ETV Bharat / international

‘মেক ইন ইণ্ডিয়া’ই বাণিজ্যিক চৰ্চাত কঠিনতাৰ সৃষ্টি কৰেঃ মাৰ্কিন বিষয়া

ভাৰতৰ ৰক্ষণশীল নীতিৰ বিষয়ে ধ্যান ৰাখি ভাৰত-আমেৰিকাৰ মাজত সম্ভৱত হ’বলগীয়া বাণিজ্যিক চুক্তিখনৰ বিবেচনা কৰা হ’ব বুলি মাৰ্কিন প্ৰশাসনৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷ ‘মেক ইন ইণ্ডিয়া’ কেম্পেইনে এই বাণিজ্যিক চুক্তিক কিছু কঠিন কৰি তোলা দেখা গৈছে বুলি উল্লেখ কৰে ৷

'Make in India' campaign makes discussion on trade difficult: US official
‘মেক ইন ইণ্ডিয়া’ই বাণিজ্যিক চৰ্চাত কঠিনতাৰ সৃষ্টি কৰেঃ মাৰ্কিন বিষয়া
author img

By

Published : Feb 22, 2020, 2:16 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 22 ফেব্ৰুৱাৰীঃ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প অহা 24 আৰু 25 ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ আহিব ৷ ইতিমধ্যেই ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ৷ ভাৰতৰ ৰক্ষণশীল নীতিৰ বিষয়ে ধ্যান ৰাখি ভাৰত-আমেৰিকাৰ মাজত সম্ভৱত হ’বলগীয়া বাণিজ্যিক চুক্তিখনৰ বিবেচনা কৰা হ’ব বুলি মাৰ্কিন প্ৰশাসনৰ তৰফৰ পৰা উল্লেখ কৰিছে ৷ ‘মেক ইন ইণ্ডিয়া’ কেম্পেইনে এই বাণিজ্যিক চুক্তিক কিছু কঠিন কৰি তোলা দেখা গৈছে বুলি উল্লেখ কৰে ৷

ৰক্ষণশীল নীতি আমাৰ বাবে অধিক গুৰুত্বপূৰ্ণ ৷ ভাৰতৰ পৰা আমি কেইবাটাও চুক্তিৰ বাৰ্তা লাভ কৰিছো কিন্তু এইবোৰৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাটো কিছু কঠিন বুলি উল্লেখ কৰে মাৰ্কিন প্ৰশাসনৰ কৰ্তৃপক্ষই ৷

দুয়োখন দেশৰ মাজত বাণিজ্যিক আদান-প্ৰদানৰ ক্ষেত্ৰত কিছু জটিলতা বিগত বৰ্ষৰ জুনৰ পৰা আৰম্ভ হৈছিল ৷ ট্ৰাম্পে 28 টা মাৰ্কিন দ্ৰব্যত বাণিজ্যিক অগ্ৰাধিকাৰ বাতিল কৰাৰ পিচত এই জটিলতাৰ সৃষ্টি হৈছিল ৷

উল্লেখ্য যে, যোৱা 18 মাহ ধৰি দুয়োখন দেশৰ বিষয়ববীয়াৰ মাজত ৱাশ্বিংটন ডিচি, নতুন দিল্লী আৰু নিউ ইয়ৰ্কত অনুষ্ঠিত কেইবাখনো বাণিজ্যিক বিষয়ৰ ওপৰত বৈঠক অনুষ্ঠিত হৈছে ৷ ইয়াৰ পিচত আমেৰিকা আৰু ভাৰতৰ মাজত বাণিজ্যিক ক্ষেত্ৰত ট্ৰাম্পৰ ভাৰত ভ্ৰমণে কেইবাটাও দিশত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব বুলি ধাৰণা কৰা হৈছে ৷

ইয়াৰ পূৰ্বে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে উল্লেখ কৰে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৌহাদ্যপূৰ্ণ মনোভাৱৰ বাবে ভাৰত আৰু আমেৰিকাৰ মাজত নতুন বাণিজ্যিক চুক্তি স্বাক্ষৰৰ ক্ষেত্ৰত আশাপ্ৰদ ফলাফল পোৱা যাব বুলি ধাৰণা কৰিব পাৰি ৷

আনহাতে ট্ৰাম্পে বাণিজ্যিক সম্বন্ধৰ ক্ষেত্ৰত ভাৰতৰ পৰা পাই থকা কেইবাটাও অভিযোগ সন্দৰ্ভত উল্লেখ কৰে যে, ‘মোৰ প্ৰথমটো ভাৰত ভ্ৰমণত সম্ভৱত ভাৰতৰ সৈতে এখন নতুন বাণিজ্যিক চুক্তিৰ স্বাক্ষৰ হ’ব ৷’ লগতে কয় যে, নৰেন্দ্ৰ মোডীৰ ব্যক্তিত্বই তেওঁক বহু পূৰ্বৰে পৰাই আকৰ্ষণ কৰি আছে আৰু এই ভাৰত ভ্ৰমণত বাণিজ্যিক দিশ সম্পৰ্কত আলোচনা কৰা হ’ব ৷ তেওঁ এইবুলিও উল্লেখ কৰে যে, বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামত তেওঁক প্ৰায় 1 লাখ মানুহে স্বাগতম জনাব আৰু তাক লৈ ট্ৰাম্প যথেষ্ট উৎফুল্লিত ৷

আৰু পঢ়কঃএক প্ৰতিৰক্ষা চুক্তি সাক্ষৰৰ সম্ভাৱনা ভাৰত-আমেৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.