ইন্টাৰনেশ্যনেল ডেস্ক, 19 মে': Global wearable brand ফিটবিটে ঘোষণা কৰিছে যে, কোম্পানীটোৱে কৰ'ণা ভাইৰাছ ৰোগীৰ চিকিৎসাৰ বাবে প্ৰস্তুত কৰি উলিয়াব তৎকালীন ভেন্টিলেটৰ ৷
*CNBC ৰ সৈতে এক বাৰ্তালাপত ফিটবিটৰ ৰ মুখ্য কাৰ্যবাহী বিষয়া জেমছ পাৰ্কে কয় যে, COVID-19 ৰোগীৰ চিকিৎসাৰ বাবে এই ভেন্টিলেটৰ সমূহ প্ৰস্তুত কৰি উলিওৱাৰ লগতে চিকিৎসাৰ উপকৰণ সমূহ যোগানত সহায় কৰিব ৷
*অহা কিছুদিনৰ ভিতৰত কোম্পানীয়ে তেওঁলোকৰ প্ৰযুক্তিবিদ্যা US Food and Drug Administration (USFDA) ক প্ৰদান কৰিব বুলি মন্তব্য কৰে পাৰ্কে ৷
তেওঁৰ মতে, মাচাছুচেটৰ General Brigham আৰু Oregon Health And Science University (OHSU) আৰু অন্য স্থানৰ চিকিৎসকৰ সৈতে পৰামৰ্শ গ্ৰহণ কৰি ফিটবিটে ভেন্টিলেটৰ প্ৰস্তুত সম্পৰ্কত কাম আৰম্ভ কৰিছে ৷ CNBC ক পাৰ্কে কয় যে, যিহেতু ভেন্টিলেটৰৰ বহু অভাৱ পৰিলক্ষিত হৈছে সেয়েহে ইয়াৰ প্ৰস্তুতিৰ কথা চিন্তা কৰা হৈছে ৷
*অতি কম খৰছতে তৎকালীন আৰু উন্নত ভেন্টিলেটৰ প্ৰস্তুত কৰাৰ লক্ষ্য লৈছে পাৰ্কে ৷
*GM, Ford, Tesla আৰু বহুকেইটা কোম্পানীয়ে ইতিমধ্যে ভেন্টিলেটৰ প্ৰস্তুত কৰাত অৰিহনা যোগাইছে ৷