ETV Bharat / international

COVID-১৯ঃ বিশ্বৰ ভিন্ন প্ৰান্তৰ শেহতীয়া তথ্য

author img

By

Published : Dec 9, 2020, 7:36 PM IST

চীনৰ য়ুহানত উৎপত্তি হোৱা COVID-১৯ মহামাৰীয়ে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে । বিশ্বজুৰি ৬,৮৫,৬৮,৬৭৮ জনৰো অধিক লোক মহামাৰীৰ কবলত পৰিছে । COVID-১৯ত আক্ৰান্ত হৈ ১৫,৬৩,১৩২ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে ।

COVID-১৯ঃ বিশ্বৰ ভিন্ন প্ৰান্তৰ শেহতীয়া তথ্য
COVID-১৯ঃ বিশ্বৰ ভিন্ন প্ৰান্তৰ শেহতীয়া তথ্য

ইণ্টাৰনেশ্যনেল ডেস্ক, ৯ ডিচেম্বৰ : সমগ্ৰ বিশ্বতে অব্যাহত আছে কৰ'ণা মহামাৰীৰ সংহাৰ । এতিয়ালৈকে বিশ্বত ৬,৮৫,৬৮,৬৭৮ জনৰো অধিক লোক মহামাৰীত আক্ৰান্ত হৈছে । কালৰূপী COVID-১৯ৰে যুঁজি মৃত্যুক আঁকোৱালি লৈছে ১৫,৬৩,১৩২ জনৰো অধিক লোকে । আনহাতে বিশ্বজুৰি ৪,৭৪,৬২,৮০১ জন লোক আৰোগ্য হৈ উঠিছে ।

বিশ্বৰ ভিন্ন দেশৰ ভিতৰত ১,৫৫,৯১,৭০৯ জন আক্ৰান্ত আৰু ২,৯৩,৩৯৮ জনৰ মৃত্যুৰে সৰ্বাধিক সংক্ৰমণ হোৱা দেশৰ তালিকাৰ শীৰ্ষ স্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ । মাত্ৰ এটা দিনত আমেৰিকাত ২,২০০ জনৰো অধিক লোকে COVID-১৯ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে । নতুন বছৰ, বৰদিনৰ সময়ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । আন দেশত চলি থকা ভেকচিনৰ পৰীক্ষণৰ ফলাফল পৰ্যবেক্ষণৰ পিছত দক্ষিণ কোৰিয়াই সম্প্ৰতি টীকাকৰণ অভিযান আৰম্ভ কৰাৰ যো-জা কৰিছে ।

বুধবাৰে এই কথা প্ৰকাশ কৰে দেশখনৰ প্ৰধানমন্ত্ৰী চুং ছে কিয়ুই । ম'ল'ড'ভাৰ প্ৰধানমন্ত্ৰী ইঅন চিছু শেহতীয়াকৈ COVID-১৯ত আক্ৰান্ত হৈছে যদিও আইছ'লেছনত থকাৰ পৰাই তেওঁ নিজৰ কৰ্তব্য পালন কৰিব বুলি প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:ক'ভিড-19 ৰ প্ৰতিষেধকৰ বুজ ল'বলৈ হায়দৰাবাদত 64 দেশৰ দূত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.