ETV Bharat / international

চীনৰ উত্থানে চিন্তাত পেলাইছে নেকি আমেৰিকা যুক্তৰাষ্ট্ৰক ! - আমেৰিকা যুক্তৰাষ্ট্ৰক বিশ্বশান্তিৰ বাবে চূড়ান্ত ভাবুকি আখ্যা চীনা সৈন্যৰ

চীনা সামৰিক বাহিনীৰ ওপৰত পেন্টাগণে প্ৰকাশ কৰা শেহতীয়া তথ্য একেবাৰে আপত্তিজনক বুলি আখ্যা দিয়ে বেইজিঙে ৷ বেইজিঙে আমেৰিকাৰ এই প্ৰতিবেদনক চীনা সামৰিক বাহিনী আৰু সামৰিক আন্তঃগাঁথনিৰ পৰিপন্থী বুলি কোৱাৰ লগতে এয়া সম্পূৰ্ণৰূপে ভুৱা বুলি আখ্যা দিয়ে ৷

আমেৰিকা যুক্তৰাষ্ট্ৰক বিশ্বশান্তিৰ বাবে চূড়ান্ত ভাবুকি আখ্যা চীনা সৈন্যৰ

author img

By

Published : Sep 13, 2020, 8:07 PM IST

নিউজ ডেস্ক, 13 ছেপ্টেম্বৰ : চীনৰ সামৰিক মন্ত্ৰালয়ে দেওবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ সামৰিক মুখ্যালয়ে চীনৰ সামৰিক বাহিনী আৰু সামৰিক আন্তঃগাঁথনিৰ ওপৰত শেহতীয়াকৈ প্ৰকাশ কৰা এক প্ৰতিবেদনৰ পিচতেই আমেৰিকা যুক্তৰাষ্ট্ৰক কঠোৰ ভাষাৰে সমালোচনা কৰে চীনৰ সামৰিক মন্ত্ৰালয়ে ৷ চীনৰ সামৰিক মন্ত্ৰালয়ৰ মতে বিশ্বশান্তিৰ বাবে চূড়ান্ত ভাবুকি হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু তেওঁলোকৰ সামৰিক বাহিনীৰ উচ্ছাকাংক্ষা ৷

পেন্টাগণে বিগত 2 ছেপ্টেম্বৰত প্ৰকাশ কৰা বাৰ্ষিক সামৰিক প্ৰতিবেদনত উল্লেখ কৰা তথ্যৰ আঁত ধৰিয়ে চীনে এইদৰে সমালোচনাৰ লক্ষ্য কৰি লয় আমেৰিকাক ৷ প্ৰতিবেদনখনত আমেৰিকাই চীনৰ সামৰিক কাৰ্যকলাপ তথা সামৰিক বাহিনী আৰু সামৰিক আন্তঃগাঁথনি আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় সামৰিক-নীতি নিয়মৰ পৰিপন্থী বুলি উল্লেখ কৰিছে ৷

লগতে পঢ়ক : ভাৰত-চীন সীমান্তৱৰ্তী সমষ্টি পৰিদৰ্শন অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

চীনৰ সামৰিক মন্ত্ৰালয়ৰ মুখপাত্ৰ কৰ্ণেল ৱু কুৱানে এই প্ৰতিবেদনক একেবাৰে ভিত্তিহীন বুলি আখ্যা দিয়াৰ লগতে চীনৰ লক্ষ্য আৰু পিপুলছ লিবাৰেশ্বন আৰ্মি তথা 1.4 মিলিয়ন চীনা জনতাৰ বাবে এই প্ৰতিবেদন পৰিপন্থী বুলি উল্লেখ কৰে ৷ বিগত সময়চোৱালৈ ঘুৰি চালে আঞ্চলিক ভিত্তিত অশান্তিৰ সৃষ্টি কৰি আহিছে আমেৰিকাই ৷ আমেৰিকাই আন্তঃৰাষ্ট্ৰীয় নীতি আৰু বিশ্বশান্তিৰ পৰিপন্থী বুলি সামৰিক মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে ৷ ইৰাক,ছিৰিয়া,লিবিয়া আৰু অন্যান্য দেশত বিগত দুটা দশক ধৰি আমেৰিকাই চলোৱা সামৰিক আগ্ৰাসনৰ ফলত সমগ্ৰ বিশ্বতে 8,00,000ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে বুলি উল্লেখ কৰে কৰ্ণেল ৱু কুৱানে ৷ "নিজৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে আমেৰিকাই এটা তথাকথিত আৰু মিছা মন্তব্যৰে চীনৰ সামৰিক বাহিনীৰ লগতে চীনৰ সামৰিক আন্তঃগাঁথনিৰ বিৰুদ্ধে উল্লেখ কৰিছে ৷ আমি আমেৰিকা যুক্তৰাষ্ট্ৰক যুক্তিগতভাৱে আৰু বস্তুনিষ্ঠভাৱে পৰীক্ষা কৰিবলৈ আহ্বান জনাইছো, ভুৱা প্ৰতিবেদন বন্ধ কৰাৰ লগতে দুয়োপক্ষৰ দ্বিপাক্ষিক সামৰিক সম্পৰ্কৰ শক্তিশালী আন্ত-সম্পৰ্ক অটুট ৰখাৰ বাবে আমেৰিকাই চেষ্টা কৰা উচিত ৷" চীনৰ সামৰিক মুখপাত্ৰগৰাকীয়ে এইদৰে উল্লেখ কৰে ৷

লগতে পঢ়ক : চীনৰ বৈদেশিক মন্ত্ৰীৰে মস্কোত মিলিত হ'ব মন্ত্ৰী জয়শংকৰ

150ৰো অধিক পৃষ্ঠাজোৰা আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে প্ৰকাশ কৰা এই প্ৰতিবেদনত পিএলএৰ প্ৰযুক্তিগত সক্ষমতা, প্ৰযুক্তিগত নীতি আৰু চীনৰ সামৰিক গাঁথনিৰ লক্ষ্যৰ ওপৰত আলোকপাত কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই ৷ এই প্ৰতিবেদনখনক আমেৰিকাই চীনৰ ৰাষ্ট্ৰনীতিৰ ব্যৱহাৰিক সঁজুলি বুলি কোৱাৰ লগতে বেইজিঙৰ বৈদেশিক নীতি আৰু আন্তঃৰাষ্ট্ৰীয় পৰিসৰত চীনৰ আগ্ৰাসনৰ বিষয়ে উল্লেখ কৰিছে ৷ অৱশ্যে ইয়াৰ অন্তৰালত থকা বিভিন্ন দিশসমূহ লাহে লাহে খোল খাব বুলিও প্ৰতিবেদনখনত কোৱা হৈছে ৷ প্ৰতিবেদনখনত চীনৰ কমিউনিষ্ট পাৰ্টীৰ বিশেষত্ব হৈছে ইয়াৰ সামৰিক কৌশল, যিটো আজিৰ দিনত বহুটো সামৰিক আন্তঃগাঁথনিয়ে প্ৰতিফলিত কৰিছে যদিও ইয়াক গোপনীয়ভাৱে ৰখা হৈছে, যিটো আমেৰিকাৰ ৰাষ্ট্ৰীয় সংহতি তথা সমগ্ৰ বিশ্বৰ নীতিৰ বিৰোধী তথা পৰিপন্থী বুলি কোৱা হৈছে ৷

লগতে পঢ়ক : প্ৰতিৰক্ষা খণ্ডৰ শক্তিশালী সহযোগিতাৰে জাপান-ভাৰতৰ চুক্তি সম্পাদন

আমেৰিকাৰ সামৰিক সহযোগী টাইৱান সন্দৰ্ভত চীনৰ সামৰিক নীতিৰ বহুখিনি দিশ সাঙুৰি লৈ এই প্ৰতিবেদন প্ৰকাশ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে ৷ চীনে নিজৰ অংশ বুলি দাবী কৰি অহা টাইৱানৰ 23 মিলিয়ন বাসিন্দাৰ লগতে ইয়াৰ ওপৰত চীনে কোনোধৰণৰ আক্ৰমণ সংঘটিত কৰিব বিচাৰিলে ৰাজনৈতিক প্ৰক্ৰিয়াত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব বুলি আমেৰিকাই নিজৰ প্ৰতিবেদনখনত উল্লেখ কৰিছে ৷ ইয়াৰ লগতে বিশ্বৰ সৰ্ববৃহৎ 2 মিলিয়ন সদস্যযুক্ত চীনৰ পিপুলছ লিবাৰেশ্বন আৰ্মীৰ ক্ৰমৱৰ্ধিত আগ্ৰাসন যিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌ-সেনাক ইতিমধ্যেই পিছ পেলাইছে তাকো অন্তৰ্ভুক্ত কৰা হৈছে ৷ আমেৰিকাৰ 293খন জাহাজৰ তুলনাত চীনৰ পিএলএৰ নৌ-সেনাত বৰ্তমানে 350খন জাহাজ আছে যিটো আমেৰিকাৰ বাবে এক সংশয়ৰ কাৰণ হৈ পৰিছে ৷

লগতে পঢ়ক : সীমান্ত উলংঘনৰ অনুমতি নিদিব, সম্পূৰ্ণ অনুশাসন মানি চলক : গ্ৰাউণ্ড কমাণ্ডাৰলৈ সেনাৰ নিৰ্দেশ

চীনে সমসাময়িক সময়ত ভূ-ভাগত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰাই নহয়, ভূ-পৃষ্ঠৰ বেলিষ্টিক আৰু ক্ৰুইজ ক্ষেপনাস্ত্ৰৰ লগতে বিশ্বৰ সৰ্ববৃহৎ এটা একমাত্ৰ দীৰ্ঘদুৰত্বৱৰ্তী পৃষ্ঠভাগৰ পৰা আকাশলৈ প্ৰেৰণ কৰিব পৰা প্ৰণালীৰে সংযুক্ত বাহিনী বুলি প্ৰতিবেদনখনত কোৱা হৈছে ৷ দক্ষিণ চীন সাগৰ, টাইৱান বিবাদ, মানৱাধিকাৰ, প্ৰযুক্তিখণ্ডৰ লগতে ব্যৱসায়ত আমেৰিকা আৰু চীনৰ মাজৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰাৰ সময়তে চীনৰ সামৰিক বাহিনীক লৈ পেন্টাগণে প্ৰকাশ কৰা এই সামৰিক প্ৰতিবেদনক চীনে তীক্ষ্ণভাৱে প্ৰত্যাখ্যান কৰাটোৱে দুয়োখন দেশৰ মাজৰ শীতল যুদ্ধৰ এক অশনি ইংগিতকে কঢ়িয়াই আনিছে ৷

লগতে পঢ়ক : সীমান্তৰ সমস্যা সমাধানৰ বাবে চীন-ভাৰতৰ বৈঠক অব্যাহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.