ETV Bharat / international

এইছ ১ বি ভিছা বাতিলঃ আমেৰিকাৰ ভিছা নীতিৰ পৰিৱৰ্তনৰ নিৰ্মোহ বিশ্লেষণ - আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প

২২ এপ্ৰিলত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ প্ৰশাসনে আন এক সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ সেই সিদ্ধান্ত অনুসৰি আমেৰিকাৰ সংস্থাপনৰ বজাৰখনত ভাবুকি সৃষ্টি কৰা প্ৰব্ৰজনকাৰীসকলৰ প্ৰৱেশ ৬০ দিনৰ বাবে নিষেধ কৰা হৈছিল ৷ এই নিৰ্দেশনাই এইচ ১ বি, এইচ ২ বি বা এল ভিছাক সাঙুৰি লোৱা নাছিল ৷

আমেৰিকাৰ ভিছা নীতিৰ পৰিৱৰ্তনৰ নিৰ্মোহ বিশ্লেষণ
এইছ ১ বি ভিছা বাতিল
author img

By

Published : Jun 26, 2020, 9:44 AM IST

নাগৰিকত্বৰ স্বীকৃতি দিয়াৰ বাবে ভিছা প্ৰদানৰ ক্ষেত্ৰত আমেৰিকাৰ পাঁচটা প্ৰকাৰ আছে - প্ৰাকৃতিকৰণ, স্থায়ী বসবাস (গ্ৰীণ কাৰ্ড), পৰিয়াল, শৰণাৰ্থী আৰু গ্ৰহণ ৷ এইচ ১ বি, এইচ ২ বি, জে আৰু এল ভিছাৰ জৰিয়তে দেশখনত অৰ্থনৈতিক, শৈক্ষিক আৰু সাংস্কৃতি ক্ষেত্ৰখনত কাম কৰিব অহা অপ্ৰব্ৰজনকাৰী লোকসকলৰ প্ৰৱেশ নিয়ন্ত্ৰণ কৰা হয় ৷ কিছু ব্যতিক্ৰম বাদ দি অপ্ৰব্ৰজনকাৰী লোকসকলৰ প্ৰৱেশ ২০২০ চনৰ ২৪ জুনৰ পৰা ৩১ ডিচেম্বৰলৈকে ট্ৰাম্প প্ৰশাসনে নিষিদ্ধ কৰিছে ৷

আমেৰিকাৰ ভিছা নীতিৰ পৰিৱৰ্তনৰ নিৰ্মোহ বিশ্লেষণ
এইছ ১ বি ভিছা বাতিল

১৯৯০ চনৰ ইমিগ্ৰেচন আইনৰ অধীনত এইচ ১ বি ভিছা প্ৰদান কৰা হয় ৷ ইয়াৰ জৰিয়তে আমেৰিকাৰ নিযুক্তিকাৰীসকলে সাময়িকভাৱে বিশ্ববিদ্যালয়ৰ নিৰ্দিষ্ট ডিগ্ৰী থকা লোকসকলক নিয়োগ কৰিব পাৰে ৷ সাধাৰণতে তিনিৰ পৰা ছয় বছৰলৈকে বৈধতা থকা এনেধৰণৰ ভিছাধাৰীসকলে চাকৰি কাল সম্পূৰ্ণ কৰাৰ পাছত আমেৰিকা ত্যাগ কৰিব নালাগে ৷ আনহাতে এইচ ২ বি ভিছা প্ৰদান কৰা হয় ভাৰতক বাদ দি ৮১খন নিৰ্দিষ্ট দেশৰ অনা-কৃষিৰ লগত জড়িত কৰ্মীসকলক ৷ তেওঁলোকৰ নিৰ্দিষ্ট কোনো ডিগ্ৰী নালাগে আৰু আমেৰিকান নিয়োগকৰ্তাৰ অস্থায়ী কামৰ বাবে ছয় মাহৰ পৰা এবৰলৈকে এই ভিছা প্ৰদান কৰা হয় ৷ জে ভিছা প্ৰদান কৰা হয় শৈক্ষিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত লোকসলক যাতে তেওঁলোকৰ গোলকীয় দৃষ্টিভংগীয়ে প্ৰসাৰ লাভ কৰে ৷ নিৰ্দিষ্ট পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকে নিজ নিজ দেশলৈ উভতিব লাগে ৷ এল ভিছা দিয়া হয় আমেৰিকাৰ বাহিৰত থকা কোম্পানীত কাম কৰা কাৰ্যবাহীসকলক ৷ তেওঁলোকক কোম্পানীসমূহে অস্থায়ী বা নিৰ্দিষ্ট কামৰ বাবে আমেৰিকালৈ পঠিয়ায় ৷

২২ এপ্ৰিলত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ প্ৰশাসনে আন এক সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ সেই সিদ্ধান্ত অনুসৰি আমেৰিকাৰ সংস্থাপনৰ বজাৰখনত ভাবুকি সৃষ্টি কৰা প্ৰব্ৰজনকাৰীসকলৰ প্ৰৱেশ ৬০ দিনৰ বাবে নিষেধ কৰা হৈছিল ৷ এই নিৰ্দেশনাই এইচ ১ বি, এইচ ২ বি বা এল ভিছাক সাঙুৰি লোৱা নাছিল ৷

২০২০ চনৰ নৱেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে অনা-প্ৰব্ৰজনকাৰী লোকৰ প্ৰৱেশৰ ক্ষেত্ৰত নিশেধাজ্ঞা অব্যাহত থাকিব ৷ অনাগত নিৰ্বাচনত স্বেতাংগ আমেৰিকানৰ ভোট লাভৰ উদ্দেশ্যে ট্ৰাম্পে গ্ৰহণ কৰা বিদেশী বিৰোধী নীতিৰ এয়া এক উদাহৰণ ৷

বিগত তিনি বছৰে ট্ৰাম্প প্ৰশাসনে প্ৰব্ৰজন বিৰোধী নীতি গ্ৰহণ কৰি আহিছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰই আফ্ৰকা আৰু মুছলমান প্ৰধান দেশসমূহৰ পৰা লোকৰ প্ৰৱেশ আমেৰিকাত নিষিদ্ধ কৰিছে আৰু দেশখনত আশ্ৰয় বিচৰাটো প্ৰায় অসম্ভৱপৰ কৰি তুলিছে ৷ দক্ষিণৰ পৰা প্ৰৱেশ কৰিব বিচৰা অবৈধ প্ৰব্ৰজনকাৰীসকলক বাধা দিয়াৰ বাবে আমেৰিকা-মেক্সিকো সীমান্তত এখন প্ৰাচীৰ নিৰ্মাণৰ বাবে ট্ৰাম্পে ব্যক্তিগতভাৱে আগ্ৰহ দেখুৱাইছে ৷ ইমিগ্ৰেছন নিয়ন্ত্ৰণৰ দায়িত্বত থকা চৰকাৰী সংস্থা ইউ এছ চিটিজেনশ্বিপ এণ্ড ইনফৰ্মেচন চাৰ্ভিছক মাৰ্চৰ পৰা বন্ধ ৰখা হৈছে ৷ যাৰ ফলত ইতিমধ্যে হোৱা ইমিগ্ৰেছনৰ ক্ষেত্ৰতো অচলাৱস্থাৰ সৃষ্টি হৈছে ৷

ক’ভিড-১৯ য়ে আমেৰিকাৰ সংস্থাপনৰক ক্ষেত্ৰত পেলোৱা নেতিবাচক প্ৰভাৱ হিচাপে এনে তকাতৈয়া সিদ্ধান্তক ধৰা হয় ৷ ২০২০ চনৰ ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত বিভিন্ন মূল খণ্ডত ২০ মিলিয়ন আমেৰিকান নাগৰিকে চাকৰি হেৰুৱাইছে ৷ এইসমূহ ক্ষেত্ৰত প্ৰব্ৰজনকাৰীসকলে মূলতঃ এইচ১ বি আৰু এল ভিছাৰ বাবে আবেদন কৰে ৷ ১৭ মিলিয়ন আমেৰিকান নাগৰিকে চাকৰি হেৰুৱাইছে আৰু সেইবোৰ আন দেশৰ পৰা অহা এইচ ২ বি নন-ইমিগ্ৰেণ্ট ভিছাধাৰীসকলৰ দ্বাৰা পূৰণ কৰিব বিচৰা হৈছে ৷

এই ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে আমেৰিকাৰ নাগৰিকৰ বাবে ৫২৫,০০০ তকৈ অধিক চাকৰিৰ ক্ষেত্ৰত সুৰক্ষা প্ৰদান কৰিব বুলি বহুতে ভাবে ৷ এই ক্ষেত্ৰত আমেৰিকাৰ নাগৰিকৰ লগতে কলেজ ডিগ্ৰী নথকা, অক্ষম বা সংখ্যালঘু আফ্ৰিকান আমেৰিকানসকলকো ২০২০ৰ বাকী সময়ছোৱাত সুৰক্ষা প্ৰদান কৰা হ’ব বুলি ধৰা হয় ৷ দেশখনৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ৰাজহুৱাভাৱে ঘোষণা কৰিছে, “আমেৰিকাৰ নাগৰিকসকলে আমাৰ দেশৰ অৰ্থনীতিৰ প্ৰটিতো খণ্ডৰ চাকৰিৰ বাবে বিদেশী নাগৰিকৰ বিৰুদ্ধে যুঁজ দিয়ক ৷ এই ক্ষেত্ৰত অস্থায়ী কাম কৰিবলৈ অহা লাখ লাখ বিদেশীৰ বিৰুদ্ধেও প্ৰতিযোগিতাতঅৱতীৰ্ণ হ’ব লাগিব ৷ অস্থায়ী কৰ্মীসকলৰ লগত তেওঁলোকৰ পত্নী আৰু সন্তানসকলো আহে আৰু তেওঁলোকে আমেৰিকান কৰ্মীসকলৰ প্ৰতি সংকট কঢ়িয়াই আনে ৷”

এইচ ২ বি ভিছা বাতিলৰ এই সিদ্ধান্তৰ পৰা খাদ্য যোগানধাৰী শ্ৰমিক বা আমেৰিকাৰ ৰাষ্ট্ৰীয় স্বাৰ্থত প্ৰয়োজন হোৱাসকলক ৰেহাই দিয়া হৈছে ৷ ৰাষ্ট্ৰীয় স্বাৰ্থৰ ভিতৰত পাঁচটা ভাগত ৰেহাই দিয়া হ’ব- প্ৰতিৰক্ষাৰ ক্ষেত্ৰত যিসকলক প্ৰয়োজন হয়, আইন ৰক্ষাকাৰী, কূটনীতি বা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত জড়িত, ক’ভিড-১৯ ৰ লগত জড়িত স্বাস্থ্য সেৱাৰ লগতে আমেৰিকাৰ তাৎক্ষণিক আৰু অবিৰত অৰ্থনৈতিক পুনৰুদ্ধাৰৰ বাবে যিসকলক প্ৰয়োজন বুলি ভবা হয় ৷ শেষৰ কেটেগৰীটোৰ জৰিয়তে আমেৰিকান কোম্পানীসমূহে ৰাজনৈতিক প্ৰভাৱ খটুৱাই কমসংখ্যক এইচট ১ বি আৰু এল ভিছা ২০২০ চনৰ বাকী সময়ছোৱাত ট্ৰাম্প প্ৰশাসনৰ পৰা আদায় কৰাৰ সম্ভাৱনা আছে ৷

এনেধৰণৰ সিদ্ধান্তৰ প্ৰভাৱ ভাৰততো স্পষ্টভাৱে পৰিব ৷ আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰতি বছৰে ৮৫ হাজাৰ এইচ ১ বি ভিছা প্ৰদান কৰে ৷ ইয়াৰে তিনিভাগেই ভাৰতীয় লোককে দিয়া হয় ৷ তেওএঁলোক প্ৰধানতঃ প্ৰযুক্তি খণ্ডৰ লগত জড়িত প্ৰতিষ্ঠানত কাম কৰে ৷ ২০০৪ ৰ পৰা ২০১২ চনৰ তথ্য চালে দেখা যায় যে এই সময়ছোৱাত ৫০০,০০০ ভিছা ভাৰতীয় নাগৰিকক দিয়া হৈছে ৷ তেওঁলোকৰ পৰিয়ালকে ধৰি এইসকল ভাৰতীয় নাগৰিকৰ সংখ্যা প্ৰায় তিনি মিলিয়ন আমেৰিকান-ভাৰতীয় সমাজৰ ৭৫০,০০০ জনতকৈ অধিক ৷ এই সমাজখন আমেৰিকাৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰখনত ক্ৰমশঃ শক্তিশালী হৈ আহিছে ৷

এইচ ১ বি ভিছাৰ পৰা লাভান্বিত হোৱা ভাৰতীয় তথ্য প্ৰযুক্তিৰ কোম্পানীসমূহৰ ভিতৰত আছে- টাটা কনছালটেন্সী চাৰ্ভিছ, টেক মহিন্দ্ৰা, এইচ চি এল টেকন’লজী লিমিটেড আৰু লাৰ্ছেন এণ্ড টুব্ৰো ইনফ’টেক ৷ ২০১৭ চনৰ পৰা ১৭.৯ বিলিয়ন ডলাৰ আমেৰিকাত বিনিয়োগ কৰা এশটা কোম্পানীৰ ভিতৰত এই কোম্পানীসমূহো আছে ৷ ইয়াৰ জৰিয়তে দেশখনৰ ৫০খন ৰাজ্যতে ১১৩,০০০ চাকৰিৰ সৃষ্টি হৈছে ৷

আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে সামগ্ৰী আৰু সেৱাৰ বাণিজ্যৰ ক্ষেত্ৰত ভাৰতৰ সৰ্ববৃহৎ অংশীদাৰ ৷ এইচ ১ বি ভিছাধাৰী দক্ষ কৰ্মীসকল ভাৰতৰ পৰা আমেৰিকাত থকা ভাৰতীয় কোম্পনীসমূহত যাবলৈ নোৱৰাৰ ফলত আমেৰিকাৰ অৰ্থনীতিৰ প্ৰযুক্তি, একাউন্টিং আৰু উৎপাদন খণ্ডত প্ৰভাৱ পৰিব ৷ কভিড-১৯ এ সৃষ্টি কৰা অৰ্থনৈতিক দুৰৱস্থাৰ পৰা উদ্ধাৰ হোৱাৰ বাবে আমেৰিকাই লোৱা যিকোনো পদক্ষেপৰ ক্ষেত্ৰতে এই খণ্ডসমূহে গুৰুত্বপূৰ্ণ ঊমিকা পালন কৰে ৷ নন-ইমিগ্ৰেণ্ট ভিছা থকা লোকসকলক আমেৰিকাত সেৱা আগবঢ়োৱাত বাধা দিয়াৰ বাবে আমেৰিকা যুক্তকৰাষ্ট্ৰৰ সিদ্ধান্তই আমেৰিকা-ভাৰতৰ মিত্ৰতাৰ অংশস্বৰূপ বহু সম্ভাৱনাপূৰ্ণ আৰু লাভজনক ক্ষেত্ৰত প্ৰভাৱ পেলাব ৷

-অশোক মুখাৰ্জী, ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰাক্তন স্থায়ী প্ৰতিনিধি, ৱাশ্বিংটন ডিচিস্থিত দূতাবাসৰ প্ৰাক্তন ভাৰতীয় ৰাষ্ট্ৰদূত ৷

লগতে পঢ়ক : আগন্তুক ৩ দিনলৈ উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.