ETV Bharat / international

গুৰু নানকৰ 551 সংখ্যক জন্ম জয়ন্তীত বাইডেন,হেৰিছৰ শুভেচ্ছা বাণী

author img

By

Published : Dec 1, 2020, 1:07 PM IST

গুৰু নানক দেৱৰ 551 সংখ্যক জন্ম বাৰ্ষিকীত শুভেচ্ছা বাণী প্ৰেৰণ আমেৰিকাৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেন আৰু উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ ৷

Guru Nanak's 551st birth anniversary
জ' বাইডেন আৰু কমলা হেৰিছ

ইন্টাৰনেশ্যনেল ডেস্ক, 1 ডিচেম্বৰ : গুৰু নানক দেৱৰ 551 সংখ্যক জন্ম বাৰ্ষিকীত শুভেচ্ছা বাণী প্ৰেৰণ কৰিছে আমেৰিকাৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেন আৰু উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে ৷ সোমবাৰে দুয়োগৰাকী নেতাই কয় যে,একতাৰ মহান বাণী প্ৰেৰণ কৰা শিখ ধৰ্মৰ প্ৰৱৰ্তকগৰাকীয়ে আমেৰিকাবাসীক এখন দেশ হিচাপে গঢ়ি তোলাত সহায় কৰিছিল ৷

এক যুটীয়া বিবৃতিত বাইডেন আৰু হেৰিছে এনেদৰে মন্তব্য কৰে ৷ গুৰু নানক দেৱৰ 551 সংখ্যক জন্ম বাৰ্ষিকীত আমেৰিকা আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ শিখসকললৈ শুভেচ্ছা বাণী প্ৰেৰণ কৰে বাইডেন আৰু হেৰিছে ৷

দুয়োগৰাকী নেতাই কয় যে, প্ৰায় পাঁচটাকৈ শতক ধৰি গুৰু নানকৰ শিক্ষাসমূহে আমেৰিকাৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ শিখ ধৰ্মাৱলম্বী লোকসকলক মানৱতা, আধ্যাত্মিক জ্ঞান,নৈতিক প্ৰমূল্যবোধ আদিৰ শিক্ষা দি আহিছে ৷

তেওঁলোকে লগতে কয়, "মহামাৰীৰ সময়ছোৱাত সকলোৰে সৈতে থিয় দিয়া শিখ আমেৰিকান সকলক লৈ আমি কৃতজ্ঞ ৷ লগতে মহানুভৱতাৰ পৰিচয় দি গুৰুদ্বাৰসমূহত মহামাৰীৰ ফলত দূৰ্দশাত পৰা লোকসকলক খাদ্যৰ যোগান ধৰা শিখসকলৰ সেৱাক আমি শলাগো ৷"

বিবৃতি লগতে উল্লেখ কৰে,"যিকোনো প্ৰতিবাদৰ সময়ত বিভিন্ন বয়সৰ শিখসকলে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বৰ্ণ আৰু লিংগ সমতা,ধাৰ্মিক বহুত্ববাদ, সত্য আৰু ন্যায়ৰ প্ৰতি নিষ্ঠা প্ৰদৰ্শন - আদি শিখ ধৰ্মৰ মূলমন্ত্ৰ আৰু সেয়েহে আমি সকলো আমেৰিকাবাসী এক হৈ আছো ৷"

আনহাতে, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডুয়েও গুৰু নানকৰ জন্ম জয়ন্তীত শুভেচ্ছা বাণী প্ৰেৰণ কৰে ৷ তেওঁ কয় যে, গুৰু নানক দেৱৰ জন্ম জয়ন্তী শিখ কানাডিয়ান সকলৰ বাবে এক গুৰুত্বপূৰ্ণ দিন ৷

লগতে পঢ়ক : অ এম বি নিৰ্দেশক হিচাপে নীৰা টেণ্ডনক মনোনীত কৰাৰ ইচ্ছা বিডেনৰ!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.