ETV Bharat / international

কেপিট'লৰ হিংসাত্মক কাণ্ডৰ বাবে ট্ৰাম্পক জগৰীয়া বাইডেনৰ - ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প

আমেৰিকাৰ হিংসাত্মক কাণ্ডৰ বাবে ট্ৰাম্পক জগৰীয়া বাইডেনৰ ৷ শাসনকালৰে পৰা ট্ৰাম্পে দেশৰ গণতন্ত্ৰ, সংবিধানক উলংঘা কৰি আহিছে বুলি মন্তব্য কৰে বাইডেনে ৷

জ' বাইডেন
জ' বাইডেন
author img

By

Published : Jan 8, 2021, 6:02 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 8 জানুৱাৰী : সমগ্ৰ বিশ্বক জোকাৰি যোৱা আমেৰিকাৰ কেপিট'লৰ হিংসাত্মক কাণ্ডৰ বাবে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেনে ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক জগৰীয়া কৰিছে ৷

বাইডেনে কয় যে, কংগ্ৰেছৰ যুটীয়া অধিৱেশনত হিংসাত্মক কাৰ্যকলাপ কৰাসকল প্ৰতিবাদী নহয়, তেওঁলোক হৈছে উগ্ৰ বিদ্ৰোহী আৰু ঘৰুৱা সন্ত্ৰাসবাদী ৷

গম্ভীৰ সুৰেৰে বাইডেনে কয়, "ট্ৰাম্পে তেওঁৰ শাসনকালত দেশৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক বিপৰ্যস্ত কৰাৰ চেষ্টা কৰি আহিছে ৷"

যোৱা চাৰিটা বছৰত আমি এনে এজন ৰাষ্ট্ৰপতি লাভ কৰিছো যিজনে আমাৰ গণতন্ত্ৰ, আমাৰ সংবিধান, আইনৰ উলংঘা কৰি আহিছে ৷ তেওঁ আমাৰ গণতান্ত্ৰিক অনুষ্ঠানসমূহক আঘাত কৰি আহিছে আৰু যোৱা কালিৰ ঘটনাই ইয়াৰ চৰম সীমা অতিক্ৰম কৰিলে ৷"

ট্ৰাম্পৰ শতাধিক সমৰ্থকে কেপিট'লত প্ৰৱেশ কৰি অধিবেশনত আমেৰিকান কংগ্ৰেছৰ সদস্যসকলক আক্ৰমণৰ বাবে উদ্যত হৈছিল ৷ ইয়াৰ ফলত সদস্যসকলে অধিবেশন সমাপ্ত কৰি সেই স্থানৰ পৰা পলায়ন কৰিছিল ৷ নিৰ্বাচনত জালিয়াতিৰ বাবে পৰাস্ত হোৱা বুলি দাবী কৰা ট্ৰাম্পে এই প্ৰতিবাদীসকলক কেপিট'লত হিংসা বিয়পাবৰ বাবে সাজু কৰাইছিল ৷

কিন্তু ট্ৰাম্পৰ অভিযোগ উচ্চতম ন্যায়ালয়, দুয়ো দলৰ নিৰ্বাচনী বিষয়া আৰু ট্ৰাম্প দলৰ বিষয়ববীয়াই নস্যাৎ কৰিছিল ৷ ইয়াতো ক্ষান্ত নাথাকি ট্ৰাম্পে কংগ্ৰেছৰ অধিবেশনত হিংসা বিয়পোৱাৰ উদ্দেশ্যে নিজৰ সমৰ্থক প্ৰেৰণ কৰে ৷ ফলত কেপিট'লত বুধবাৰে হিংসাত্মক ৰূপ ধাৰণ কৰে ৷ এই সকলো বাধাৰ মাজতো বুধবাৰে কংগ্ৰেছে পলমকৈ পুনৰ অধিবেশন আৰম্ভ কৰে আৰু বৃহস্পতিবাৰে দোকমোকালিত বাইডেনৰ জয় নিশ্চিত কৰে ৷

লগতে পঢ়ক : মাৰ্কিন কেপিট'ল হিলৰ হিংসাত্মক কাণ্ডক গৰিহণা দিলে ড'নাল্ড ট্ৰাম্পে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.