চিটাৰা ডেস্ক, ১৭ ডিচেম্বৰ : কৰ’ণা পৰিস্থিতিৰ বাবে পিছুৱাই দিয়া হ'ল মিছ ৱৰ্ল্ড ২০২১ ৰ গ্ৰেণ্ড ফিনালে (Miss World 2021 grand finale temporarily postponed) । বিবৃতিযোগে এই কথা ঘোষণা কৰিছে আয়োজকে । চলিত সপ্তাহত পুয়েৰ্টো ৰিকোত মিছ ৱৰ্ল্ড ২০২১ ৰ চূড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ কথা আছিল ।
কিন্তু প্ৰতিযোগী, কৰ্মচাৰী, ক্ৰু আৰু সাধাৰণ লোকৰ স্বাস্থ্যৰ কথা চিন্তা কৰি কাৰ্যসূচী অস্থায়ীভাৱে স্থগিত ৰখাৰ ঘোষণা কৰিছে আয়োজকে । অৱশ্যে পৰৱৰ্তী ৯০ দিনৰ ভিতৰত পুয়েৰ্টো ৰিকো কলিজিয়াম জোছ মিগুৱেল এগ্ৰেলটত এই প্ৰতিযোগিতাৰ দিন পুনৰ নিৰ্ধাৰণ কৰা হ'ব । মিছ ৱৰ্ল্ড ২০২১ অনুষ্ঠানৰ তত্বাৱধানত থকা ভাইৰ’লজিষ্ট আৰু বিশেষজ্ঞ চিকিৎসকসকলৰ সৈতে পুয়েৰ্টো ৰিকো স্বাস্থ্য বিভাগৰ আলোচনাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
বিবৃতিটোত উল্লেখ কৰা মতে, কেইবাগৰাকী প্ৰতিযোগী আৰু কৰ্মচাৰী ইতিমধ্যে ক'ভিড 19 ত আক্ৰান্ত হৈছে । ইয়াৰ পাছতে প্ৰতিযোগী, প্ৰযোজনা দল আৰু দৰ্শকৰ অতিৰিক্ত সুৰক্ষাৰ স্বাৰ্থত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছিল । কিন্তু পজিটিভ লোকৰ সংখ্যা পুনৰ বৃদ্ধি পোৱাত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে আয়োজকে ।
বিবৃতি অনুসৰি, পুয়েৰ্টো ৰিকোত থকা প্ৰায় ১৭ গৰাকী প্ৰতিযোগী আৰু কৰ্মচাৰীৰ দেহত ইতিমধ্যে ক'ভিড-19 ৰ অৱস্থিতি ধৰা পৰিছে । ইফালে সকলো আক্ৰান্তকে কোৱাৰেণ্টাইন কৰি চিকিৎসকৰ চোকা নজৰত ৰখা হৈছে । স্বাস্থ্য বিষয়া আৰু চিকিৎসকে সকলো ৰোগীকে সুস্থ বুলি ঘোষণা কৰাৰ পাছতহে তেওঁলোক কোৱাৰেণ্টাইনৰ পৰা মুক্ত হ'ব পাৰিব ।
- " class="align-text-top noRightClick twitterSection" data="">
মিছ ৱৰ্ল্ড লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া জুলিয়া মৰ্লিয়ে এই বিষয়ত কয় যে, মিছ ৱৰ্ল্ড মুকুটৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ প্ৰতিযোগীসকল সুস্থ হৈ উভতি অহালৈ তেওঁলোকে বাট চাই আছে । ইফালে মিছ ৱৰ্ল্ড লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে প্ৰতিযোগিতাৰ দৃশ্যগ্ৰহণৰ বাবে এক সুৰক্ষিত পৰিৱেশ হোৱাটো কামনা কৰে ।
উল্লেখ্য যে, মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২০ ৰ খিতাপ অৰ্জন কৰা মানসা বাৰাণসীয়ে (Miss India 2020 Manasa Varanasi) মিছ ৱৰ্ল্ড ২০২১ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব । লক্ষণীয়ভাৱে আন প্ৰতিযোগীৰ লগতে মানসা বাৰাণসীয়ো ক'ভিড 19 ত আক্ৰান্ত হৈছে ।
লগতে পঢ়ক : India's Harnaaz Sandhu Crowned Miss Universe 2021: তৃতীয় বাৰৰ বাবে ভাৰতলৈ মিছ ইউনিভাৰ্ছৰ খিতাপ