ইন্টাৰনেশ্যনেল ডেস্ক, 26 নৱেম্বৰ : 'ভয়ংকৰ' 26/11 মুম্বাই আক্ৰমণৰ দোষীক পাকিস্তানে ন্যায়ৰ মজিয়ালৈ অনা উচিত বুলি মন্তব্য নিউয়ৰ্কৰ ভাৰতীয় কনছুল জেনেৰেল ৰনধীৰ জয়ছৱালৰ ৷ জয়ছৱালে শীৰ্ষ ইজৰাইলী কূটনীতিবিদসকলৰ সৈতে 2008 চনৰ সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা লোকলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ তেওঁ কয় যে, সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে বৈশ্বিক সহযোগিতাৰ প্ৰয়োজন ৷
মুম্বাই আক্ৰমণৰ ঘটনাই 26 নৱেম্বৰত সম্পূৰ্ণ কৰিলে 12 টাকৈ বছৰ ৷ এক ভাৰ্চুৱেল অনুষ্ঠানৰ জৰিয়তে জয়ছৱালে লগতে কয় যে, সমগ্ৰ বিশ্বৰ বাবে দোষীক কাঠগৰালৈ অনাটো অতি প্ৰয়োজনীয় ৷
উল্লেখ্য যে, পাকিস্তানস্থিত লস্কৰ-ই-তৈবাৰ (LeT) 10 সন্ত্ৰাসবাদীয়ে মুম্বাইত চাৰিদিনত 12 টাকৈ স্থানত সন্ত্ৰাসবাদী আক্ৰমণ চলাইছিল ৷ ফলত 9 জন সন্ত্ৰাসবাদী আৰু ছয়জন ইহুদী লোকসহ 166 জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছিল ৷ 26 নৱেম্বৰ, 2008 চনৰ পৰা আৰম্ভ হোৱা এই ঘটনাৰ ফলত 300 ৰো অধিক লোক আঘাতপ্ৰাপ্তও হৈছিল ৷
আমেৰিকান ইণ্ডিয়া পাব্লিক এফেয়াৰ্ছ কমিটি আৰু আমেৰিকান জিউয়িছ কমিতিয়ে আয়োজন কৰা এই অনুষ্ঠানত 26/11 আক্ৰমণক জয়ছৱালে ইতিহাসৰ এক ভয়ংকৰ আক্ৰমণ বুলি অভিহিত কৰিছিল ৷ তেওঁ কৈছিল যে, বিশ্বই সন্মুখীন হৈ থকা বৃহৎ ভাবুকিটোৱেই হৈছে সন্ত্ৰাসবাদ ৷
লগতে পঢ়ক : 26/11 মুম্বাই কাণ্ড : বোমা বিস্ফোৰণত প্ৰাণ আহুতি দিয়াসকললৈ শ্ৰদ্ধাঞ্জলি ইজৰাইলবাসীৰ