নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ নিউইয়ৰ্কৰ ব্ৰনস্ক চিৰিখানত জন্তুৰ দেহত COVID-19ৰ অৱস্থিতি লাভ কৰাৰ পাচত চিৰিয়াখানাখনত থকা চাৰিটাকৈ বাঘ আৰু তিনিটা সিংহ COVID-19 ত আক্ৰান্ত ।
নিউইয়ৰ্ক চিৰিয়াখানাৰ পৰিচালক তথা বন্য়প্ৰাণী সংৰক্ষণ সমিতিয়ে জনোৱা অনুসৰি,বিগত ৫ এপ্ৰিলত চিৰিয়াখানাখনৰ এটা বাঘিনীৰ দেহত পোন প্ৰথমবাৰৰ বাবে জন্তুৰ দেহত মহামাৰী COVID-19ৰ অৱস্থিতি লাভ কৰা হৈছিল । তাৰ পাচতে বাঘিনী গৰাকীৰ সংস্পৰ্শলৈ অহা জন্তু কেইটাক ভাইৰাছৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
নাদিয়া নামৰ ৪ বছৰীয়া বাঘিনীজনীৰ গাত প্ৰথমে চৰ্দি,কাহ আৰু জ্বৰৰ লক্ষণ দেখা দিয়ে। আৰু তাৰ কেইদিনমান পাচত চিৰিয়াখানাখনত থকা আন বাঘ আৰু আফ্ৰিকাৰ পৰা অনা তিনিটা সিংহৰ দেহতো একেই লক্ষণ দেখা দিয়াত COVID-19ৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । আৰু পৰীক্ষাৰ অন্ততে জন্তু কেইটা COVID-19ত আক্ৰান্ত বুলি ধৰা পৰে ।
লগতে চাওকঃ NIA আদালতৰ চৌহদৰ পৰা চৰকাৰলৈ বিশেষ দাবী অখিল গগৈৰ