ETV Bharat / international

গ্ল'ৱেল COVID-19 ট্ৰেকাৰ

author img

By

Published : May 12, 2020, 1:24 PM IST

বিশ্বজুৰি কৰ'ণা ভাইৰাছে 42,55,942 লোকক আক্ৰান্ত কৰাৰ লগতে প্ৰাণ কাঢ়ি নিছে 2,87,332 লোকৰ ৷ আনহাতে, প্ৰায় 15,27,496 লোক আৰোগ্য হৈ উঠিছে বুলি তথ্যত প্ৰকাশ ৷

কৰ'ণা ভাইৰাছ
গ্ল'ৱেল COVID-19 ট্ৰেকাৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 8 মে' : বিশ্বজুৰি কৰ'ণা ভাইৰাছে 42,55,942 লোকক আক্ৰান্ত কৰাৰ লগতে প্ৰাণ কাঢ়ি নিছে 2,87,332 লোকৰ ৷ আনহাতে, প্ৰায় 15,27,496 লোক আৰোগ্য হৈ উঠিছে বুলি তথ্যত প্ৰকাশ ৷

কৰ'ণা ভাইৰাছ
গ্ল'ৱেল COVID-19 ট্ৰেকাৰ

মঙলবাৰে চীনে প্ৰদান কৰা তথ্য অনুসৰি, দেশখনত যোৱা 24 ঘন্টাত কেৱল এজন লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ সেয়েহে চীনৰ চৰকাৰে দেশৰ জনসাধাৰণক সতৰ্ক কৰি দিয়াৰ লগতে নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ আহ্বান জনাইছে ৷

দক্ষিণ কোৰিয়াই প্ৰদান কৰা তথ্য অনুসৰি দেশখনত যোৱা 24 ঘন্টাত নতুনকৈ আক্ৰান্ত হৈছে 27 জন ৷ নাইট ক্লাবত অংশগ্ৰহণ কৰা প্ৰায় 12 জন লোক আক্ৰান্ত হোৱাৰ ফলত ৰাজধানী ছিউলৰ হাজাৰ লোকক কৰ'ণা ভাইৰাছ পৰীক্ষণ চলোৱা হৈছে ৷ দেশখনত বৰ্তমানলৈকে 10,936 লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 258 জনৰ ৷

আনহাতে, আমেৰিকাত আক্ৰান্তৰ সংখ্যা 13,85,834 জন আৰু মৃত্যু হোৱা লোকৰ সংখ্য়া 81,795 জন ৷ স্পেইনত আক্ৰান্ত 2,68,143 জন আৰু মৃত্যু 26,744 জন, ইটালীত আক্ৰান্ত 2,19,814 জন আৰু মৃত্যু 30,739 জন, ব্ৰিটেইনত আক্ৰান্ত 2,23,060 জন আৰু মৃত্যু 32,065 জন, ৰাছিয়াত আক্ৰান্ত হৈছে 2,21,344 জন আৰু মৃত্যুৰ সংখ্যা 2,009 জন, ফ্ৰান্সত আক্ৰান্ত 1,77,423 জন আৰু মৃত্যু হৈছে 26,643 জনৰ ৷

ভাৰতবৰ্ষত মঙলবাৰৰ পুৱা পৰ্যন্ত আক্ৰান্তৰ সংখ্যা 70,756 জন হোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা 2,293 জন ৷ আনহাতে, আৰোগ্য হৈ উঠিছে 22,455 জন লোক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.