ইণ্টাৰনেশ্যনেল ডেস্ক, 11 জুলাই: আফগানিস্তান (Afghanistan)ত তালিবানী আক্ৰমণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনে (Joe Biden) স্পষ্ট কৰি দিয়ে যে আফগানিস্তানৰ পুনৰ নিৰ্মাণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দায়িত্ব নহয় । আফগানিস্তানক উন্নত ভৱিষ্যতৰ দিশে আগুৱাই নিবলৈ দেশখনৰ নেতাসকলক একগোট হৈ কাম কৰিবলৈও তেওঁ আহ্বান জনায় । ৰাষ্ট্ৰপতি বাইডেনে লগতে কয় যে, আমেৰিকাৰ সামৰিক অভিযান আগষ্ট মাহৰ শেষলৈকে অব্যাহত থাকিব ।
পাজৱক আফগান নিউজে (Pajhwok Afghan News) প্ৰকাশ কৰিছে যে, বাইডেনে বৃহস্পতিবাৰে স্পষ্ট কৰি দিছে যে আমেৰিকাৰ উদ্দেশ্য হৈছে আমেৰিকাক ক্ষতি কৰিব পৰা শক্তিক প্ৰতিৰোধ কৰা আৰু এনে এক শক্তিৰ ভিতৰত বিন লাডেনক সুৰক্ষিত আশ্ৰয়স্থলীৰ পৰা উলিয়াই আনি আমেৰিকাই মৃত্যুৰ মুখলৈ ঠেলি দিছে । এতিয়া এই অপশক্তিৰ পৰা আমেৰিকা সুৰক্ষিত বুলিও তেওঁ মন্তব্য কৰে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰাপত্তা বাহিনীয়ে ৰাষ্ট্ৰপতি বাইডেনে আৰু উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ (Kamala Harris)ক আফগানিস্তানৰ শেহতীয়া ঘটনাৱলী সম্পৰ্কে অৱগত কৰাৰ পাছত এখন সংবাদমেল সম্বোধন কৰি বাইডেনে কয়, ‘এতিয়া আন এটা প্ৰজন্মৰ আমেৰিকাৰ সেনাক আফগানিস্তানৰ যুদ্ধলৈ প্ৰেৰণ কৰা নহ'ব । ইয়াৰ পূৰ্বে নিৰাপত্তা বাহিনীয়ে অৱগত কৰিছিল যে, আফগানিস্তানত সেনা প্ৰত্যাহাৰ প্ৰক্ৰিয়া ৯০ শতাংশ সম্পূৰ্ণ হৈছে আৰু দেশখন আগষ্ট মাহৰ শেষৰ ফালে সম্পূৰ্ণৰূপে চৰকাৰক হস্তান্তৰ কৰা হ'ব । কেৱল আমেৰিকাই নহয়, আন বিদেশী নিৰাপত্তা বাহিনীয়েও আফগানিস্তানৰ পৰা ইতিমধ্যে সেনা প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে ।বিডেন
আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ সৈতে কাম কৰা অনুবাদক আৰু অন্যান্য আফগান লোকসকলক দেশখনৰ বাহিৰলৈ উলিয়াই অনাৰ চেষ্টা কৰা হৈছে । লগতে ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, এই লোকসকলক আমেৰিকালৈ আহিবলৈ অনুমতি দিয়াৰ বাবে ২,৫০০ খন বিশেষ ভিছাৰ ব্যৱস্থা কৰা হৈছে । কিন্তু এতিয়ালৈকে মাত্ৰ অৰ্ধ সংখ্যক লোকহে আমেৰিকালৈ আহিছে ।
ৰাষ্ট্ৰপতি বাইডেনে আমেৰিকা যুক্তৰাষ্ট্ৰ-তালিবান চুক্তিৰ প্ৰসংগ উত্থাপন কৰি কয় যে, সৈন্য প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া চলি থকাৰ সময়ত কোনো পক্ষই পৰস্পৰক আক্ৰমণ কৰা নাই । ৰাষ্ট্ৰপতি বাইডেনে লগতে কয়, আমেৰিকা যুক্তৰাষ্ট্ৰই বৰ্তমান চীনৰ সৈতে প্ৰতিযোগিতাতহে গুৰুত্ব আৰোপ কৰিছে । লগতে ক'ভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবেও দেশখনে অধিক গুৰত্ব সহকাৰে কাম কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে ।
উল্লেখ্য যে, শেহতীয়াকৈ তালিবানে আফগানিস্তানৰ উত্তৰ দিশৰ কেইবাখনো জিলা নিজৰ নিয়ন্ত্ৰণলৈ আনিছে । সেয়ে, দেশখনত গৃহযুদ্ধৰ আশংকা বৃদ্ধি পাইছে । আনহাতে, দেশখনত এতিয়া আফগান বাহিনী আৰু তালিবানৰ মাজত সংঘৰ্ষই ভয়াৱহ ৰূপ লৈছে ।