ETV Bharat / international

চুনামিৰ দৰে ভয়ংকৰ ৰূপ লৈছে ক'ভিডৰ ডেল্টা আৰু অ'মিক্ৰণ প্ৰকাৰে:WHO Chief - WHO

সমগ্ৰ বিশ্বতে অ'মিক্ৰণৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে (Omicron scare in the World)। তাৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাৰ সাৱধানবাণী । বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বিশ্বত চুনামিৰ ৰূপত সংক্ৰমিত ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে । টীকাকৰণ অভিযান সন্দৰ্ভতো বিশেষ মন্তব্য বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধানৰ ।

WHO chief
চুনামিৰ দৰে ভয়ংকৰ ৰূপ লৈছে ক'ভিডৰ ডেল্টা আৰু অ'মিক্ৰণ প্ৰকাৰে
author img

By

Published : Dec 30, 2021, 7:38 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,৩০ ডিচেম্বৰ : সমগ্ৰ বিশ্বতে লাহে লাহে অ'মিক্ৰণৰ সংক্ৰমণ আৰম্ভ হৈছে (Omicron scare in the World)। বিশ্বৰ বহু দেশত ইতিমধ্যে ক'ভিডৰ এই নতুন প্ৰকাৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । যাৰ বাবে ৰাইজক সাৱধানে থাকিবলৈ আহ্বান জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই ।

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰোছ অধানম ঘেব্ৰেয়েছাছে পুনৰ সকীয়নি প্ৰদান কৰি কয় যে চুনামিৰ দৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ক'ভিডৰ নতুন প্ৰকাৰ সংক্ৰমণে (WHO chief on omicron)। তেওঁ সংবাদমেলত উল্লেখ কৰা মতে বৰ্তমান বিশ্ববাসীৰ সন্মুখত ডেল্টা আৰু অ'মিক্ৰণ প্ৰকাৰ তীব্ৰ ভাবুকি হিচাপে থিয় দিছে । যাৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱা লোকৰ সংখ্যা আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি হৈছে ।

তেওঁ লগতে কয় যে যদি সকলোৱে একেলগে এই ভাইৰাছ বিৰুদ্ধে থিয় নহয় তেনেহ'লে সংক্ৰমণ বৃদ্ধি হৈ গৈ থাকিব আৰু স্বাস্থ্যসেৱাৰ প্ৰতি ভাবুকি আহিব বুলিও সকীয়াই দিয়ে সঞ্চালক প্ৰধানগৰাকীয়ে । তেওঁ এইটোও স্পষ্ট কৰি কয় যে কেৱল ৰোগীৰ সংখ্যা বৃদ্ধিৰ বাবেই নহয় বহু স্বাস্থ্য কৰ্মী অসুস্থ হোৱাৰ বাবেও স্বাস্থ্যসেৱাৰ প্ৰতি ভাবুকি আহিব পাৰে ।

ক'ভিড প্ৰতিষেধক গ্ৰহণ নকৰা সকলক উদ্দেশ্যি তেওঁ কয় যে টীকাকৰণ নকৰাসকলৰ মৃত্যুৰ আশংকা বহু গুণে বেছি থাকে । আনহাতে বিশ্ব স্বাস্থ্য সংস্থাৰ মতে যদিহে টীকাকৰণ সম্পূৰ্ণ হয় তেনেহ'লে বিশ্ববাসীয়ে ক'ভিড মহামাৰীৰ তীব্ৰ সংক্ৰমণ ৰোধ হ'ব । বিশ্ব স্বাস্থ্য সংস্থাই বছৰটোৰ শেষৰ ফালে প্ৰতিখন দেশৰ ৪০ শতাংশ নাগৰিকে প্ৰতিষেধক গ্ৰহণ কৰাৰ আশা কৰিছিল আৰু ২০২২ চনৰ মাজ ভাগলৈ এই সংখ্যা ৭০ শতাংশলৈ বৃদ্ধি হ'ব বুলি ধাৰণা কৰা হৈছিল । বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধানগৰাকীয়ে ঘোষণা কৰা মতে ১৯৪ খন সদস্য ৰাষ্ট্ৰৰ ৯২ খনে ৪০ শতাংশ লক্ষ্যত উপনিত হ'ব নোৱাৰিব ।

ইয়াৰ কাৰণ কম আয়ৰ দেশসমূহলৈ প্ৰতিষেধকৰ যোগান সীমিত আৰু বহু প্ৰতিষেধকৰ ম্যাদ উকলি যোৱা লগতে চিৰিঞ্জৰ অবিহেন প্ৰেৰণ কৰাৰ বাবে বুলি উল্লেখ কৰে সঞ্চালক প্ৰধানগৰাকীয়ে । সেয়েহে তেওঁ এইক্ষেত্ৰত চৰকাৰ তথা উদ্যোগসমূহক আহ্বান জনাই যাতে সকলো দেশে সমানে প্ৰতিষেধক লাভ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :অ'মিক্ৰণৰ বিপদাশংকা এতিয়াও অতি বেছি হৈ আছে : Tedros Adhanom Ghebreyesus

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.