ইণ্টাৰনেশ্যনেল ডেস্ক, ১৭ জুলাই : আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনে (Joe Biden) ২৬ জুলাইত ইৰাকৰ প্ৰধানমন্ত্ৰী মুস্তাফা আল-কাধিমী (Mustafa Al-Kadhimi)ৰে এক আলোচনাত মিলিত হ'ব । হোৱাইট হাউছ (White House)ৰ তৰফৰ পৰা প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, বৈঠকত দ্বি-পাক্ষিক সহযোগিতাৰ বিষয়ে আলোচনা কৰিব মুস্তাফা আল-কাধিমী আৰু জ' বাইডেন । ৱাশ্বিংটনত দুয়ো বৈঠকত মিলিত হ'ব । হোৱাইট হাউছৰ বিবৃতিটোত উল্লেখ কৰা হৈছে যে, ইৰাকৰ প্ৰধানমন্ত্ৰী মুস্তাফা আল-কাধিমীক হোৱাইট হাউচলৈ আদৰণি জনাবলৈ পাব বাবে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে সন্তুষ্টি ব্যক্ত কৰিছে ।
শুকুৰবাৰে প্ৰকাশ কৰা বিবৃতিটোৰ জৰিয়তে প্ৰবক্তা জেন ছাকীয়ে কয় যে, ইৰাকৰ প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাকৰ মাজৰ কৌশলগত অংশীদাৰিত্ব সন্দৰ্ভত আলোকপাত কৰিব আৰু কৌশলগত ফ্ৰেমৱৰ্ক চুক্তিৰ অধীনত দ্বি-পাক্ষিক সহযোগিতা আগবঢ়াব দুয়োখন দেশে । এই বৈঠকত শৈক্ষিক, স্বাস্থ্য, সাংস্কৃতিক আৰু পাৰিপাৰ্শ্বিক সহযোগিতাৰ লগতে ৰাজনৈতিক, অৰ্থনৈতিক আৰু সুৰক্ষা বিষয়তো আলোচনা কৰিব মুস্তাফা আল-কাধিমী আৰু জ' বাইডেন । ইছলামিক ষ্টেট সন্ত্ৰাসবাদী গোটৰ আতংক নিৰ্মূল কৰাতো নিশ্চিত কৰাৰ বাবে দুয়োখন দেশে যুটীয়া প্ৰচেষ্টা চলোৱাৰ বিষয়েও আলোচনা কৰিব দুয়োগৰাকীয়ে ।
মুস্তাফা আল-কাধিমী আৰু জ' বাইডেনৰ আলোচনাই দুয়োখন দেশলৈ এক ইতিবাচক বতৰা আনিব বুলি আশা কৰিব পাৰি ।
লগতে পঢ়ক:ছাইবেৰিয়ান অঞ্চলত নিখোজ ৰাছিয়াৰ এণ্টনভ এএন-২৮ বিমান