ETV Bharat / international

আমেৰিকাত ক’ভিড-19ৰ ভেকচিন অনিবাৰ্য নহয়ঃ জ’ বাইডেন

author img

By

Published : Dec 5, 2020, 2:09 PM IST

ডেলাৱেৰৰ উইলমিংটনত সাংবাদিকৰে হোৱা মত বিনিময় অনুষ্ঠানত ক’ভিড 19ৰ ভেকচিন বাধ্যতামূলক নে বুলি কৰা সাংবাদকৰ এক প্ৰশ্নত ৰাষ্ট্ৰপতি বাইডেনে কয়, ‘মই নাভাবো যে ক’ভিড 19ৰ ভেকচিন সকলোৰে বাবে অনিবাৰ্য ৷ মই ইয়াক অনিবাৰ্য কৰাৰ বাবে দাবী উত্থাপন নকৰো, যেনেদৰে মই নাভাৱো যে দেশজুৰি মাস্ক পৰিধান কৰাটো অনিবাৰ্য ৷ কিন্তু মই মোৰ ক্ষমতা অনুসৰি সকলো কৰি যাম ৷’

COVID-19 vaccine will not be mandatory: Joe Biden
আমেৰিকাত ক’ভিড 19ৰ ভেকচিন অনিবাৰ্য নহয়ঃ জ’ বাইডেন

ইন্টাৰনেশ্যনেল ডেস্ক,5 ডিচেম্বৰঃ নৱ নিৰ্বাচিত মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে শুকুৰবাৰে কয় যে, কৰ’ণা ভাইৰাছৰ ভেকচিন গ্ৰহণৰ বাবে জোৰ প্ৰদান কৰা নহয় আমেৰিকান সকলক ৷ ইয়াৰ বিপৰীতে দক্ষতা আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকাত ৰাজহুৱাকৈ প্ৰদান কৰা হ’ব ক’ভিড 19ৰ ভেকচিন ৷

ডেলাৱেৰৰ উইলমিংটনত সাংবাদিকৰে হোৱা মত বিনিময় অনুষ্ঠানত ক’ভিড 19ৰ ভেকচিন বাধ্যতামূলক নে বুলি কৰা সাংবাদিকৰ এক প্ৰশ্নত ৰাষ্ট্ৰপতি বাইডেনে কয়, ‘মই নাভাবো যে ক’ভিড 19ৰ ভেকচিন সকলোৰে বাবে অনিবাৰ্য ৷ মই ইয়াক অনিবাৰ্য কৰাৰ বাবে দাবী উত্থাপন নকৰো, যেনেদৰে মই নাভাৱো যে দেশজুৰি মাস্ক পৰিধান কৰাটো অনিবাৰ্য ৷ কিন্তু মই মোৰ ক্ষমতা অনুসৰি সকলো কৰি যাম ৷’

20 জানুৱাৰীত মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব বাইডেনে ৷ তেখেতে কয়, মই এইটো দৃষ্টি ৰাখিম যে ক’ভিড 19ৰ ভেকচিন সকলো লোকৰ বাবে বিনামূলীয়া আৰু সহজলভ্য হওক ৷ ইয়াৰ লগতে কিছু পৰিস্থিতি সাপেক্ষে ইয়াৰ পৰা সৃষ্টি হ’ব পৰা বিভিন্ন শাৰিৰীক অসুস্থতাৰ বাবে প্ৰয়োজনীয় ভেকচিনো সকলো লোকৰ বাবে বিনামূলীয়া কৰা হওক ৷

মই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে মোৰ ক্ষমতা অনুসৰি ইয়াৰ নাগৰিকক সঠিক পদক্ষেপ লোৱাৰ বাবে অনুপ্ৰাণিত কৰিম ৷ যেতিয়া তেওঁলোকে দেখিব যে এইয়া গুৰুত্বপূৰ্ণ তেওঁলোকে নিজে এই কামৰ বাবে আগবাঢ়ি আহিব ৷ যাৰ বাবে মোৰ উদ্বোধনী ভাষণত মই সকলো লোককে 100 দিনৰ বাবে মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাইছিলো ৷ ইয়াৰ কাৰণ এইটো নাছিল যে, মই তেওঁলোকক এই কাৰ্যৰ দ্বাৰা শাস্তি প্ৰদান কৰিব বিচৰিছিলো ৷ এইয়া কোনো ৰাজনৈতিক বিষয় নহয় ৷

যতিয়া তেওঁলোকে প্ৰত্যক্ষ কৰিব যে কেৱল 100 দিন মাস্ক পৰিধান কৰাৰ বাবে হাজাৰ হাজাৰ লোক বেমাৰত পৰা নাই তেতিয়া তেওঁলোকে ইয়াৰ গুৰুত্ব নিজে উপলদ্ধি কৰিব ৷ আৰু ইয়াৰ ফলত পৰৱৰ্তী সময়ত তেওঁলোকে দায়িত্বশীল ভাৱে কাম কৰিব ৷

ইয়াৰ উপৰিও আপোনালোকে ৰাজহুৱাকৈ কেইবা মিলিয়ন লোকক ক’ভিড 19ৰ ভেকচিন লোৱা প্ৰথ্যক্ষ কৰিব ৷ কেৱল আমেৰিকাৰ জনসাধাৰণেই নহয় আমেৰিকাৰ ভূতপূৰ্ৱ তিনিগৰাকী ৰাষ্ট্ৰপতিয়েও ৰাজহুৱাকৈ ক’ভিড 19ৰ ভেকচিন গ্ৰহণ কৰিব ৷ ইয়াৰ দ্বাৰা বিজ্ঞানৰ মনত কিছু বিশ্বাস পুণনিৰ্মান কৰিবলৈ সক্ষম হ‘ম যিটো এই প্ৰশাসনৰ সময়ত যথেষ্ট হ্ৰাস পাইছে ৷

উল্লেখ্য যে, শুকুৰবাৰৰ দিনটোত আমেৰিকাত ক’ভিড 19ত আক্ৰান্ত 2,861 গৰাকী লোকৰ মৃত্যু হয় ৷ বৰ্তমানলৈকে আমেৰিকাত 14 মিলিয়ন লোক ক’ভিড 19ত আক্ৰান্ত হোৱাৰ বিপৰীতে 1,75,000 লোক মৃত্যুমুখত পৰিছে ৷

লগতে পঢ়ক-আগন্তুক ১২ ঘণ্টাত 'বুৰেৱী' ঘূৰ্ণীবতাহৰ গতিবেগ হ্ৰাস পোৱাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.