ETV Bharat / international

ম্যানমাৰৰ ৩ নিযুত লোকক মানৱীয় সাহায্যৰ প্ৰয়োজন : UN Emergency Relief Coordinator

সংকটত ম্যানমাৰ(Myanmar)ৰ প্ৰায় ৩ নিযুত লোক । সঘনাই হোৱা সংঘৰ্ষ, নিৰাপত্তাহীনতা, ক'ভিড-১৯ আৰু অৰ্থনীতিৰ মন্দাৱস্থাই জুৰুলা কৰিছে এই লোকসকলক । জীৱনৰ সুৰক্ষাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে দেশখনৰ বহু নাগৰিকে । এই লোকসকলক এতিয়া মানৱীয় সহায়ৰ প্ৰয়োজন ।

3 million across Myanmar in need of humanitarian aid
সংকটত ম্যানমাৰৰ ৩ নিযুত লোক
author img

By

Published : Nov 15, 2021, 11:51 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৫ নৱেম্বৰ : ম্যানমাৰ(Myanmar)ৰ ক্ষমতা সেনাৰ হাতলৈ যোৱাৰ পাচতে দেশৰ বহু নাগৰিকে নিৰাপত্তাহীনতাত ভূগিবলগীয়া হৈছে । ইতিমধ্যে, প্ৰাণৰ মমতাত আপোন ঘৰ, নিজ দেশ এৰি পলায়ন কৰিছে বহু লোকে । এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে সোমবাৰে ৰাষ্ট্ৰসংঘৰ জৰুৰীকালীন সাহাৰ্য সমন্বয়ক( UN Emergency Relief Coordinator) মাৰ্টিন গ্ৰিফিথছে ম্যানমাৰৰ নাগৰিকক লৈ চিন্তা ব্যক্ত কৰিছে ।

তেওঁ কয় যে, বৰ্ধিত সংঘৰ্ষ, নিৰাপত্তাহীনতা, কৰ'ণাCorona)ৰ সংক্ৰমণ আৰু অৰ্থনীতি(Economy)ৰ পুতৌজনক অৱস্থাই জুৰুলা কৰা ম্যানমাৰৰ প্ৰায় নিযুত লোকক বৰ্তমান মানৱীয় সহায়(Humanitarian assistance)ৰ প্ৰয়োজন । মাৰ্টিন গ্ৰিফিথ(Martin Griffiths)ছে কয় যে, ম্যানমাৰত মানৱীয়তাৰ অৱক্ষয় ঘটিছে । দেশখনত হিংসাত্মক পৰিস্থিতিৰ সমাপ্তি আৰু সংকটৰ শান্তিপূৰ্ণ সমাধান নোহোৱা পৰ্যন্ত নাগৰিকসকলে অধিক বিপদৰ সন্মুখীন হ'ব লাগিব ।

চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীত সামৰিক অধিগ্ৰহণৰ পৰিণতিত ম্যানমাৰত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ উৎখাত হৈছিল । ইয়াৰ পিছৰে পৰা সমগ্ৰ দেশজুৰি হিংসাত্মক অভিযান চলায় সেনা বাহিনীয়ে ।

তেওঁলোকৰ বিৰোধিতা কৰা নাগৰিকে দেশত কঠোৰ শাস্তি ভূগিবলগীয়া হয় । সেয়ে, জীৱনৰ সুৰক্ষাৰ স্বাৰ্থত লাখ লাখ লোকে নিজৰ ঘৰ এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে । একে সময়তে ২২৩,০০০ গাৰকী নাগৰিকক আভ্যন্তৰীণভাৱে স্থানচ্যুত কৰা হৈছে । ইয়াৰ ভিতৰত দেশখনৰ দক্ষিণ-পূৱ দিশৰ ১৬৫,০০০ জন লোক আছে । পূৰ্বে ৰাখাইন, চীন, শান আৰু কাচিনত স্থানচ্যুত হোৱা লোকসকলো ইয়াৰ মাজত আছে ।

মানৱীয় পৰিক্ৰমা বিভাগৰ মুৰব্বীয়ে কোৱা মতে, দীৰ্ঘদিন ধৰি চলি অহা স্থানান্তৰকৰণৰ সমস্যা এতিয়াও অমীমাংসিত হৈ আছে । ১,৪৪,০০০ গৰাকী ৰোহিংগীয়া(Rohingya) লোক এতিয়াও ৰাখাইনৰ লগতে আন শিবিৰত আৱদ্ধ হৈ আছে । ২০১২ চনত স্থানচ্যুত হোৱা লোকো এই শিবিৰত আছে । বহু বছৰ ধৰি কাচিন আৰু শানত ১,০৫,০০০ জনৰো অধিক লোক আছে ।

ইয়াংগুন আৰু মান্দালয়কে ধৰি চহৰাঞ্চল আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত হোৱা খাদ্যৰ অভাৱক লৈও তেওঁ উদ্বিগ্ন হৈ পৰে । গ্ৰিফিথছে উল্লেখ কৰা মতে, যোৱা কেই সপ্তাহমান ধৰি, উত্তৰ-পশ্চিম ম্যানমাৰৰ পৰিস্থিতি অতি চিন্তাজনক হৈ পৰিছে ।

ম্যানমাৰৰ সামৰিক বাহিনী, চীন ৰাজ্যৰ চীনলেণ্ড প্ৰতিৰক্ষা বাহিনী(Chinland Defence Force) আৰু মেগৱে আৰু চাগাইং অঞ্চলত পিপলছ ডিফেন্স ফ'ৰ্চৰ মাজত শত্ৰুতা বৃদ্ধি পাইছে । দেশখনত মহিলা আৰু শিশুসহ ৩৭,০০০ তকৈও অধিক লোক নতুনকৈ স্থানান্তৰিত হৈছে আৰু ১৬০ টাতকৈও অধিক ঘৰ জ্বলাই দিয়া হৈছে । ইয়াৰ ভিতৰত আছে গীৰ্জা আৰু এটা মানৱতাবাদী সংগঠনৰ কাৰ্যালয় । সাধাৰণ নাগৰিক, ৰাজহুৱা সম্পত্তি, মানৱতাবাদী কৰ্মী আক্ৰমণৰ বলি হ'বলগীয়া হৈছে ।

এই ঘটনাবোৰ আন্তৰ্জাতিক মানৱীয় আইনৰ অধীনত নিষিদ্ধ বুলি তেওঁ স্পষ্টভাৱে উল্লেখ কৰে আৰু তেওঁ কয় যে, এনে কাৰ্য তাৎক্ষণিকভাৱে বন্ধ কৰা উচিত । মানৱতাবাদী কৰ্মীসকলে এই বছৰত খাদ্য, নগদ ধন আদি সহায় আগবঢ়াইছে ম্যানমাৰৰ প্ৰায় ১.৬৭ নিযুতৰো অধিক লোকলৈ । তেওঁলোকে সহায় কৰাৰ বাবে আগ্ৰহী । কিন্তু সামৰিক বাহিনীৰ দ্বাৰা এই ক্ষেত্ৰক বাধা প্ৰদান কৰা হৈছে ।

কিয়নো, দেশখনত বহুতো লোকৰ প্ৰৱেশাধিকাৰ সীমিত কৰা হৈছে । তেওঁ ম্যানমাৰৰ সশস্ত্ৰ বাহিনী আৰু সকলো পক্ষক সুৰক্ষিত, দ্ৰুত আৰু বাধাহীন মানৱীয় প্ৰৱেশাধিকাৰৰ সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনায় । আন্তঃৰাষ্ট্ৰীয় সংগঠনক সহায়ৰ বাবে পুঁজি যোগান ধৰিবলৈও আহ্বান জনায় মাৰ্টিন গ্ৰিফিথছে ।

লগতে পঢ়ক:কংগনা ৰাণাৱটৰ বিৰুদ্ধে ৰাষ্ট্ৰপতিলৈ পত্ৰ দিল্লী মহিলা আয়োগৰ অধ্যক্ষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.