ইণ্টাৰনেশ্যনেল ডেস্ক, ২২ জুন : কেলিফৰ্ণিয়াৰ লজ এঞ্জেলছৰ কমেডীয়ান ডি.এল. হুঘলেৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ । এখন ষ্টেণ্ড-আপ কমেডীত ভাগ লোৱাৰ পিছতে তেওঁ কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি জানিবলৈ দিয়ে কমেডীয়ান গৰাকীয়ে । লগতে তেওঁ থকা হোটেলখনতে ১৪ দিনৰ বাবে কোৱাৰেণ্টাইন হৈ থকাৰ কথা উল্লেখ কৰে হুঘলেয়ে ।
কমেডীয়ান হুঘলেৰ বিষয়ববীয়াই জনোৱা মতে, সপ্তাহজুৰি চলি থকা কাম-কাজ আৰু ভ্ৰমণৰ অন্তত তেওঁ দুৰ্বল হৈ পৰাত চিকিৎসকৰ অনুমতিমৰ্মে তেওঁক হাস্পতালত নিশাটোৰ বাবে ভৰ্তি কৰোৱা হৈছিল ।
বৰ্তমান সুস্থ অনুভৱ কৰা হেতুকে সকলোকে ধন্যবাদ জ্ঞাপন কৰে হুঘলেয়ে । উল্লেখ্য যে, নেশভিল্লেত যেনিছ কমেডী ক্লাৱৰ ষ্টেণ্ড-আপ কমেডী শ্বত ভাগ লোৱা অৱস্থাতে অচেতন হৈ বাগৰি পৰিছিল কমেডীয়ানজন ।
লগতে পঢ়ক : কেৰালাৰ ছবি পৰিচালক কে. আৰ. সচ্ছিদানন্দনৰ দেহাৱসান