত মৃত্যু হ'ল ৩ জন লোকৰ আৰু গুৰুতৰভাৱে আহত হৈছে ১০ জন লোক । মঙলবাৰে পুৱতি নিশা ব্ৰুণস্বুইক কণ্টিৰ দক্ষিণপূৱ দিশত ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে ।

বহু ঘৰ ধ্বস্তূপত পৰিণত কৰাৰ লগতে বিদ্যুৎ পৰিবাহী লাইনৰো ক্ষতি সাধন হয় । বহু গছ-গছনিও উভালি পৰে । মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি ব্ৰুণস্বুইক কণ্টিৰ শ্বেৰিফ জন ইনগ্ৰামে কয় যে, মই এনেকুৱা ঘটনা ইয়াৰ পূৰ্বে কেতিয়াও দেখা নাই । বিস্তৰ ক্ষতিসাধন হৈছে । পূৰ্বৰ অৱস্থা ঘূৰাই আনিবলৈ দীৰ্ঘ সময়ৰ প্ৰয়োজন হ'ব । সন্ধানহীন লোকসকলক বিচাৰি এতিয়া উদ্ধাৰকাৰী দলে অভিযান অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰিছে জন ইনগ্ৰামে ।

লগতে ধুমুহাই ক্ষতিগ্ৰস্ত কৰা পথসমূহ মুকলি কৰাৰ বাবে বিভাগীয় কৰ্মচাৰীয়ে কাম কৰি আছে আৰু উক্ত পথেৰে যাতায়াত নকৰিবলৈ তেওঁ স্থানীয় লোকক আহ্বান জনাইছে । আনহাতে, ব্ৰুণস্বুইক কণ্টিৰ জৰুৰীকালীন ব্যৱস্থাপনাৰ বিষয়াই কয় যে, মানুহ ঘৰৰ ভিতৰতে আৱদ্ধ হৈ আছিল আৰু এতিয়া উদ্ধাৰ অভিযান অব্যাহত আছে ।

:চলিত বৰ্ষতে বজাৰলৈ আহিব ব্লেকবেৰীৰ নতুন স্মাৰ্টফোন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.