ইণ্টাৰনেশ্যনেল ডেস্ক, ১৮ জুন : দক্ষিণ আফ্ৰিকাৰ বটস্বানা(Botswana)ত উদ্ধাৰ হৈছে এটুকুৰা ডাঙৰ আকাৰৰ হীৰা(Diamond)ৰ টুকুৰা । চলিত মাহৰ আৰম্ভণিতে উদ্ধাৰ হোৱা এই হীৰা টুকুৰাটো পৃথিৱীৰ ভিতৰতে তৃতীয় বৃহৎ হীৰাৰ টুকুৰা বুলি অনুমান কৰা হৈছে ।
বটস্বানা চৰকাৰ আৰু ডি বিয়েৰছ গ্ৰুপ (De beers group)ৰ যুটীয়া মালিকানাধীন খনি কোম্পানী দেৱস্বানা (Debswana)ৰ মালিকানাধীন জ্বানেং খনিত ১,০৯৮.৩ কেৰেট ওজনৰ উন্নত মানৰ এই ৰত্ন উদ্ধাৰ হয় । এই সন্দৰ্ভত দেৱস্বানাৰ কাৰ্যকৰী পৰিচালনা সঞ্চালক লিনেট আৰ্মষ্ট্ৰঙে কয় যে, বৃহৎ তথা অত্যাধুনিক হীৰা পাইলট প্ৰকল্পৰ জৰিয়তে তেওঁলোকে ডাঙৰ আকাৰৰ অধিক হীৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰিছে ।
উদ্ধাৰ হোৱা হীৰাৰ টুকুৰাটো দীঘলে ৭৩ মিলিমিটাৰ , ৫২ মিলিমিটাৰ বহল আৰু ২৭ মিলিমিটাৰ ডাঠ । কোম্পানীটোৰ দেৱস্বানাৰ খনিত ৫০ বছৰতকৈও অধিক সময়ৰ ভিতৰত এয়াই আটাইতকৈ ডাঙৰ আকাৰৰ হীৰা বুলি জানিবলৈ দিছে আমষ্ট্ৰঙে । ১৯৬৭ চনত বটস্বানাত হীৰা উদ্ধাৰ কৰা হৈছিল আৰু ১৯৬৯ চনত দেবস্বানাৰ কোম্পানীৰ গঠন হৈছিল । ইয়াৰ পূৰ্বে ১৯৯৩ চনত জ্বানেং খনিত ৪৪৬ কেৰেট ওজনৰ এটা ৰত্ন উদ্ধাৰ হৈছিল ।
তেওঁ জনোৱা মতে, ১ জুনত কেফেণ্টচে ওৰাকেং আৰু ফ'ডিচ' চেলালেডিয়ে প্ৰথমে হীৰাৰ টুকুৰাটো প্ৰত্যক্ষ কৰে । হীৰা উদ্ধাৰ হোৱাৰ তিনিদিনৰ পিছত ৪ জুনত ৱাপুলা গাওলাটলহেৰ নেতৃত্বত এটা দলে এই কথা নিশ্চিত কৰিছিল । ক'ভিডৰ বাবে অৰ্থনীতিৰ মন্দাৱস্থা চলি থকা সময়ত ডাঙৰ হীৰাৰ টুকুৰা উদ্ধাৰ হোৱাটো বটস্বানাৰ অৰ্থনীতিৰ বাবে এক সুখবৰ ভাল ।
লগতে পঢ়ক:আজি মমতা বেৰ্নাজীৰ নিৰ্বাচনী আবেদনৰ শুনানি গ্ৰহণ কৰিব কলকাতা উচ্চ ন্যায়ালয়ে