ইন্টাৰনেশ্যনেল ডেস্ক, 9 মাৰ্চ : সোমবাৰে ছুডানৰ ৰাজধানী খাৰতৌমত প্ৰধানমন্ত্ৰী আব্দাল্লা হেমদকক হত্যাক অপচেষ্টা কৰাৰ কথা প্ৰকাশ কৰিছে সংবাদ মাধ্যমে ৷ প্ৰধানমন্ত্ৰী গৰাকীৰ কনভয়ক আক্ৰমণৰ লক্ষ্য কৰি এক বোমা বিস্ফোৰণ কৰা হৈছিল ৷ হেমদকৰ পৰিয়ালৰ পৰা প্ৰদান কৰা তথ্য অনুসৰি, প্ৰধানমন্ত্ৰী গৰাকী বৰ্তমান সম্পূৰ্ণ সুৰক্ষিত ৷
বৰ্তমানলৈকে এই আক্ৰমণৰ দায়িত্ব কোনো সংগঠন অথবা লোকে মূৰ পাতি লোৱা নাই ৷ উল্লেখ্য যে, যোৱা বছৰৰ আগষ্টত হেমদকক প্ৰধানমন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰা হৈছিল ৷ দেশখনৰ সৈনিক বাহিনীৰ দ্বাৰা পৰিচালিত স্বৈৰতান্ত্ৰিক চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হোৱাৰ পাচতে এপ্ৰিলত ওমৰ অল বাশ্বিৰক প্ৰধানমন্ত্ৰীৰ পদৰ পৰা স্থানচ্যুত কৰি নাগৰিকৰ নেতৃত্বত চৰকাৰ গঠন কৰা হৈছিল ৷
ইয়াৰ পাচতে হেমদকক নিযুক্তি প্ৰদান কৰা হৈছিল আৰু তেওঁ নিশ্চিতি প্ৰদান কৰিছিল যে, 2000 চনত ছুডানৰ ডাৰফুৰ সংঘৰ্ষৰ সময়ত যিসকলে যুদ্ধ, হিংসা আৰু গণহত্যাৰ সৈতে জড়িত আছিল সকলোকে তেওঁৰ চৰকাৰে উপযুক্ত শাস্তি প্ৰদান কৰিব ৷
আৰু পঢ়ক : কৰ'ণাভাইৰাছ আতংক : প্ৰধানমন্ত্ৰী মোডীৰ ঢাকা ভ্ৰমণ বাতিল