ETV Bharat / international

WWII ৰ বাৰ্ষিকী উপলক্ষ্যে পুটিনলৈ কিম জঙৰ পত্ৰ

পুটিনলৈ কিম জঙৰ পত্ৰ প্ৰেৰণ ৷ WWII ৰ বাৰ্ষিকী আৰু কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ সম্পৰ্কত উল্লেখ কৰা হৈছে পত্ৰখনত ৷

author img

By

Published : May 9, 2020, 3:27 PM IST

WWII ৰ বাৰ্ষিকী আৰু কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ
WWII ৰ বাৰ্ষিকী উপলক্ষ্যে পুটিনলৈ কিমৰ জঙৰ পত্ৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 9 মে' : উত্তৰ কোৰিয়াৰ নেতা কিম জং ওনে শনিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনলৈ এক পত্ৰ প্ৰেৰণ কৰে ৷ এক নিউজ এজেন্সীয়ে প্ৰদান কৰা তথ্য অনুসৰি, দ্বিতীয় বিশ্ব যুদ্ধৰ 75 সংখ্যক বৰ্ষপূৰ্তি উপলক্ষ্যে এই পত্ৰ প্ৰেৰণ কৰে কিম জঙে ৷

কিমে আশা কৰে যে, দুই দেশৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক খৰতকীয়াকৈ বৃদ্ধি পাব আৰু কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধত ৰাছিয়া জয়ী হ'বলৈ সক্ষম হ'ব ৷

দ্বিতীয় বিশ্বযুদ্ধত ৰাছিয়াৰ জয়ৰ 75 সংখ্যক বাৰ্ষিকী উপলক্ষ্যে পুটিনৰ পৰা কিমে স্মৰণীয় মেডেল লাভ কৰাৰ পাচতে কিমে এই পত্ৰ প্ৰেৰণ কৰে ৷

যোৱা বছৰৰ এপ্ৰিল মাহত কিম আৰু পুটিনে দ্বিপাক্ষিক বৈদেশিক সম্পৰ্কৰ অধীনত প্ৰথমবাৰৰ বাবে বৈঠকত মিলিত হৈছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.