ETV Bharat / international

COVID-১৯ক লৈ বৃদ্ধ সকল অধিক সচেতন নহয় : তথ্য

author img

By

Published : Jun 4, 2020, 4:39 PM IST

COVID-১৯ত আটাইতকৈ বিপদাপন্ন হৈছে বৃদ্ধসকল । ইয়াৰ আঁৰত অধ্যয়নত পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য । COVID-১৯ ৰোগক লৈ অধিক সচেতেনতা অৱলম্বন নকাৰৰ বাবেই অধিক বিপদাপন্ন হৈছে বৃদ্ধ লোকসকল ।

Study suggests older men worry less about COVID-19, hence at greater risk

নিউজ ডেস্ক, 4 জুনঃ জৰ্জিয়া ৰাজ্যিক বিশ্ববিদ্যালয়ৰ এক গৱেষণাত পোহৰলৈ আহিছে এক চিন্তনীয় তথ্য । অন্যান্য় লোকৰ তুলনাত বৃদ্ধ লোকসকলৰ ক্ষেত্ৰত ধৰা পৰিছে COVID-১৯ক লৈ কম চিন্তা কৰাৰ কথা । যাৰ ফলত অধিক বিপদাপন্নৰ সন্মুখীন হৈছে বৃদ্ধ লোকসকল ।

বিশ্ববিদ্যালয়খনৰ জিৰন্টোলজি আৰু মনোবিজ্ঞান গৱেষক শাৰাহ বাৰ্বৰৰ অধ্য়নয়ত পোহৰলৈ আহিছে এই তথ্য। গৱেষকগৰাকীয়ে COVID-১৯ৰ উপলব্ধি তথা আচৰণৰ পৰিৱৰ্তন সমূহ মূল্যায়নৰ বাবে অনলাইন প্ৰশ্নপত্ৰ জাৰি কৰিছিল । এই অনলাইন সমীক্ষাৰ ফলাফল মুকলি কৰে দ্য জাৰ্নেল অফ জিৰন্টোলজিয়ে । এই সমীক্ষাত 146 গৰাকী যুৱ প্ৰাপ্তবয়স্ক (18-35 বয়স) আৰু 156 গৰাকী বৃদ্ধ বয়স্ক (65-81 বয়স) লোকে অংশগ্ৰহণ কৰিছিল । য'ত তেওঁলোকে মহামাৰীৰ গম্ভীৰতা সম্পৰ্কে উত্তৰ দিছিল ।

তেওঁলোকৰ মতে,মানুহে এই ৰোগক লৈ অধিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । লগতে অধ্য়য়নত এইটো মূল্যাংকণ কৰা হৈছে যে অংশগ্ৰহণকাৰীয়ে পৰিয়াল আৰু নিজৰ সংক্ৰমণৰ সম্ভাৱনাক লৈ কিছু পৰিমাণে চিন্তিত আছিল। অংশগ্ৰহণকাৰীয়ে নিজৰ জীৱন শৈলী,হাস্পতালৰ কাম-কাজ,অৰ্থনৈতিক মন্দা,চৰকাৰী বিজ্ঞপ্তিৰ বিষয়েও মন্তব্য কৰিছে এই সমীক্ষাত। প্ৰশ্নাৱলীত ব্যৱহাৰ পৰিৱৰ্তনকো অংকণ কৰা হৈছিল যিয়ে এই ৰোগৰ সংক্ৰমণৰ শংকা বহু পৰিমাণে ৰোধ কৰিবলৈ সক্ষম । যেনে-সঘনাই হাত ধোৱা,মাস্ক পৰিধান,সামাজিক দুৰত্ব,নিজকে যত্ন লোৱা,পৰিস্কাৰ-পৰিচ্ছন্ন ৰখা ইত্য়াদি ।

এই সমীক্ষাতেই পোহৰলৈ আহিছে চিন্তনীয় তথ্যটো । য'ত অন্যান্য লোকৰ তুলনাত বৃদ্ধ লোকসকল এই ৰোগক লৈ কম চিন্তিত পোৱা গৈছে । বহু কম সংখ্য়ক বৃদ্ধ লোকেহে মাস্ক পৰিধান,মুখমণ্ডল কম কৈ হাতেৰে চোৱা নিয়ম মানি চলিছিল । Centers for Disease Controlৰ মতে এইয়া এক চিন্তনীয় বিষয় । কাৰণ COVID-১৯ৰ মৃত্যুৰ হাৰ বয়স অনুপাতে ক্ষীপ্ৰতাৰে বৃদ্ধি পাইছে । মহিলাৰ তুলনাত পুৰুষৰ ক্ষেত্ৰত এই ৰোগৰ ভয়াৱহতা অধিক ।

গৱেষকৰ মতে, বৃদ্ধসকলে অন্যান্যৰ তুলনাত সাধাৰণতে কমকৈ চিন্তা কৰা পৰিলক্ষিত হৈছে । হয়তো তেওঁলোকৰ অভিজ্ঞতাৰ ভিত্তিত তেওঁলোকৰ মোকাবিলা কৰিবলৈ উন্নত ৰণনীতিৰ বাবেও হ'ব পাৰে বুলি কৈছে । লগতে বৃদ্ধ সকলক এই ভাইৰাছৰ বিষয়ে ভালকৈ শিক্ষিত কৰা যায় তেন্তে চিন্তিত নোহাৱাকৈও সুৰক্ষা ব্যৱস্থা অৱলম্বন কৰিব পৰা যায় বুলি উল্লেখ কৰা হৈছে ।

লগতে চাওকঃ বৰমা মহাবিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰত নাই কোনো ধৰণৰ সুব্যৱস্থা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.