ETV Bharat / international

পূৱ কেলিফোৰ্নিয়াৰ বনজুঁইত নিহত 5

author img

By

Published : Aug 21, 2020, 2:08 PM IST

কেলিফোৰ্নিয়াৰ পূৱ-উত্তৰৰ ঘন জংঘলত ভয়ংকৰ বনজুঁইৰ ফলত 5 গৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ লগতে ওচৰ-পাজৰৰ অঞ্চলতসমূহ বনজুঁইয়ে চানি ধৰাত উক্ত অঞ্চললৈ শংকাৰ সৃষ্টি হৈছে ৷

At least 5 people killed in Northern California wildfires
পূৱ কেলিফোৰ্নিয়াৰ বনজুঁইত নিহত 5

নিউজ ডেস্ক, 21 আগষ্ট : বৃহস্পতিবাৰে কেলিফোৰ্নিয়াৰ পূৱ-উত্তৰৰ ঘন জংঘলত ভয়ংকৰ বনজুঁইৰ ফলত 5 গৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ লগতে ওচৰ-পাজৰৰ অঞ্চলত বনজুঁই চানি ধৰাৰ বাবে উক্ত অঞ্চলসমূহত শংকাৰ সৃষ্টি হৈছে ৷ Cal Fire ৰ উপ নিৰ্দেশক ডেনিয়েল বেল্টে জনোৱা অনুসৰি, বনজুঁইৰ সূত্ৰপাত হোৱাৰ পিচত 3 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে উক্ত জুইত 30 তকৈ অধিক লোক গুৰুতৰভাবে আহত হয় ৷

আনহাতে, চলোনা আৰু নাপা অঞ্চলত বনজুঁইৰ ফলত গেছ ক্ৰেকাৰত কৰ্মৰত এগৰাকী কৰ্মচাৰীৰ মৃত্যু হোৱা বুলিও জানিব পৰা গৈছে ৷ ইফালে, উক্ত অঞ্চলত অগ্নিনিৰ্বাপনৰ বাবে যোৱা এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাত পাইলটজনে প্ৰাণ হেৰুৱায় ৷

আনহাতে, বনজুঁইৰ সূত্ৰপাত হোৱাৰ পিচত উক্ত অঞ্চলত বজ্ৰ পৰাৰ বাবেও ওচৰ-পাজৰৰ অঞ্চলসমূহলৈ ভাবুকি আহি পৰিছে ৷

উল্লেখ্য যে, সংঘটিত হোৱা বনজুঁইৰ বাবে 175 গৰাকী অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীৰ জীৱনলৈ শংকা নামি অহাৰ লগতে ভিতিগ্ৰস্ত হৈ পৰিছে 50,000 টাকৈ পৰিয়াল ৷ শেহতীয়া তথ্য অনুসৰি, 2 গৰাকী লোক বৰ্তমানেও নিৰুদ্দেশ হৈ আছে ৷

লগতে পঢ়ক : অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৰণোত্তৰ পৰীক্ষা কৰা চিকিৎসকলৈ ভাবুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.