ইণ্টাৰনেশ্যনেল ডেস্ক, ২৯ ছেপ্টেম্বৰ : কৰ'ণা (Corona) মহামাৰীৰ বিৰুদ্ধে সমগ্ৰ বিশ্বতে টীকাকৰণ অভিযান অব্যাহত আছে । কিন্তু এতিয়ালৈ শিশুসকলৰ বাবে প্ৰতিষেধক প্ৰস্তুত হোৱা নাই । কেইবাটাও প্ৰতিষ্ঠানে প্ৰতিষেধক প্ৰস্তুত কৰিছে যদিও সেইবোৰ এতিয়াও অধ্যয়নৰ শাৰীতে আছে ।
ইফালে শেহতীয়াকৈ ফাইজাৰ প্ৰতিষ্ঠানে দাবী কৰা মতে তেওঁলোকে শিশুসকলৰ বাবে প্ৰতিষেধক প্ৰস্তুত কৰিছে আৰু পৰীক্ষণৰ বাবে প্ৰেৰণ কৰিছে । ইফালে তেওঁলোক দাবী কৰা মতে ফাইজাৰ প্ৰতিষেধক (Pfizer vaccine) শিশুসকলৰ ক্ষেত্ৰত যথেষ্ট ফলপ্ৰসূ হ'ব । ইফালে কোম্পানীটোৱে জনোৱা মতে স্বাস্থ্য নিয়ন্ত্ৰকসকলক ৫ ৰ পৰা ১১ বছৰ বয়সৰ শিশুৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিষেধকৰ শেহতীয়া অধ্যয়নৰ তথ্য প্ৰদান কৰিছে ।
ফাইজাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনৰ (Food and Drug Administration) ওচৰত শিশুৰ ক্ষেত্ৰত তেওঁলোকৰ ক'ভিড প্ৰতিষেধকৰ কাৰ্যকৰীতাৰ ওপৰত গৱেষণাৰ তথ্য দাখিল কৰিছে । কিন্তু প্ৰতিষেধকৰ পালিবোৰ নৱেম্বৰলৈকে উপলব্ধ হোৱাৰ আশা ক্ষীণ ।
কোম্পানীটোৱে ইয়াৰ আবেদন দাখিল কৰাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিয়ন্ত্ৰক আৰু জনস্বাস্থ্য বিষয়াসকলে প্ৰমাণবোৰ পৰ্যালোচনা কৰিব আৰু ৰাজহুৱা সভাত তেওঁলোকৰ পৰামৰ্শদাতা সমিতিৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব । লগতে ইয়াক ব্যৱহাৰৰ পৰামৰ্শ দিয়াৰ বাবে পৰ্যাপ্ত সুৰক্ষিত আৰু কাৰ্যকৰী হয় নে নহয় নিৰ্ধাৰণ কৰিব ।
এই প্ৰক্ৰিয়াটোৰ অৰ্থ হ'ব যে প্ৰতিষেধকটোক অনুমোদন দিয়াৰ সময়লৈ পালিবোৰ উপলব্ধ নহ'ব । অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনে কিমান সোনকালে কামখিনি সম্পূৰ্ণ কৰে তাৰ ওপৰত হে নিৰ্ভৰ কৰিব । ইফালে প্ৰতিষেধক নিৰ্মাতা আৰু ইয়াৰ অংশীদাৰী জাৰ্মানীৰ বায়’এনটেকে (Germanys BioNTech) ঘোষণা কৰিছিল যে অতি শীঘ্ৰে তেওঁলোকে প্ৰতিষেধকৰ জৰুৰী কালীন ব্যৱহাৰৰ অনুমোদনৰ বাবে অনুৰোধ কৰিব ।
কোম্পানীয়ে ইউৰোপীয় ঔষধ সংস্থা আৰু অন্যান্য নিয়ন্ত্ৰকসকলৰ ওচৰত তথ্য দাখিল কৰাৰ পৰিকল্পনা কৰিছে । লক্ষণীয়ভাৱে দুটা পালিৰ ফাইজাৰ প্ৰতিষেধক বৰ্তমান ১২ বছৰ আৰু তাৰ অধিক বয়সৰ লোকসকলৰ বাবে উপলব্ধ । ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ মতে আমেৰিকা যুক্তৰাষ্ট্ৰত আনুমানিক ১০০ নিযুত লোকক এই প্ৰতিষেধক প্ৰদান কৰা হৈছে ।
লগতে পঢ়ক :28 ছেপ্তেম্বৰ : বিশ্ব জলাতংক দিৱস