ETV Bharat / international

ৰঙা গ্ৰহ মংগলৈ NASAৰ সাহসী মহাকাশ যান - মহাকাশযান

ৰঙা গ্ৰহ তথা মংগল গ্ৰহলৈ ৯ নম্বৰ যান খন প্ৰেৰণ কৰিবলৈ সাজু হৈছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা NASA ই । পূৰ্বৰ ৮ খনৰ তুলনাত অত্যন্ত সাহসী তথা মস্তিস্ক থকা মহাকাশ যান বুলি সদৰি কৰে মহাকাশ গৱেষণা সংস্থাটোৱে ।

 NASA
NASA
author img

By

Published : Jul 29, 2020, 8:04 PM IST

নিউজ ডেস্ক, ২৯ জুলাইঃ মংগল গ্ৰহলৈ বৰ্তমান পৰ্যন্ত ৮ খন মহাকাশযান প্ৰেৰণ কৰাৰ পাচত ৯ নম্বৰখন মহাকাশযান মংগলৈ প্ৰেৰণ কৰাৰ বাবে প্ৰস্তুতি চলাইছে NASA ই । এতিয়ালৈকে মংগল গ্ৰহলৈ প্ৰেৰণ কৰা যানসমূহৰ ভিতৰত এইখন মহাকাশ যান সকলোতকৈ সাহসী তথা মস্তিস্ক থকা যান বুলিও উল্লেখ কৰে NASA ই ।

 NASA
ৰঙা গ্ৰহ মংগলৈ প্ৰেৰণ NASAৰ ৯নং সাহসী মহাকাশ যান

নতুনকৈ সাজি উলিওৱা এই নবীনতম যানখন সকলোতকৈ অধিক কেমেৰা আৰু মাইক্ৰফোন সংলগ্ন হোৱাৰ লগতে মংগল গ্ৰহৰ ঠাই আৰু শব্দসমূহ বাণীবদ্ধ কৰাৰ বাবে প্ৰয়োগ কৰা হৈছে । ইয়াৰ ছুপাৰ ছেনিটাইজড স্পেম্পল ৰিটাৰ্ণ টিউবে অতীতত মংগল গ্ৰহত জীৱ থকাৰ প্ৰমাণ দাঙি ধৰিব বুলি NASA ই উল্লেখ কৰে । এখন সৰু হেলিকপ্টাৰৰ আকাৰত নিৰ্মাণ কৰা হৈছে এই বিশেষ যানখন । আনহাতে,এই যানখন সাত মাহ আৰু ৩০০ মিলিয়ন মাইলৰো অধিক পথ যাত্ৰা কৰাৰ পাচত এই যানখন আগন্তুক বৰ্ষৰ ফেব্ৰুৱাৰীত ৰঙা গ্ৰহ তথা মংগল গ্ৰহত উপস্থিত হ'ব বুলি জানিবলৈ দিয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.