ETV Bharat / international

মাউন্ট কিলিমাঞ্জাৰোত স্থাপন হ’ব কেবল কাৰ

মাউন্ট কিলিমাঞ্জাৰোত কেবল কাৰ স্থাপনৰ সিদ্ধান্ত টানজানিয়া চৰকাৰৰ ৷ মাউন্ট কিলিমাঞ্জাৰোত কেবল কাৰ স্থাপনৰ ক্ষেত্ৰত TANAPAই ইতিমধ্যে সেউজ সংকেত প্ৰদান কৰিছে ৷

Tanzania approves installation of cable car on Mt Kilimanjaro
মাউন্ট কিলিমাঞ্জাৰোৰ ওপৰত স্থাপন হ’ব কেবল কাৰ
author img

By

Published : Dec 12, 2020, 8:21 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 12 ডিচেম্বৰ : আফ্ৰিকাৰ সৰ্বোচ্চ পৰ্বত মাউন্ট কিলিমাঞ্জাৰোত কেবল কাৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে টানজানিয়াৰ চৰকাৰে ৷ শুকুৰবাৰে টানজানিয়া ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ (TANAPA)ৰ ৰাষ্ট্ৰীয় উদ্যান উন্নয়নৰ সহকাৰী সংৰক্ষণ কমিচনাৰ পল বাংগাই জিনহুৱা নিউজ এজেঞ্চিক জনায় যে, মাউন্ট কিলিমাঞ্জাৰোত কেবল কাৰ স্থাপনৰ ক্ষেত্ৰত TANAPAই ইতিমধ্যে সেউজ সংকেত প্ৰদান কৰিছে ৷

তেখেতে আৰু কয়, আমি এই প্ৰকল্পৰ বাবে বিনিয়োগকাৰী বিচৰাৰ পূৰ্বে পৰ্যটন আৰু প্ৰাকৃতিক সম্পদ মন্ত্ৰীৰ নিৰ্দেশলৈ অপেক্ষা কৰি আছো ৷ সমুদ্ৰ পৃষ্ঠৰ পৰা 5,895 মিটাৰ উচ্চতাত অৱস্থিত কিলিমাঞ্জাৰোৰ 3,700 মিটাৰ উচ্চতাত এই কেবল কাৰসমূহ স্থাপন কৰা হ’ব ৷ মাউন্ট কিলিমাঞ্জাৰো হ’ল টানজানিয়াৰ এটি সুপ্ত আগ্নেয়গিৰি ৷ ইয়াৰ উপৰিও ই বিশ্বৰ সৰ্বোচ্চ মুক্ত স্থায়ী পৰ্বত ৷ প্ৰতিবছৰে বিশ্বৰ 50 হাজাৰতকৈয়ো অধিক পৰ্বতাৰোহীয়ে ইয়াৰ শিখৰত উপস্থিত হোৱাৰ বাবে চেষ্টা চলায় ৷

লগতে পঢ়ক-কাবুলত ৰকেট আক্ৰণ, নিহত 1

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.