ETV Bharat / international

নৱবৰ্ষৰ প্ৰথমটো দিনতে হণ্ডুৰাছত ১৮ জনক হত্য়া

author img

By

Published : Jan 2, 2021, 2:59 PM IST

Updated : Jan 2, 2021, 5:00 PM IST

হণ্ডুৰাছ আৰক্ষীৰ মতে নৱবৰ্ষৰ উদযাপনৰ সময়তে সংঘটিত হিংসাত্মক ঘটনাত মৃত্য়ু ১৮ জনকৈ লোকৰ ।

নৱবৰ্ষৰ প্ৰথমটো দিনতে হণ্ডুৰাচত ১৮ জনক হত্য়া

ইন্টাৰনেশ্য়নেল ডেস্ক,২ জানুৱাৰী : নৱবৰ্ষৰ আনন্দ উল্লাহৰ মাজতে মধ্য় আমেৰিকাৰ হণ্ডুৰাছত শোকাবহ ঘটনা । বছৰৰ প্ৰথমটো দিনতে দেশখনত বিভিন্ন হিংসাত্মক ঘটনাত মৃত্য়ু হয় ১৮ জনকৈ লোকৰ । হণ্ডুৰাছ আৰক্ষীয়ে জনোৱা মতে নৱবৰ্ষৰ উদযাপনৰ সময়তে সংঘটিত হৈছে হিংসাত্মক ঘটনাসমূহ ।

ৰিগোবেৰ্টো ৰোড্ৰিগুৱেজৰ আৰক্ষী উপ পৰিদৰ্শকে এটা সংবাদ মাধ্য়মত জনোৱা মতে তুলনা মূলকভাৱে ২০১৯ বৰ্ষতকৈ এইবাৰৰ মৃত্য়ুৰ সংখ্য়া কম কিয়নো ২০১৯ বৰ্ষত নৱবৰ্ষৰ উদযাপনৰ দিনটোত মৃত্য়ু হৈছিল ২৪ গৰাকী লোকৰ । বিষয়াজনে জনোৱা মতে ২০২০ চনত বিভিন্ন হিংসাত্মক ঘটনাত মৃত্য়ু হৈছিল ৩,৪৮২ গৰাকীৰ আৰু ২০১৯ ত মৃত্য়ু হোৱা লোকৰ সংখ্য়া আছিল ৪,০৮২ গৰাকী । ৰাষ্ট্ৰীয় আৰক্ষীৰ মতে দেশখনত ২০২০ চনত ১ লাখ নিবাসীৰ বিপৰীতে ৩৭ টা হত্য়াকাণ্ড সংঘটিত হৈছে আৰু এই সংখ্য়া ২০১৯ চনত আছিল প্ৰায় ৪৫ টা ।

লগতে পঢ়ক :কেলিফৰ্ণিয়া ফিচিং বিলত ট্ৰাম্পৰ ভেট'

Last Updated : Jan 2, 2021, 5:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.