নিউজ ডেস্ক, 23 অক্টোবৰ : শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰতৰ বায়ু দূষিত বুলি মন্তব্য প্ৰদান কৰা বিষয়ৰ ওপৰত মন্তব্য প্ৰদান কৰিছে কংগ্ৰেছ নেতা কপিল ছিবালে ৷ শুকুৰবাৰে কংগ্ৰেছ নেতা গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক কটাক্ষ কৰি কয় যে,এয়া 'হাও দি মোডীৰ' পৰিণাম ৷
কংগ্ৰেছ নেতা গৰাকীয়ে টুইটযোগে কেন্দ্ৰক প্ৰশ্ন কৰি কয় যে,ট্ৰাম্পৰ সৈতে ভাৰতৰ সম্পৰ্ক মধুৰ কিন্তু বহিঃবিশ্বত ডোনাল্ড ট্ৰাম্পে ভাৰতক সমালোচনা কৰা বিষয়টো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় ৷
উল্লেখ্য যে,আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰত,চীন আৰু ৰাছিয়াৰ বায়ু লেতেৰা বুলি মন্তব্য প্ৰদান কৰে ৷ কিয়নো তেওঁ পেৰিছ জলবায়ুৰ কাৰকৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তৰ প্ৰতি লক্ষ্য ৰাখি 3 নৱেম্বৰৰ নিৰ্বাচনৰ পূৰ্বে বৃহস্পতিবাৰৰ অন্তিম বিতৰ্কত কাৰ্বন নিৰ্গমণ হ্ৰাস কৰাৰ বিষয়ে মন্তব্য প্ৰদান কৰিছিল ৷
উল্লেখ্য যে,ডেনাল্ড ট্ৰাম্পে,প্ৰতিদ্বন্দী জো বিডেনৰ বিৰুদ্ধে বিতৰ্কত কাৰ্বন নিৰ্গমণৰ ওপৰত মন্তব্য প্ৰদান কৰাৰ সময়ত উক্ত মন্তব্য প্ৰদান কৰে ৷
লগতে পঢ়ক : বাল্মীকি সম্প্ৰদায়ৰ 236 গৰাকী সদস্যৰ ওপৰত আৰক্ষীৰ গোচৰ ৰুজু