ইণ্টাৰনেশ্যনেল ডেস্ক, ১৮ জানুৱাৰী : মাৰ্কিন কেপিট'ল হিল আক্ৰমণৰ ঘটনাৰ পিছত ৱাছিংটনলৈ উভতি আহি অধ্যক্ষা নেন্সী পেলেছিৰ মেজত পতাকা প্ৰদৰ্শন কৰাৰ সংকল্প লোৱা মেক্সিকোৰ অ'টেৰ'ৰ আয়ুক্ত কৌয় গ্ৰিফিনক গ্ৰেপ্তাৰ কৰিলে এফ বি আইয়ে । ড'নাল্ড ট্ৰাম্পৰ সমৰ্থকক লৈ এটা গোটো খুলিছিল গ্ৰিফিনে । পিছত কেপিট'ল হিলত অবৈধভাৱে প্ৰৱেশ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হয় ।
গ্ৰিফিনৰ ব্যক্তিগত ফেচবুক একাউণ্টত শ্বেয়াৰ কৰা এটা ভিডিঅ'ত দেখা গৈছে যে, তেওঁ কেপিট'ল হিলৰ সাধাৰণ ৰাইজৰ বাবে নিষিদ্ধ কৰি থোৱা স্থানত প্ৰৱেশ কৰিছে । বৃহস্পতিবাৰে গ্ৰিফিনে কয় যে, তেওঁ জ' বাইডেনৰ শপত গ্ৰহণৰ দিনা তেওঁ মাৰণাস্ত্ৰ লৈ ৱাছিংটন ডিচিলৈ যোৱাৰ পৰিকল্পনা কৰিছে । তেওঁ কয় যে, তেওঁ নিজৰ দেশৰ বাবে ৰাইজৰ স্বাধীনতাৰ বাবে এই কাৰ্য কৰিব । অ'টেৰ'ৰ আয়ুক্তৰ বৈঠকত তেওঁ কয় যে, তেওঁ এটা .৩৫৭ ৰাইফল আৰু এটা .৩৫৭ ছিংগল এক্সন ৰিভলভাৰ লাভ কৰিছে আৰু এই অস্ত্ৰ তেওঁ নিজৰ বাহনত থৈ দিব ।
লগতে পঢ়ক:দৌগ এমহফ : কমলাৰ হাইপ-মেন