ইণ্টাৰনেশ্যনেল ডেস্ক, ১১ ডিচেম্বৰ : চন্দ্ৰ পৃষ্ঠত ভৰি থৈ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হোৱাৰ সুযোগ লাভ কৰিব ভাৰতীয় মূলৰ মাৰ্কিন নাগৰিক ৰাজা জন ভুৰুপুটোৰ চাৰীয়ে । NASAই চন্দ্ৰলৈ যাত্ৰা কৰিবলগীয়া ১৮ জন সাধাৰণ লোকৰ এখন তালিকা প্ৰস্তুত কৰি উলিয়াইছে । এই তালিকাত নাম অন্তৰ্ভুক্ত হৈছে ভাৰতীয় মূলৰ ৰাজা জন ভুৰুপুটোৰ চাৰীৰ । বুধবাৰে NASAই প্ৰকাশ কৰা তালিকাত আছে ৯ গৰাকী মহিলাৰ নাম আৰু ৯ জন পুৰুষৰ নাম ।
চন্দ্ৰত অৱতৰণ সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হ'ব এইসকল লোকক । এই তালিকাখনত থকা লোকসকলৰ ভিতৰত ৪৩ বছৰীয়া ৰাজা জন ভুৰুপুটোৰ চাৰীয়েই হৈছে একমাত্ৰ ভাৰতীয় মূলৰ মাৰ্কিন নাগৰিক । ৰাজাই আমেৰিকা যুক্তৰাষ্ট্ৰ এয়াৰ ফ'ৰ্চ একাডেমী, এম আই টি আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ টেষ্ট পাইলট স্কুলৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰিছে । তেওঁক NASAই ২০১৭ চনৰ মহাকাশচাৰী প্ৰাৰ্থীৰ পাঠ্যক্ৰমৰ বাবে নিৰ্বাচিত কৰিছিল ।
২০১৭ চনৰ আগষ্ট মাহত তেওঁ মহাকাশচাৰীৰ প্ৰাথমিক প্ৰশিক্ষণ সমাপ্ত কৰে আৰু বৰ্তমান তেওঁ চন্দ্ৰ অভিযানৰ বাবে সম্পূৰ্ণ সাজু । বুধবাৰে ফ্ল'ৰিডাস্থিত NASAৰ কেনেডী স্পেচ চেণ্টাৰৰ উপাধ্যক্ষ মাইক পেন্সে কয় যে, 'মোৰ মাৰ্কিন বন্ধুসকল, মই আপোনালোকক ভৱিষ্যতৰ এগৰাকী নায়ক দিছো, যি আমাক চন্দ্ৰ আৰু তাতকৈও আগলৈ লৈ যাব' । লগতে তেওঁ কয় যে, 'এই কথা ভাবিয়েই আশ্চৰ্যকৰ অনুভৱ হয় যে, আৰ্টেমিছ জেনেৰেছন আমেৰিকাৰ মহাকাশ অন্বেষণৰ নায়ক । ৰাষ্ট্ৰীয় মহাকাশ পৰিষদৰ বৈঠকত পেন্সে ১৮ গৰাকী মহাকাশচাৰীৰ নাম ঘোষণা কৰে ।
বেছিসংখ্যক মহাকাশচাৰী ৩০-৪০ বছৰ বয়সৰ । আটাইতকৈ কম বয়সীয়া মহাকাশচাৰীগৰাকীৰ বয়স ৩২ বছৰ আৰু বেছি বয়সৰ মহাকাশচাৰীগৰাকীৰ বয়স ৫৫ বছৰ । সংস্থাটোৰ মডাৰ্ণ লুণাৰ এক্সপ্ল'ৰেছন প্ৰগ্ৰেমে ২০২৪ চনত চন্দ্ৰত প্ৰথমগৰাকী সাধাৰণ মহিলা আৰু সাধাৰণ পুৰুষক অৱতৰণ কৰাব ।
লগতে পঢ়ক:ইজিপ্টে লাভ কৰিলে চীনে প্ৰস্তুত কৰা COVID-১৯ৰ ভেকচিন