ETV Bharat / international

শান্তিপূৰ্ণ প্ৰদৰ্শনৰ অধিকাৰ আছে ভাৰতীয় কৃষকৰঃ এন্টনিঅ’ গুটেৰাৰৰ মুখপাত্ৰ

author img

By

Published : Dec 5, 2020, 2:24 PM IST

শুকুৰবাৰে ভাৰতত কৃষি বিধেয়ক, 2020ৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নত ৰাষ্ট্ৰসংঘৰ মহাসচিব এন্টনিঅ’ গুটেৰাৰৰ মুখপাত্ৰ ষ্ট্ৰীফেন ডুজাৰিকে কয়, "আমি সকলো লোকেই নিজৰ অধিকাৰৰ বাবে কথা কোৱাটো বিচাৰো ৷ সকলো লোকৰে শান্তিপূৰ্ণ প্ৰদৰ্শনৰ অধিকাৰ আছে আৰু এইক্ষেত্ৰত প্ৰশাসনে তেওঁলোক অনুমতি প্ৰদান কৰাটো উচিত ৷"

Farmers in India have right to demonstrate peacefully: Guterres spokesperson
শান্তিপূৰ্ণ প্ৰদৰ্শনৰ অধিকাৰ আছে ভাৰতীয় কৃষকৰঃ এন্টনিঅ’ গুটেৰাৰৰ মুখপাত্ৰ

ইন্টাৰনেশ্যনেল ডেস্ক,5 ডিচেম্বৰঃ ভাৰতীয় কৃষকসকলৰ শান্তিপূৰ্ণ প্ৰদৰ্শনৰ অধিকাৰ আছে আৰু এই ক্ষেত্ৰত প্ৰশাসনে তেওঁলোকক অনুমতি প্ৰদান কৰিব লাগে ৷ এই মন্তব্য ৰাষ্ট্ৰসংঘৰ মহাসচিব এন্টনিঅ’ গুটেৰাৰৰ মুখপাত্ৰ ষ্ট্ৰীফেন ডুজাৰিকৰ ৷

শুকুৰবাৰে ভাৰতত কৃষি বিধেয়ক, 2020ৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নত তেখেতে কয়, "আমি সকলো লোকেই নিজৰ অধিকাৰৰ বাবে কথা কোৱাটো বিচাৰো ৷ সকলো লোকৰে শান্তিপূৰ্ণ প্ৰদৰ্শনৰ অধিকাৰ আছে আৰু এইক্ষেত্ৰত প্ৰশাসনে তেওঁলোক অনুমতি প্ৰদান কৰাটো উচিত ৷"

উল্লেখ্য যে, বিগত 9 দিনে দিল্লী হাৰিয়ানা আৰু দিল্লী উত্তৰ প্ৰদেশ সীমান্তত কৃষি বিধেয়কৰ বিৰুদ্ধে কৃষকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ এই সন্দৰ্ভত কেন্দ্ৰীয় নেতৃত্বৰে শনিবাৰে পঞ্চম স্তৰৰ বৈঠকত মিলিত হ’ব কৃষকসকল ৷ ইয়াৰ পূৰ্বে 3 ডিচেম্বৰত কেন্দ্ৰৰে চতুৰ্থ স্তৰৰ বৈঠকত মিলিত হৈছিল কৃষকসকল ৷ এই বৈঠকত বিধেয়কখনত কিছুক্ষেত্ৰত সালসলনি কৰাৰ বাবে চৰকাৰক দাবী উত্থাপন কৰিছিল প্ৰতিবাদকাৰী কৃষকসকলে ৷

লগতে পঢ়ক-আজি দিল্লীত কৃষকৰ সৈতে পঞ্চম স্তৰৰ বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.