ETV Bharat / international

কানাডাত পথ দুৰ্ঘটনাত পাঁচগৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু

author img

By

Published : Mar 14, 2022, 12:00 PM IST

কানাডাত এক পথ দুৰ্ঘটনা (Road accident in Canada) ত প্ৰাণ হেৰুৱাইছে পাঁচগৰাকী ভাৰতীয় ছাত্ৰই (Five Indian students killed in road mishap in Canada) ৷ সোমবাৰে ভাৰতীয় উচ্চায়ুক্ত অজয় বিছাৰিয়াই সদৰী কৰা অনুসৰি, আহত আন দুগৰাকী ছাত্ৰক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

Five Indian students killed in road mishap in Canada
পাঁচগৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু

ইণ্টাৰনেশ্যনেল ডেস্ক, 14 মাৰ্চ : কানাডাৰ অণ্টাৰিঅ’ত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা (Road accident in Canada) ৷ য’ত প্ৰাণ হেৰুৱাইছে পাঁচগৰাকী ভাৰতীয় ছাত্ৰই (Five Indian students killed in road mishap in Canada) ৷ সোমবাৰে ভাৰতীয় উচ্চায়ুক্ত অজয় বিছাৰিয়াই সদৰী কৰা অনুসৰি, আহত আন দুগৰাকী ছাত্ৰক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

দুৰ্ঘটনাটো শনিবাৰে অণ্টাৰিঅ'ৰ ঘাইপথত সংঘটিত হৈছিল ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে আহত দুজন ছাত্ৰক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় ৷ টুইটাৰযোগে অজয় বিছাৰিয়াই ভুক্তভোগীৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

Quinte West Ontario Provincial Police (অ'পিপি) ৰ মতে, মৃত ছাত্ৰসকলক ক্ৰমে হৰপ্ৰীত সিং, যশপিন্দৰ সিং, কৰণপাল সিং, মোহিত চৌহান আৰু পৱন কুমাৰ বুলি চিনাক্ত কৰা হৈছে । তেওঁলোকে শনিবাৰে পুৱতি নিশা ৪০১ নং ঘাইপথৰে এখন যাত্ৰীবাহী ভানত যাত্ৰা কৰি থকাৰ সময়তে এনে হৃদয় বিদাৰক ঘটনাটো সংঘটিত হয় ৷

স্থানীয় সময় অনুসৰি, পুৱতি নিশা প্ৰায় ৩.৪৫ বজাত ট্ৰেক্টৰ-ট্ৰেইলাৰৰ সৈতে ছাত্ৰসকলে ভ্ৰমণ কৰা বাহনখনৰ সংঘৰ্ষ হৈছিল । বৰ্তমান দুৰ্ঘটনাটোৰ তদন্ত চলি থকাৰ বিপৰীতে এই সন্দৰ্ভত কোনো ধৰণৰ অভিযোগ লাভ কৰা নাই বুলি আৰক্ষী সূত্ৰই সদৰী কৰিছে ৷

লগতে চাওক: Barack Obama tests positive for COVID-19 : আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ দেহত ক’ভিড 19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.