ETV Bharat / international

আমেৰিকানসকলে এক নতুন দিগন্তৰ সূচনা কৰিলে : কমলা হেৰিছ - আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচিত

আমেৰিকাৰ গণতন্ত্ৰৰ ইতিহাসত নতুন দিগন্তৰ সূচনা কৰি প্ৰথমবাৰৰ বাবে হোৱাইট হাউচলৈ নিৰ্বাচিত হ'ল এগৰাকী ভাৰতীয় মুলৰ কৃষ্ণাংগ আমেৰিকান মহিলাই ৷ শনিবাৰে ইতিহাস ৰচনা কৰি আমেৰিকাৰ ইতিহাসৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় কমলা হেৰিছ ৷

আমেৰিকানসকলে এক নতুন দিগন্তৰ সূচনা কৰিলে : কমলা হেৰিছ

author img

By

Published : Nov 8, 2020, 10:54 AM IST

নিউজ ডেস্ক, 8 নৱেম্বৰ : আমেৰিকাৰ সৰ্বোচ্চ কাৰ্য্যালয়ৰ প্ৰথমগৰাকী মহিলা উপ-প্ৰধান হিচাপে নিৰ্বাচিত হোৱাৰ পিচতে ৰাষ্ট্ৰখনৰ জনসাধাৰণক সম্বোধন কৰে কমলা হেৰিছে ৷ শনিবাৰে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি হিচাপে শেষ হাঁহি মাৰে ৰিপাব্লিকান দলৰ পৰা প্ৰতিদ্বন্দিতা কৰা ভাৰতীয় মুলৰ কৃষ্ণাংগ আমেৰিকান মহিলা কমলা হেৰিছে ৷ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিচতে জনসাধাৰণক বৃহৎ হাৰে ওলাই আহি ভোটদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আমেৰিকানবাসীয়ে এক নতুন দিগন্তৰ সূচনা কৰিলে বুলি উল্লেখ কৰে ৷

আমেৰিকানবাসীয়ে সত্যৰ পক্ষত থাকি একতা, সহনশীলতা, বিজ্ঞানৰ ওপৰত বিশ্বাস ৰাখি জ' বিডেনক আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰাৰ বাবে এইদৰে স্পষ্ট বাৰ্তা প্ৰেৰণ কৰা বুলি উল্লেখ কৰে ৷ যেতিয়া শতিকাপুৰণি আমেৰিকাৰ গণতন্ত্ৰই এক অবিশ্বাসনীয় ক্ষণত উপস্থিত হৈছিল সেইসময়ত আমেৰিকানবাসীয়ে জ' বিদেনক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰি এক নতুন দিগন্তৰ সূচনা কৰা বুলি কয় হেৰিছে ৷

বিডেনে ট্ৰাম্পক পৰাজিত কৰি বিশ্বৰ আটাইতকৈ শক্তিশালী গণতন্ত্ৰৰ 46সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় ৷ ইয়াৰ পূৰ্বে বিডেনে আমেৰিকাৰ ইতিহাসত প্ৰথমগৰাকী কনিষ্ঠতম ছিনেটৰ হিচাপে মাত্ৰ 27 বছৰ সময়ত হাউচ অৱ ৰিপ্ৰেজেন্টেটিভলৈ নিৰ্বাচিত হৈছিল আৰু তিনিবাৰকৈ ৰাষ্ট্ৰপতি পদৰ পৰা প্ৰতিদ্বন্দিতাও কৰিছিল ৷ বাৰাক অবামাৰ কাৰ্য্যকালত বিডেন উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল ৷ বিডেনে ট্ৰাম্পৰ তুলনাত 4 মিলিয়ন অধিক ভোট লাভ কৰি সৰ্বমুঠ 74 মিলিয়ন ভোট লাভ কৰে ৷

আমেৰিকানসকলে এক নতুন দিগন্তৰ সূচনা কৰিলে : কমলা হেৰিছ

নিৰ্বাচনত জয় লাভ কৰাৰ পিচতে নিজৰ মাতৃৰ লগতে বিশ্বৰ সকলো মহিলাকে ধন্যবাদ জ্ঞাপন কৰে হেৰিছে ৷ মহিলাসকলৰ নেতৃত্ব শক্তিশালী কৰিবলৈ সকলোকে সপোন দেখিবলৈ আহ্বান জনায় আমেৰিকাৰ নিৰ্বাচিত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ ৱেলমিংটনত প্ৰদান কৰা নিজৰ শক্তিশালী ভাষণত প্ৰতিগৰাকী মহিলাকে আত্মবিশ্বাসেৰে নিজৰ সপোন পূৰণ কৰিবলৈ সকলো কৰ্তব্য নিজা দায়িত্ববোধেৰে সমাজৰ প্ৰতি লক্ষ্য ৰাখি সম্পাদন কৰিবলৈ আহ্বান জনায় কমলা হেৰিছে ৷

লগতে পঢ়ক : মই সকলো আমেৰিকানৰ ৰাষ্ট্ৰপতি হ'ম : জ' বিডেন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.