ETV Bharat / international

দৌগ এমহফ : কমলাৰ হাইপ-মেন - দৌগ এমহফ

সংযুক্ত ৰাষ্ট্ৰৰ প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ভাৰতীয় মূলৰ কমলা হেৰিছে ৷ হেৰিছক উচ্ছাহিত কৰি প্ৰতিবন্ধকতা ভাঙি আগুৱাই যোৱাত বিশেষ ভূমিকা স্বামী দৌগ এমহফৰ ৷ পত্নী কমলাৰ সফলতাৰ লগে লগে ৰাইজৰ দৃষ্টি নিবদ্ধ সংযুক্ত ৰাষ্ট্ৰৰ প্ৰথমগৰাকী দ্বিতীয় ভদ্ৰলোক হোৱাৰ গৌৰৱ অৰ্জন কৰা প্ৰথমগৰাকী ইহুদি ব্যক্তি দৌগ এমহফৰ ওপৰত ৷

কমলা হেৰিছ আৰু স্বামী দৌগ এমহফ
কমলা হেৰিছ আৰু স্বামী দৌগ এমহফ
author img

By

Published : Jan 18, 2021, 5:55 PM IST

নেচনেল ডেস্ক, 18 জানুৱাৰী : 2020 চনৰ ডিচেম্বৰ মাহত এখন আলোচনীয়ে আমেৰিকাৰ প্ৰথমগৰাকী তথা দ্বিতীয় ভদ্ৰলোক দৌগ এমহফক সকলো মহিলাই নিজৰ সংগীৰ মাজত পাব লগা এগৰাকী 'হাইপ-মেন' হিচাপে অভিহিত কৰিছিল ৷ প্ৰতিবন্ধকতা ভাঙি পত্নীয়ে আগুৱাই যোৱা যাত্ৰাৰ কথা তেওঁ যি উছাহ বৰ্ণনা কৰে , সেই কথাৰ আলম লৈয়ে আলোচনী খনে সংযুক্ত ৰাষ্ট্ৰৰ প্ৰথম গৰাকী দ্বিতীয় ভদ্ৰলোকক হাইপ-মেন (প্ৰচাৰ কৰা ব্যক্তি) হিচাপে অভিহিত কৰে ৷ সকলোৱে একেমুখে এই কথা মানি লৈছে যে তেওঁৰ নতুন ভূমিকাত এমহফ এগৰাকী প্ৰতিবন্ধক ভাঙোতা হিচাপে ৰৈ যাব ৷

আমেৰিকাৰ প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা উপ ৰাষ্ট্ৰপতি হিচাপে ভাৰতীয় মূলৰ কমলা হেৰিছৰ নাম লোৱাৰ সময়ত সংযুক্ত ৰাষ্ট্ৰৰ সদ্য নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেনেও এই কথাষাৰত বিশেষভাৱে আলোকপাত কৰিছিল যে এমহফ আমেৰিকাবাসীয়ে চিনি পোৱা প্ৰথমগৰাকী দ্বিতীয় ভদ্ৰলোক হ'ব ৷

কিন্তু এই বিশেষ কথাষাৰৰ বাহিৰেও অন্য বহু এনে বিষয় আছে যিসমূহৰ জড়িয়তে এই কথা স্পষ্ট হৈ পৰে যে ৰাজহুৱা ক্ষেত্ৰত এক ভাল সম্পৰ্ক বজাই ৰাখিব পৰাকৈ এমহফৰ হেৰিছৰ সৈতে যথেষ্ট বুজাপৰা আছে ৷ ৰাজহুৱা ক্ষেত্ৰত এমহফৰ কিছুমান কামে এই কথা প্ৰমাণ কৰে ৷ যেনে, 2020 চনৰ নৱেম্বৰ মাহত সামাজিক মাধ্যমত দুখন পতাকাৰ সৈতে পত্নী আৰু তেওঁৰ ফটো সম্বলিত এক পোষ্ট কৰি এমহফে কৈছিল যে পত্নীক লৈ তেওঁ গৌৰাম্বিত ৷

বহুতেই এই কাৰ্যক জন সম্পৰ্ক বৰ্তাই ৰখাৰ কৌশল হিচাপে অভিহিত কৰিব খুজা পৰিলক্ষিত হৈছে কিয়নো বিগত চাৰি বছৰত ৰাজহুৱাভাৱে দুয়োগৰাকীৰ মাজত এনে সম্পৰ্ক কাৎচিৎহে দেখিবলৈ পোৱা গৈছিল ৷ সেয়ে বহুতেই এতিয়া ক’ব খুজিছে যে অনাগত চাৰি বছৰত এনেধৰণৰ বহুতো পোষ্ট সকলোৱে দেখিবলৈ পাব ৷

উল্লেখ্য যে সংযুক্ত ৰাষ্ট্ৰৰ প্ৰথম গৰাকী দ্বিতীয় ভদ্ৰলোক হোৱাৰ গৌৰৱ অৰ্জন কৰা এমহফ হ'ব প্ৰথম গৰাকী ইহুদি ব্যক্তি ৷ বৰ্তমানলৈকে উপলব্ধ দৃষ্টান্ত সমূহৰ পৰা এই কথাও স্পষ্ট হৈ পৰিছে যে হেৰিছক উৎসাহ দিওঁতাসকলৰ ভিতৰত এমহফ সদায়েই শীৰ্ষত থাকিব লগতে "কমলা হেৰিছৰ গৌৰাম্বিত স্বামী" হ'ব এমহফৰ এস্কেলেটৰ পিট্চ ৷

লগতে পঢ়ক:২০ জানুৱাৰীৰ অনুষ্ঠানৰ সুৰক্ষা পৰিকল্পনাৰ বিষয়ে বাইডেনক জনালে FBIয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.