ETV Bharat / international

শীঘ্ৰে ইৰাক ত্যাগ কৰিবলৈ আমেৰিকাৰ নাগৰিকক নিৰ্দেশ - US asks its citizens to depart Iraq immediately

শীঘ্ৰে ইৰাক ত্যাগ কৰিবলৈ আমেৰিকাৰ নাগৰিকক নিৰ্দেশ প্ৰদান কৰিছে বাঘদাদস্থিত আমেৰিকা দূতাবাসে ৷ ছোলেইমানিৰ হত্যাৰ পাচতে উদ্বিগ্নতা বৃদ্ধি পোৱাৰ ফলত এই নিৰ্দেশ জাৰি কৰা হৈছে ৷

ইৰাক ত্যাগ কৰিবলৈ আমেৰিকাৰ নাগৰিকক নিৰ্দেশ
ছোলেইমানিক হত্যা
author img

By

Published : Jan 3, 2020, 6:10 PM IST

ইন্টাৰনেশ্বনেল ডেস্ক, 3 জানুৱাৰী : আমেৰিকাই শুকুৰবাৰে ইৰাকস্থিত আমেৰিকাৰ নাগৰিকসকলক ক্ষিপ্ৰতাৰে ইৰাক ত্যাগ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

বাঘদাদ বিমান বন্দৰত আমেৰিকাই চলোৱা এয়াৰ ষ্ট্ৰাইকৰ ফলত ইৰাণৰ জেনেৰেল কুদচ ফোৰ্চৰ প্ৰধান কাচিম ছোলেইমানিৰ মৃত্যুৰ পাচতে এই নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ বাগদাদৰ বিমানবন্দৰত সংঘটিত উক্ত এয়াৰ ষ্ট্ৰাইকত জেনেৰেল ছোলেইমানিৰ লগতে মোবিলাইজেচন ফৰ্চৰ সহকাৰী কামাণ্ডাৰ আবু মহদী অল-মুহান্দীচৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ নিৰ্দেশত এই এয়াৰ ষ্ট্ৰাইক সংঘটিত হয় ৷ বাঘদাদস্থিত আমেৰিকাৰ দূতাবাসেও নাগৰিকসকলক ইৰাক ভ্ৰমণ নকৰিবলৈ সকীয়াই দিয়াৰ লগতে শেহতীয়া সংবাদৰ বাবে স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ চাই থাকিবলৈ অনুৰোধ কৰিছে ৷

এক বিবৃতিৰ জৰিয়তে আমেৰিকা দূতাবাসে কয় যে, ইৰান সমৰ্থিত সৈন্যই আমেৰিকা দূতাবাস চৌহদত আক্ৰমণ কৰাৰ পাচতে বাণিজ্য সম্বন্ধীয় সকলোবোৰ কাৰ্য বন্ধ কৰি ৰখা হৈছে ৷

বিবৃতিত কোৱা হৈছে, "ইৰাক আৰু দাঁতিকাষৰীয়া অঞ্চলত উদ্বিগ্নতা বৃদ্ধি পোৱাৰ ফলত আমেৰিকা দূতাবাসে জানুৱাৰী 2020 ভ্ৰমণ পৰামৰ্শত সাৱধানবাণী জাৰি কৰিছে আৰু আমেৰিকাৰ নাগৰিকক ইৰাক ত্যাগ কৰিবলৈ আহ্বান জনাইছে ৷ আমেৰিকাৰ নাগৰিকসকলে বিমানেৰে অথবা অন্য পৰিৱহন ব্যৱস্থাৰে ক্ষিপ্ৰতাৰে ইৰাক ত্যাগ কৰা উচিত ৷ এই সম্পৰ্কত দূতাবাসৰ সৈতে সম্পৰ্ক কৰাৰ কোনো প্ৰয়োজন নাই ৷"

উল্লেখ্য যে, ছোলেইমানিৰ হত্যাৰ পাচতে উদ্বিগ্নতা বৃদ্ধি পোৱাৰ লগতে ইৰানে "শক্তিশালী প্ৰতিশোধ" ল'ব বুলি সকীয়াই দিছে ৷

আৰু পঢ়ক : ইৰাণী জেনেৰেল কাচিম ছোলেইমানিৰ এয়াৰ ষ্ট্ৰাইকত মৃত্যু

Intro:Body:Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.