ইন্টাৰনেশ্যনেল ডেস্ক, 3 জুলাই : মিয়ামি আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত এগৰাকী মহিলাক প্ৰহাৰ কৰি নিলম্বনৰ সন্মুখীন হ'বলগা হ'ল ফ্লৰিডাৰ এগৰাকী আৰক্ষী বিষয়া ৷ বিমানবন্দৰতে মহিলাগৰাকীয়ে তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হোৱাৰ পাচতে মিয়ামি-ডাদে আৰক্ষী বিষয়াগৰাকীয়ে আক্ৰমণ কৰে ৷ সমগ্ৰ দৃশ্য এক কেমেৰাত বন্দী হৈ পৰে ৷
দক্ষিণ ফ্লৰিডাৰ ছবি নিৰ্মাতা বিলী কৰবেনে টুইটাৰৰ জৰিয়তে শ্বেয়াৰ কৰা ভিডিঅ' অনুসৰি, এগৰাকী কৃষ্ণাংগ মহিলাৰ সৈতে বিমানবন্দৰৰ ভিতৰত আৰক্ষী বিষয়াগৰাকীয়ে বাৰ্তালাপ কৰে ৷ মাস্ক পৰিধান নকৰা মহিলাগৰাকীয়ে আৰক্ষী বিষয়াগৰাকীক উভতি ধৰি কয়, "শ্বেতাংগৰ দৰে আপুনি অভিনয় কৰিলেও প্ৰকৃতাৰ্থত আপুনি কৃষ্ণাংগহে.. আপুনি কি কৰিব পাৰিব ?"
ইয়াৰ পাচতে তেওঁ আৰক্ষী বিষয়াগৰাকীৰ মুখৰ আগত আহি থিয় হয় ৷ আৰক্ষী বিষয়াগৰাকীয়ে খঙত টিঙিৰ তুলা হৈ মহিলাগৰাকীক এটা চৰ শোধায় ৷ সমগ্ৰ ঘটনাৰ পাচতে উপস্থিত অন্য আৰক্ষী বিষয়াসকলে মহিলাগৰাকীক হেণ্ডকাফ লগোৱাৰ সময়তে আক্ৰমণ কৰা আৰক্ষীজনে কয়, "মহিলাগৰাকীয়ে মোৰ মুখত আঘাত কৰিছে ৷"
মিয়ামি হেৰাল্ডে প্ৰদান কৰা তথ্য অনুসৰি, বিমান পলম হোৱা বাবে মহিলাগৰাকীয়ে অভিযোগ কৰিছিল আৰু এজন টিকেট এজেন্টে আৰক্ষীক খবৰ দিছিল ৷ ইয়াৰ পাচতে আৰক্ষী বিষয়াজন উপস্থিত হৈ মহিলাগৰাকীৰ সৈতে বাৰ্তালাপ কৰিছিল ৷ কিন্তু মহিলাগৰাকীয়ে তেওঁৰ ওপৰতো চিঞৰিবলৈ আৰম্ভ কৰাৰ পাচতে এই ঘটনা সংঘটিত হয় ৷
লগতে পঢ়ক : তেলেংগানাত বিগত ২৪ ঘণ্টাত ১,২১৩ গৰাকী দেহত মহামাৰী কৰ'ণা