ETV Bharat / international

অ এম বি নিৰ্দেশক হিচাপে নীৰা টেণ্ডনক মনোনীত কৰাৰ ইচ্ছা বিডেনৰ! - নীৰা টেণ্ডন

যদি আমেৰিকাৰ চিনেটে চূড়ান্ত কৰে, তেন্তে ভাৰতীয় মূলৰ ৫০ বছৰীয়া আমেৰিকান মহিলা নীৰা টেণ্ডন হ'ব হোৱাইট হাউচৰ প্ৰভাৱশালী কাৰ্যালয়ৰ মুৰব্বী । বৰ্তমান তেওঁ চেণ্টাৰ ফৰ আমেৰিকান প্ৰগ্ৰেছৰ মুখ্য কাৰ্যবাহী বিষয়াৰ দায়িত্বত আছে ।

অ এম বি নিৰ্দেশক হিচাপে নীৰা টেণ্ডনক মনোনীত কৰাৰ ইচ্ছা বিডেনৰ!

author img

By

Published : Nov 30, 2020, 4:10 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ৩০ নৱেম্বৰ: ৱাছিংটন পোষ্টত প্ৰকাশিত এক বাতৰি অনুসৰি, ভাৰতীয় মূলৰ আমেৰিকান মহিলা নীৰা টেণ্ডনক হোৱাইট হাউচৰ মেনেজমেণ্ট আৰু বাজেট কাৰ্যালয়ৰ নিৰ্দেশক হিচাপে মনোনীত কৰিব বিচাৰে জ' বিডেনে । এই দায়িত্বভাৰ গ্ৰহণ কৰিলে নীৰা টেণ্ডনে হোৱাইট হাউচৰ প্ৰসাশানীয় বাজেট সংক্ৰান্তীয় সকলো দিশ পৰিচালনা কৰিব লাগিব । টেণ্ডনৰ মনোনয়ন বিডেনৰ পৰিকল্পনাৰ এক অংশ ।

বিডেনে উদাৰ, অৰ্থনৈতিক পৰামৰ্শদাতাৰ এটা দল গঠন কৰাৰ পৰিকল্পনা কৰিছে যিটো দলে কোষাগাৰৰ সচিব হিচাপে মনোনীত জেনেট য়েল্লেনৰ সৈতে কাম কৰিব । সংবাদ মাধ্যমৰ বাতৰিত ইতিমধ্যে টেণ্ডন, য়েল্লেনৰ নাম ঘোষণা হোৱাৰ আশা আছে বুলি চৰ্চা চলিছে । ৱাছিংটন পোষ্টৰ মতে, চৰকাৰী ব্যয়ৰ হ্ৰাস কৰিবলৈ টেণ্ডনৰ ওপৰত যথেষ্ট হেঁচা আহি পৰিব। সম্ভৱতঃ বৰ্তমান অৰ্থনৈতিক মন্দাৱস্থাৰ সময়ত প্ৰশাসনৰ বাজেট পৰিচালনা কৰাতো গুৰুত্বপূৰ্ণ দায়িত্ব হিচাপে পৰিগণিত হ'ব ।

ভাৰতীয় মূলৰ আমেৰিকান নাগৰিকৰ বাবে নীৰা টেণ্ডনক মনোনীত কৰাতো গৌৰৱৰ বিষয় । অৰ্থনৈতিক পৰামৰ্শদাতাৰ চেয়াৰ উইমেন হিচাপে মনোনীত হোৱাৰ ক্ষেত্ৰত চেচিলিয়া ৰাউজৰ নাম চৰ্চালৈ আহিছে। ৰাউজ হৈছে এগৰাকী আফ্ৰিকান মূলৰ আমেৰিকান নাগৰিক । বিডেনে এডেৱালে ৱাল্লে এডেয়েম'ক উপ-কোষাধ্যক্ষ হিচাপে মনোনীত কৰাৰো পৰিকল্পনা কৰিছে বুলি প্ৰকাশ কৰিছে ৱাছিংটন পোষ্টে । মঙলবাৰে নামসমূহ ঘোষণা কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: হোৱাইট হাউছৰ বাবে বাইডেনে নিয়োগ কৰিলে মহিলা প্ৰেছ টীম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.