ETV Bharat / international

সমাজত হিংসা আৰু বৰ্ণ বৈষম্যৰ কোনো স্থান নাইঃ সত্য নাডেলা

মাইক্ৰ'ছফ্টৰ মুখ্য কাৰ্যবাহী বিষয়া সত্য নাডেলাই সোমবাৰে আফ্ৰিকা-আমেৰিকাৰ জৰ্জ ফ্ল'য়েড নামৰ ব্যক্তি গৰাকীৰ হত্যা সন্দৰ্ভত টুইটযোগে মত প্ৰকাশ কৰে। সমাজত হিংসা আৰু বৰ্ণ বৈষম্যৰ কোনো স্থান নাই বুলি কোৱাৰ উপৰিও মাইক্ৰ'ছফ্ট কোম্পানী সমূহৰ জৰিয়তে আফ্ৰিকা-আমেৰিকাৰ সম্প্ৰদায়ৰ হকে মাত মাতিব বুলি জানিবলৈ দিয়ে সত্য নাডেলাই ।

সত্য নাডেলা
সমাজত হিংসা আৰু বৰ্ণ বৈষম্যৰ কোনো স্থান নাইঃ সত্য নাডেলা
author img

By

Published : Jun 2, 2020, 3:08 PM IST

নিউজ ডেস্ক, ২ জুনঃ সমাজত হিংসা আৰু বৰ্ণ বৈষম্যৰ কোনো স্থান নাই । সহানুভূতি তথা বুজাবুজি মাত্ৰ আৰম্ভ হে হৈছে । কিন্তু এইটো অধিক ৰূপে প্ৰচাৰ কৰিবলৈ বৰ্তমানেও আৱশ্যক । সোমবাৰে এই মন্তব্য কৰে মাইক্ৰ'ছফ্টৰ মুখ্য কাৰ্যবাহী বিষয়া সত্য নাডেলাই । জৰ্জ ফ্ল'য়েড নামৰ এজন ৪৬ বছৰীয়া আফ্ৰিকা-আমেৰিকাৰ ব্যক্তিৰ মৃত্যুৰ পাচতে এই মন্তব্য কৰে নাডেলাই । যি ২৫ মে'ত মিনিয়া আৰক্ষীৰ এজন বগা আৰক্ষী বিষয়াই জৰ্জ ফ্ল'য়েডক মাটিত বহুৱাই আঠু কঢ়োৱাৰ উপৰিও বহু ধৰণে শাৰিৰীক শাস্তি প্ৰদান কৰে । যাৰ পৰিপ্ৰেক্ষিতত মৃত্যু হয় আফ্ৰিকা-আমেৰিকাৰ সম্প্ৰদায়ৰ জৰ্জ ফ্ল'য়েড নামৰ ব্যক্তিজনৰ ।

সত্য নাডেলা
সমাজত হিংসা আৰু বৰ্ণ বৈষম্যৰ কোনো স্থান নাইঃ সত্য নাডেলা

নাডেলাই সোমবাৰে টুইটযোগে কয়,"আমাৰ সমাজত হিংসা আৰু বৰ্ণ বৈষম্যৰ কোনো স্থান নাই । সহানুভূতি তথা বুজাবুজি মাত্ৰ আৰম্ভ হে হৈছে যদিও ইয়াক অধিক ফলপ্ৰসূ কৰা দৰকাৰ । মই কৃষ্ণ বৰ্ণ তথা আফ্ৰিকান সম্প্ৰদায়ৰ সৈতে সহযোগ কৰিম । আমাৰ সংস্থা আৰু আমাৰ সম্প্ৰদায়ে ইতিমধ্যে এইটো কাম নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

এদিন পূৰ্বে গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাই আফ্ৰিকা-আমেৰিকাৰ ব্যক্তিক সহযোগ কৰিব বুলি সদৰী কৰে । আনহাতে, নাডেলাই এইটো কয় যে, তেখেতসকলৰ কোম্পানীসমূহ আফ্ৰিকা-আমেৰিকাৰ সম্প্ৰদায়ৰ হকে মাত মাতিবলৈ ব্যৱহাৰ কৰা হ'ব । উল্লেখ্য যে, জৰ্জ ফ্ল'য়েডৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই আমেৰিকাৰ প্ৰায় ১৪০ খন চহৰত প্ৰতিবাদ সাব্যস্ত কৰা হয় । তাৰোপৰি বগা আৰক্ষী বিষয়া গৰাকীক চাকৰিৰ পৰা নিলম্বন কৰি আৰক্ষী বিষয়া গৰাকীক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.