ETV Bharat / international

সেৱা ব্যাহত হোৱাৰ বাবে সকলোকে ক্ষমা বিচাৰিলে মাৰ্ক জাকাৰবাৰ্গে - ফেচবুক

মঙলবাৰৰ পৰা পুনৰ আগৰ দৰে কাৰ্যক্ষম হ’ল ফেচবুক, হোৱাটচ এপ, ইনষ্টাগ্ৰাম, মেচেঞ্জাৰ ৷ সোমবাৰে হঠাৎ ফেচবুকৰ অধীনস্থ বিভিন্ন সেৱাসমূহ ব্যাহত হৈ পৰাৰ ফলত ব্যৱহাৰকাৰীসকলে সন্মুখীন হোৱা অসুবিধাৰ বাবে ক্ষমা বিচাৰে মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জাকাৰবৰ্গে ৷

Sorry for the disruption, says Zuckerberg as FB, WhatsApp services return online
সেৱা ব্যহত হোৱাৰ বাবে সকলোকে ক্ষমা বিচাৰিলে মাৰ্ক জাকাৰবাৰ্গে
author img

By

Published : Oct 5, 2021, 7:21 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 5 অক্টোবৰ : সোমবাৰে বিশ্বজুৰি হঠাৎ স্থৱিৰ হৈ পৰিছিল হোৱাটচ এপ, ফেচবুক, ইনষ্টাগ্ৰাম ৷ ব্যৱহাৰকাৰী সকলে সন্মুখীন হোৱা এই অসুবিধাৰ বাবে ক্ষমা বিচাৰিলে মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জাকাৰবাৰ্গে ৷ তেওঁ কয় যে, সেৱাসমূহ মঙলবাৰৰ পৰা পুনৰ কাৰ্যক্ষম হৈ পৰিব ৷ জাকাৰবাৰ্গে ফেচবুকযোগে এটা পোষ্টত লিখে "ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটচ এপ, আৰু মাচেঞ্জাৰ এতিয়া পুনৰ উভটি আহিছে"

তেওঁ লগতে লিখে "Sorry for the disruption today -- I know how much you rely on our services to stay connected with the people you care about," অৰ্থাৎ "আজিৰ অসুবিধাসমূহৰ বাবে ক্ষমা বিচাৰিছো ৷ মই জানো আপোনালোকে প্ৰিয় ব্যক্তিসকলৰ সৈতে সংযোগ স্থাপন কৰি ৰাখিবলৈ আমাৰ সেৱাসমূহৰ ওপৰত কিমান নিৰ্ভৰশীল ৷"

আনহাতে, হোৱাটচ এপে এই বিসংগতি সন্দৰ্ভত কয়, "Apologies to everyone who hasn't been able to use WhatsApp today. We're starting to slowly and carefully get WhatsApp working again. Thank you so much for your patience. We will continue to keep you updated when we have more information to share."

উল্লেখ্য যে, সোমবাৰে বিশ্বৰ বিভিন্ন প্ৰান্তত ফেচবুকৰ অধীনস্থ বিভিন্ন এপ যেনে- হোৱাটচ এপ, ইনষ্টাগ্ৰাম, মেচেঞ্জাৰ ব্যৱহাৰৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছিল ৷ ইয়াৰ আগতে, ইণ্টাৰনেটত বিভ্ৰাটৰ প্ৰতিবেদন নিৰীক্ষণ কৰা এটা ছাইট ‘ডাউনডিটেক্টৰে’ (Downdetector) কৈছিল যে ফেচবুক সেৱা বিভ্ৰাট হৈছে এতিয়ালৈকে দেখা আটাইতকৈ ডাঙৰ বিভ্ৰাট ।

প্ৰতিষ্ঠানটোৱে সোমবাৰে এক পোষ্টযোগে কয়, "সমগ্ৰ বিশ্বৰ পৰা 10.6 নিযুতৰো অধিক সমস্যাৰ প্ৰতিবেদনৰ সৈতে ডাউনডিটেক্টৰত আমি দেখা আটাইতকৈ ডাঙৰ বিভ্ৰাট ৷" প্ৰতিবেদন অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰত 1.7 নিযুততকৈ অধিক সেৱা ব্যাহত হয়, তাৰ পিছত জাৰ্মানীত 1.3 নিযুত আৰু নেডাৰলেণ্ডে 9,15,000 সেৱা ব্যাহত হৈ পৰিছিল ।

সমান্তৰালকৈ, Telegramএ টুইটযোগে কয়, ফেচবুক বিভ্ৰাটৰ বাবে কোনো কোনো ঠাইত টেলিগ্ৰামৰ মেচেঞ্জাৰ ব্যৱহাৰকাৰীসকলেও কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷ এই অসুবিধাৰ বাবে ব্যৱহাৰকাৰীসকলক ক্ষমা বিচাৰে কোম্পানীটোৱে ৷

লগতে পঢ়ক : বিশ্বজুৰি হঠাৎ স্থৱিৰ হৈ পৰিল হোৱাটচ এপ-ফেচবুক-ইনষ্টাগ্ৰাম !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.