ETV Bharat / international

আমেৰিকাত ভাৰতীয় যুৱকৰ হত্যাকাৰীক গ্ৰেপ্তাৰ FBI ৰ

আমেৰিকাত ভাৰতীয় যুৱকৰ হত্যাকাৰীক গ্ৰেপ্তাৰ FBI ৰ ৷ 7 বছৰ পূৰ্বে হত্যা কৰা হৈছিল মনপ্ৰীট সিঙক ৷ গুলীয়াই হত্যা কৰা অপৰাধী ছিয়ান ডনহোক গ্ৰেপ্তাৰ ৷

7 বছৰ পূৰ্বে হত্যা কৰা হৈছিল মনপ্ৰীত সিঙক
আমেৰিকাত ভাৰতীয় যুৱকৰ হত্যাকাৰীক গ্ৰেপ্তাৰ FBI ৰ
author img

By

Published : May 13, 2020, 10:59 AM IST

নেশ্যনেল ডেস্ক, 13 মে' : লাছ ভেগাছ মেট্ৰপলিটান আৰক্ষী বিভাগৰ সহযোগত ফেডাৰেল ব্যুৰ' অৱ ইনভেষ্টিগেছনে (FBI) 27 বছৰীয়া এজন ভাৰতীয় নাগৰিকক হত্যা কৰাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ মঙলবাৰে এজন বিষয়াই জানিবলৈ দিয়া অনুসৰি, 7 বছৰ পূৰ্বে হত্যা কৰা হৈছিল ভাৰতীয় যুৱকজনক ৷

কেলিফৰ্নিয়াৰ দক্ষিণ লেক তাহোৰ এক গেছ ষ্টেছনত কৰ্মৰত আছিল পাঞ্জাৱৰ ফতেহগড় ছাহিব চহৰৰ মাজৰি কৃষ্ণেৱালী গাঁৱৰ মনপ্ৰীট ঘুমান সিং নামৰ লোকজন ৷ 2013 চনৰ 6 আগষ্টত অচিনাক্ত দূৰ্বৃত্তই কৰ্মৰত অৱস্থাতে তেওঁক গুলীয়াই হত্যা কৰিছিল ৷

বছৰজোৰা তদন্তৰ অন্তত FBI আৰু আৰক্ষীয়ে মঙলবাৰে 34 বৰ্ষীয় ছিয়ান ডনহোক গ্ৰেপ্তাৰ কৰে ৷ এক বিবৃতিত ছাউথ লেক তাহোৰ আৰক্ষী বিভাগে জনাইছিল যে, মাস্ক পৰিধান কৰা এজন অচিনাক্ত দূৰ্বৃত্তই আমেৰিকা গেছ'লিন ষ্টেছনত মনপ্ৰীত সিঙক গুলীয়াই হত্যা কৰে ৷ ইয়াৰ পাচতে দূৰ্বৃত্তই পলাই সাৰিবলৈ সক্ষম হয় ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.