ETV Bharat / international

আমেৰিকাৰ শীৰ্ষ জনস্বাস্থ্য বিশেষজ্ঞৰ সৈতে ভাৰতীয় ৰাষ্ট্ৰদূতৰ বৈঠক - ক’ভিড-19

ভাৰতত বিগত কেইদিনমানতে দৈনিক 3 লাখৰো অধিক কৰ’ণাৰ দ্বিতীয় ঢৌত আক্ৰান্ত ৰোগী ধৰা পৰিছে ৷ দেশত এই পৰ্যন্ত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা 2,02,82,833 লৈ বৃদ্ধি হৈছে ৷ তদুপৰি কৰ’ণাত আক্ৰান্ত হৈ 3,449 গৰাকী লোকে শেহতীয়াকৈ মৃত্যুমুখত পৰিছে ৷ এই সংখ্যাই মৃতকৰ সংখ্যা 2,22,408 গৰাকীলৈ বৃদ্ধি কৰিছে ।

indias-us-envoy-meets-dr-fauci-discusses-covid-19-crisis-new-strains-and-variants
আমেৰিকাৰ শীৰ্ষ জনস্বাস্থ্য বিশেষজ্ঞৰ সৈতে ভাৰতৰ ৰাষ্ট্ৰদূতৰ বৈঠক
author img

By

Published : May 5, 2021, 5:58 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,5 মে’: আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতৰ ৰাষ্ট্ৰদূত তৰঞ্জিত সিং সান্ধুৱে আমেৰিকাৰ শীৰ্ষ জনস্বাস্থ্য বিশেষজ্ঞ ড০ এন্থনী ফাউচিৰ সৈতে এক ভাৰ্চুৱেল বৈঠকত মিলিত হয় ৷ উক্ত বৈঠকত ভাৰতত বৰ্তমানৰ ক’ৰণা মহামাৰীৰ সংহাৰ, ভাইৰাছৰ নতুন প্ৰকাৰ আৰু প্ৰকাৰৰ বিৰুদ্ধে প্ৰতিষেধকৰ কাৰ্যকাৰিতা সম্পৰ্কে আলোচনা কৰে ।

উল্লেখ্য যে, এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰৰ এজন শীৰ্ষ বিষয়াই মহামাৰী সন্দৰ্ভত ৰাষ্ট্ৰপতি জ’ বিডেনৰ শীৰ্ষ উপদেষ্টা ফাউচিৰ সৈতে বৈঠকত মিলিত হৈছে ৷ বৈঠকত ফাউচিয়ে এই সংকটৰ সময়ত ভাৰতৰ সৈতে সহযোগিতা আৰু সমৰ্থন আগবঢ়োৱাৰ কথা ব্যক্ত কৰে ।

indias-us-envoy-meets-dr-fauci-discusses-covid-19-crisis-new-strains-and-variants
আমেৰিকাৰ শীৰ্ষ জনস্বাস্থ্য বিশেষজ্ঞৰ সৈতে ভাৰতৰ ৰাষ্ট্ৰদূতৰ বৈঠক

ড০ এন্থনী ফাউচিয়ে ভাৰতৰ পৰিস্থিতিক অতি নিৰাশাজনক বুলি অভিহিত কৰাৰ এদিন পিছতে বৈঠকখন অনুষ্ঠিত হয় ৷ তেওঁ সশস্ত্ৰ বাহিনীকে ধৰি চৰকাৰী বাহিনীয়ে অস্থায়ী ক্ষেত্ৰ চিকিৎসালয় তৎক্ষণাত নিৰ্মাণ কৰিবলৈ পৰামৰ্শ দিয়ে ৷ আন দেশসমূহক কেৱল সাহায্য সামগ্ৰীয়ে নহয়, কৰ্মচাৰীসকলকো সহায় কৰিবলৈ আহ্বান জনায় ।

ৰাষ্ট্ৰদূত সান্ধুৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত ভাৰতত কৰ’ণা ভাইৰাছৰ প্ৰভাৱ আৰু প্ৰকাৰ আৰু এইবোৰৰ বিৰুদ্ধে ভেকচিনৰ কাৰ্যকাৰিতাৰ বিষয়ে উত্থাপন কৰে ।

উল্লেখ্য যে, ভাৰতত বিগত কেইদিনমানতে দৈনিক 3 লাখৰে অধিক কৰ’ণাৰ দ্বিতীয় ঢৌত আক্ৰান্ত ৰোগী ধৰা পৰিছে ৷ মঙলবাৰে ভাৰতীয় স্বাস্থ্য মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি, ভাৰতৰ মুঠ ক’ভিড-19 ৰোগীৰ সংখ্যা 2 কোটিৰ সীমা অতিক্ৰম কৰিছে আৰু এদিনতে 3,57,229 টা সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে ৷ আনহাতে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 3,449 টা নতুন মৃত্যুৰ সৈতে 2,22,408 লৈ বৃদ্ধি হৈছে । তদুপৰি দেশত এই পৰ্যন্ত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা 2,02,82,833 লৈ বৃদ্ধি হৈছে ৷

লগতে পঢ়ক: অসম চিকিৎসা মহাবিদ্যালয়ত ক'ভিডৰ ভয়াবহ পৰিস্থিতি !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.